পিতৰৰ প্ৰথম চিঠি ৪:১-১৯

  • খ্ৰীষ্টৰ দৰে ঈশ্বৰৰ ইচ্ছা পূৰ কৰিবলৈ জীয়াই থাকা (১-৬)

  • সকলো বিষয়ৰ অন্ত কাষ চাপি আহিছে (৭-১১)

  • খ্ৰীষ্টান হোৱাৰ কাৰণে দুখভোগ কৰা (১২-১৯)

 মানুহ হিচাপে থকাৰ সময়ত খ্ৰীষ্টই যিহেতু দুখভোগ কৰিছিল, সেইবাবে তোমালোকেও তেওঁৰ দৰে সেই একেই চিন্তাধাৰা বজাই ৰাখিবলৈ সাজু থাকা। কিয়নো যিজন মানুহে দুখভোগ কৰে, তেওঁ পাপ কৰিবলৈ এৰি দিয়ে ২  যাতে তেওঁ নিজৰ জীৱনৰ বাকী সময়ছোৱাত মানুহৰ ইচ্ছা পূৰ কৰিবলৈ নহয়, ইয়াৰ পৰিৱৰ্তে ঈশ্বৰৰ ইচ্ছা পূৰ কৰিবলৈ জীয়াই থাকে। ৩  কাৰণ জগতৰ লোকসকলৰ দৰে তোমালোকেও আগতে নিৰ্লজ্জভাৱে কৰা পাপ কাম,* নিয়ন্ত্ৰণ নোহোৱাকৈ কামভাব পূৰ কৰা, অতিমাত্ৰা মদ খোৱা, নিয়ন্ত্ৰণ নকৰাকৈ আনন্দ-ফূৰ্তি কৰা, মদ খোৱাৰ প্ৰতিযোগিতা কৰা আৰু ঘৃণনীয় মূৰ্তিপূজা কৰাত যি সময় অতিবাহিত কৰিছিলা, সেয়াই যথেষ্ট আছিল। ৪  কিন্তু এতিয়া তোমালোকে তেওঁলোকৰ লগত বেয়া কামবোৰ কৰিবলৈ এৰি দিছা, সেইবাবে তেওঁলোকে আচৰিত হয় আৰু তোমালোকৰ বিষয়ে বেয়াকৈ কয়। ৫  কিন্তু এই লোকসকলে সেইজনক হিচাপ দিব লাগিব, যিজনে জীৱিত আৰু মৃত লোকসকলৰ ন্যায় কৰিবলৈ সাজু আছে। ৬  আচলতে মৃত লোকসকলকো এই কাৰণে শুভবাৰ্তা শুনোৱা হৈছিল যাতে তেওঁলোকৰ ন্যায় সকলো মানুহৰ দৰে হোৱাৰ সত্ত্বেও তেওঁলোকে ঈশ্বৰৰ পবিত্ৰ শক্তিৰ নিৰ্দেশনাৰ অনুসৰি জীয়াই থাকিব পাৰে। ৭  কিন্তু সকলো বিষয়ৰ অন্ত কাষ চাপি আহিছে। সেইবাবে, সঠিক চিন্তাধাৰা বজাই ৰাখা আৰু প্ৰাৰ্থনাৰ ক্ষেত্ৰত সচেতন হৈ থাকা।* ৮  সকলোতকৈ বেছি এজনে-আনজনক গভীৰ প্ৰেম কৰা, কিয়নো প্ৰেমে বহুতো পাপক ঢাকি দিয়ে। ৯  ভোৰভোৰণি নকৰাকৈ এজনে-আনজনক অতিথি-সৎকাৰ দেখুৱা। ১০  ঈশ্বৰে যি মহা-কৃপা বেলেগ বেলেগ উপায়েৰে দেখুৱাইছে, তোমালোকে তাৰ ভাল প্ৰবন্ধক হোৱা। প্ৰবন্ধক হিচাপে তোমালোকৰ মাজৰ প্ৰতিজনে যি যি বৰদান পাইছা, সেয়া আনৰ সেৱা কৰিবলৈ ব্যৱহাৰ কৰা। ১১  যদি কোনোবাই কয়, তেনেহʼলে ঈশ্বৰৰ পবিত্ৰ বাক্য কওক। যদি কোনোবাই সেৱা কৰে, তেনেহʼলে তেওঁ সেই শক্তিৰ ওপৰত নিৰ্ভৰ হৈ কৰক, যি ঈশ্বৰে দিয়ে যাতে সকলো বিষয়ত যীচু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ মহিমা হয়। মহিমা আৰু শক্তি সদায় কাললৈকে তেওঁৰেই হয়। আমেন। ১২  মৰমৰ ভাইসকল, পৰীক্ষাৰ যি জুইৰে তোমালোকে পাৰ হৈ আছা, তাত আচৰিত নহʼবা। আৰু তোমালোকে এইদৰে নাভাবিবা যে তোমালোকৰ লগত অদ্ভুত কিবা ঘটনা ঘটিছে। ১৩  ইয়াৰ পৰিৱৰ্তে, তোমালোকে এই কথাক লৈ আনন্দ কৰা যে তোমালোকে খ্ৰীষ্টৰ দুখ-কষ্টৰ সহভাগী হৈছা যাতে যেতিয়া তেওঁৰ মহিমা প্ৰকাশ হʼব, তেতিয়া তোমালোকে আৰু বেছিকৈ আনন্দিত হোৱা। ১৪  যদি খ্ৰীষ্টৰ নামৰ কাৰণে তোমালোকক বদনাম* কৰা হৈছে, তেনেহʼলে তোমালোক সুখী, কিয়নো ঈশ্বৰৰ পবিত্ৰ শক্তি আৰু ইয়াৰ মহিমা তোমালোকৰ ওপৰত আছে। ১৫  কিন্তু তোমালোকৰ মাজৰ কোনেও যেন হত্যাকাৰী, চুৰ বা বেয়া কাম কৰা বা আনৰ ব্যক্তিগত বিষয়ত দখল দিয়াৰ কাৰণে দুখভোগ নকৰক। ১৬  কিন্তু যদি কোনোৱে খ্ৰীষ্টান হোৱাৰ কাৰণে দুখভোগ কৰে, তেনেহʼলে তেওঁ লাজ অনুভৱ নকৰক, ইয়াৰ পৰিৱৰ্তে এই নাম বহন কৰাৰ যোগেদি ঈশ্বৰৰ মহিমা কৰক। ১৭  কাৰণ ন্যায় কৰাৰ নিৰ্ধাৰিত সময় আহি পাইছে আৰু এই ন্যায়ৰ আৰম্ভণি ঈশ্বৰৰ ঘৰৰ পৰা হʼব। যদি ইয়াৰ আৰম্ভণি আমাৰ পৰা হয়, তেনেহʼলে তেওঁলোকৰ কি অৱস্থা হʼব, যিসকলে ঈশ্বৰৰ শুভবাৰ্তাৰ অনুসৰি চলিবলৈ অস্বীকাৰ কৰে? ১৮  “যদি এজন ভাল মানুহৰ কাৰণে উদ্ধাৰ পাবলৈ কঠিন হয়, তেনেহʼল তেওঁলোকৰ কি হʼব, যিসকল ভক্তিহীন আৰু পাপী হয়?” ১৯  সেইবাবে, যিসকলে ঈশ্বৰৰ ইচ্ছা পূৰ কৰাৰ কাৰণে দুখভোগ কৰে, তেওঁলোকেও ভাল কাম কৰি নিজকে বিশ্বাসযোগ্য সৃষ্টিকৰ্তাৰ হাতত গতাই দিয়ক।

Footnotes

গ্ৰীক ভাষাত আচেলʼগেইয়া। শব্দকোষ চাওক।
বা “জাগি থাকা।”
বা “তোমালোকক অপমান।”