পিতৰৰ প্ৰথম চিঠি ৫:১-১৪

  • ৰখীয়াৰ দৰে ঈশ্বৰৰ জাকৰ চোৱা-চিতা কৰা (১-৪)

  • নম্ৰ হোৱা আৰু সতৰ্ক হৈ থাকা (৫-১১)

    • নিজৰ চিন্তাৰ বোজা ঈশ্বৰৰ ওপৰত পেলাই দিয়া ()

    • চয়তান গুজৰি থকা সিংহৰ দৰে হয় ()

  • সমাপ্তিৰ শব্দ (১২-১৪)

৫  সেইবাবে, তোমালোকৰ মাজত যিসকল প্ৰাচীন আছে, তেওঁলোকলৈ মোৰ এটা অনুৰোধ আছে,* কিয়নো ময়ো তেওঁলোকৰ দৰে এজন প্ৰাচীন হওঁ আৰু খ্ৰীষ্টৰ দুখ-কষ্টৰ এজন সাক্ষী আৰু সেই মহিমাৰ সহভাগী হওঁ, যি প্ৰকাশ হʼবলগীয়া আছে। মই অনুৰোধ কৰিছোঁ ২  যে তোমালোকে ৰখীয়াৰ দৰে ঈশ্বৰৰ জাকৰ চোৱা-চিতা কৰা, যিসকলৰ দায়িত্ব তোমালোকক দিয়া হৈছে আৰু অধ্যক্ষ হিচাপে* ঈশ্বৰৰ আগত কৰিব লাগিব বুলি নহয়, কিন্তু আনন্দেৰে সেৱা কৰা। তোমালোকে লোভ কৰি আনৰ সুযোগ লৈ নহয়, কিন্তু নিজ ইচ্ছাৰে সেৱা কৰা। ৩  আৰু যিসকল ঈশ্বৰৰ সম্পত্তি হয়, তেওঁলোকৰ ওপৰত অধিকাৰ নচলাবা, ইয়াৰ পৰিৱৰ্তে জাকৰ কাৰণে এক উদাহৰণ হোৱা। ৪  আৰু যেতিয়া প্ৰধান ৰখীয়া প্ৰকাশ হʼব, তেতিয়া তোমালোকে মহিমাৰ সেই কিৰীটি পাবা, যাৰ শোভা কেতিয়াও শেষ নহʼব। ৫  ঠিক সেইদৰে ডেকাসকল, মই তোমালোকক অনুৰোধ কৰিছোঁ যে বৃদ্ধসকলৰ* অধীনত থাকা। আৰু তোমালোক সকলোৱে এজনে-আনজনৰ লগত নম্ৰতাৰে ব্যৱহাৰ কৰা,* কিয়নো ঈশ্বৰে অহংকাৰী লোকসকলক বিৰোধ কৰে, কিন্তু নম্ৰ লোকসকলৰ ওপৰত মহা-কৃপা কৰে। ৬  সেইবাবে, ঈশ্বৰৰ শক্তিশালী হাতৰ অধীনত নিজকে নম্ৰ কৰা যাতে তেওঁ সঠিক সময়ত তোমালোকক ওখ কৰে। ৭  আৰু তোমালোকৰ সকলো চিন্তাৰ* বোজা তেওঁৰ ওপৰত পেলাই দিয়া, কিয়নো তোমালোকৰ কাৰণে তেওঁ চিন্তা কৰে। ৮  তোমালোকে সচেতন আৰু সতৰ্ক হৈ থাকা! তোমালোকৰ শত্ৰু চয়তান* গুজৰি থকা সিংহৰ দৰে কাক ফালি খাম, এই সুযোগত ঘূৰি ফুৰিছে। ৯  কিন্তু তোমালোকে বিশ্বাসত মজবুত হৈ তাৰ সন্মুখীন হোৱা, কিয়নো তোমালোকে জানা যে গোটেই পৃথিৱীত সিঁচৰিত হৈ থকা তোমালোকৰ ভাইসকলেও এনে ধৰণৰ দুখ-কষ্ট ভুগি আছে। ১০  কিন্তু এই দুখ-কষ্ট তোমালোকে কেৱল অলপ দিনৰ কাৰণেহে ভুগিব লাগিব, ইয়াৰ পাছত ঈশ্বৰে, যিজনে সকলো ধৰণৰ মহা-কৃপা কৰে, তেওঁ তোমালোকৰ প্ৰশিক্ষণ শেষ কৰিব। তেওঁ তোমালোকক সদায় বৰ্তি থকা মহিমা পাবলৈ নিমন্ত্ৰণ কৰিছে, কিয়নো তোমালোক খ্ৰীষ্টৰ লগত একতাত আছা। তেওঁ তোমালোকক মজবুত কৰিব, শক্তিশালী কৰি তুলিব আৰু দৃঢ়তাৰে থিয় কৰাব। ১১  শক্তি সদায় কাললৈকে তেওঁৰেই থাকক। আমেন। ১২  চীল,* যিজনক মই বিশ্বাসযোগ্য ভাই বুলি মানোঁ, তেওঁৰ যোগেদি মই তোমালোকলৈ কিছু কথা লিখিছোঁ যাতে তোমালোকক উৎসাহিত কৰিব পাৰোঁ আৰু তোমালোকৰ বিশ্বাস জন্মাব পাৰোঁ যে এয়াই ঈশ্বৰৰ প্ৰকৃত মহা-কৃপা হয়। তোমালোকে এই মহা-কৃপাত দৃঢ়তাৰে থিয় হৈ থাকা। ১৩  তেওঁ, যিজন বাবিলত আছে আৰু তোমালোকৰ দৰে বাছনি কৰা লোক হয়, তোমালোকক নমস্কাৰ জনাইছে আৰু মোৰ লʼৰা মাৰ্কেও তোমালোকক নমস্কাৰ জনাইছে। ১৪  প্ৰেমৰ চুমাৰে এজনে-আনজনক নমস্কাৰ কৰা। মোৰ প্ৰাৰ্থনা এই যে তোমালোক সকলো, যিসকল খ্ৰীষ্টৰ লগত একতাত আছা, তোমালোকলৈ শান্তি হওক।

Footnotes

বা “তেওঁলোকলৈ মই এটা নিবেদন কৰিছোঁ।”
বা “জাকৰ ওপৰত ভালদৰে দৃষ্টি ৰাখি।”
বা “প্ৰাচীনসকলৰ।”
বা “নম্ৰতাক পিন্ধি লোৱা।”
বা “দুখ-বেদনাৰ।”
আক্ষ., “দিয়াবল।” শব্দকোষ চাওক।
বা “চীলবান।”