যোহনৰ প্ৰথম চিঠি ২:১-২৯

  • যীচু শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তোলোঁতা বলিদান হয় (১, ২)

  • তেওঁৰ আজ্ঞা পালন কৰা (৩-১১)

    • পুৰণি আৰু নতুন আজ্ঞা (৭, ৮)

  • লিখাৰ কাৰণ (১২-১৪)

  • জগতক প্ৰেম নকৰিবা (১৫-১৭)

  • খ্ৰীষ্টৰ বিৰোধীবিলাকৰ বিষয়ে সাৱধানবাণী (১৮-২৯)

 মোৰ মৰমৰ সন্তানসকল, মই তোমালোকক এইবোৰ কথা লিখাৰ কাৰণ হৈছে যাতে তোমালোকে কোনো পাপ নকৰা আৰু যদি কাৰোবাৰ পৰা পাপ হৈ যায়, তেনেহʼলে আমাৰ কাৰণে পিতৃৰ লগত এজন সহায়কৰ্তা* আছে অৰ্থাৎ যীচু খ্ৰীষ্ট, যিজনে ঈশ্বৰৰ দৃষ্টিত যি সঠিক, সেয়াই কৰে। ২  তেওঁ আমাৰ পাপৰ কাৰণে এনে বলিদান হয়, যি ঈশ্বৰৰ লগত আমাৰ শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তোলে* আৰু কেৱল আমাৰ পাপৰ কাৰণে নহয়, ইয়াৰ পৰিৱৰ্তে গোটেই জগতৰ পাপৰ কাৰণে। ৩  যদি আমি তেওঁৰ আজ্ঞা পালন কৰি থাকোঁ, তেনেহʼলে ইয়াৰ পৰা আমাৰ অনুভৱ হয় যে আমি তেওঁক জানোঁ। ৪  যিজনে কয়, “মই তেওঁক জানিলোঁ,” তথাপি তেওঁৰ আজ্ঞাবোৰ পালন নকৰে, তেনেহʼলে তেওঁ মিছলীয়া আৰু এনে মানুহৰ ভিতৰত সত্যতা নাই। ৫  কিন্তু যি কোনোৱে তেওঁৰ আজ্ঞা পালন কৰে, সঁচাকৈ সেই মানুহজনৰ অন্তৰত ঈশ্বৰৰ প্ৰতি থকা প্ৰেম সম্পূৰ্ণৰূপে দেখিবলৈ পোৱা যায়। আৰু ইয়াৰ পৰাই আমি জানিব পাৰোঁ যে আমি তেওঁৰ লগত একতাত আছোঁ। ৬  যিজনে কয়, মই তেওঁৰ লগত একতাত আছোঁ, তেওঁৰ কৰ্তব্য হয় যে তেওঁ সেইদৰে জীৱন-যাপন কৰক, যিদৰে যীচুৱে কৰিছিল।* ৭  মৰমৰ ভাইসকল, মই তোমালোকক যি লিখি আছোঁ, সেয়া কোনো নতুন আজ্ঞা নহয়, ইয়াৰ পৰিৱৰ্তে সেই পুৰণি আজ্ঞাই হয়, যি তোমালোকে আগতে পাইছিলা। এই পুৰণি আজ্ঞা সেই বাক্য হয়, যি তোমালোকে শুনিছিলা। ৮  তথাপি মই তোমালোকক এই আজ্ঞাটোকে এক নতুন আজ্ঞাৰ দৰে লিখি আছোঁ, যি খ্ৰীষ্টই পালন কৰিছিল আৰু তোমালোকেও পালন কৰা, কিয়নো অন্ধকাৰ নাইকিয়া হৈ গৈ আছে আৰু প্ৰকৃত পোহৰ এতিয়াৰে পৰা জিলিকি উঠিছে। ৯  যিজনে কয় মই পোহৰত আছোঁ, তথাপি নিজৰ ভাইক ঘিণ কৰে, তেওঁ এতিয়ালৈকে অন্ধকাৰত আছে। ১০  যিজনে নিজৰ ভাইক প্ৰেম কৰে, তেওঁ পোহৰতেই থাকে আৰু তেওঁৰ বাবে উজুটি খোৱাৰ কোনো কাৰণ নাথাকে। ১১  কিন্তু যিজনে নিজৰ ভাইক ঘিণ কৰে, তেওঁ অন্ধকাৰত আছে আৰু অন্ধকাৰত চলি আছে আৰু তেওঁ নাজানে যে কʼলৈ গৈ আছে, কিয়নো অন্ধকাৰে তেওঁৰ চকু অন্ধ কৰি দিছে। ১২  মৰমৰ সন্তানসকল, মই তোমালোকলৈ লিখাৰ কাৰণ হৈছে যে তেওঁৰ নামৰ কাৰণে তোমালোকৰ পাপ ক্ষমা কৰা হʼল। ১৩  পিতৃসকল, মই তোমালোকলৈ লিখাৰ কাৰণ হৈছে যে তোমালোকে যীচুক* জানিলা, যিজন আৰম্ভণিৰে পৰা আছে। ডেকাসকল, মই তোমালোকলৈ লিখাৰ কাৰণ হৈছে যে তোমালোকে চয়তানক* জয় কৰিলা। সন্তানসকল, মই তোমালোকলৈ লিখাৰ কাৰণ হৈছে যে তোমালোকে পিতৃক জানিলা। ১৪  পিতৃসকল, মই তোমালোকলৈ লিখাৰ কাৰণ হৈছে যে তোমালোকে যীচুক জানিলা, যিজন আৰম্ভণিৰে পৰা আছে। ডেকাসকল, মই তোমালোকলৈ লিখাৰ কাৰণ হৈছে যে তোমালোক বলৱান হোৱা আৰু ঈশ্বৰৰ বাক্য তোমালোকৰ ভিতৰত আছে আৰু তোমালোকে চয়তানক জয় কৰিলা। ১৫  তোমালোকে জগতক আৰু জগতৰ বস্তুবোৰক প্ৰেম নকৰিবা। যদি কোনোবাই জগতক প্ৰেম কৰে, তেনেহʼলে পিতৃৰ প্ৰতি তেওঁৰ প্ৰেম নাই। ১৬  কিয়নো জগতত যিবোৰ আছে অৰ্থাৎ শৰীৰৰ অভিলাষ, চকুৰ অভিলাষ আৰু নিজৰ বস্তুবোৰক* লৈ গৰ্ব কৰা,* এইবোৰ ঈশ্বৰৰ ফালৰ পৰা নহয়, ইয়াৰ পৰিৱৰ্তে জগতৰ ফালৰ পৰা হয়। ১৭  ইয়াৰ উপৰিও, এই জগত আৰু ইয়াৰ অভিলাষবোৰ নাইকিয়া হৈ গৈ আছে, কিন্তু যিজনে ঈশ্বৰৰ ইচ্ছা পূৰ কৰে, তেওঁ সদায় কাললৈকে থাকিব। ১৮  মৰমৰ সন্তানসকল, এয়া শেষ সময় হয় আৰু যিদৰে তোমালোকে শুনিলা, খ্ৰীষ্টৰ বিৰোধী আহি আছে, আনকি খ্ৰীষ্টৰ এনে বহুতো বিৰোধী ইতিমধ্যে আহি গʼল। ইয়াৰ পৰা আমি জানিব পাৰোঁ যে এয়া শেষ সময় হয়। ১৯  তেওঁলোকে আমাৰ মাজৰ পৰাই ওলাই গৈছিল, কিন্তু তেওঁলোক আমাৰ দৰে নাছিল, তেওঁলোক আমাৰ দৰে হোৱা হʼলে আমাৰ লগতে থাকিলেহেঁতেন, কিন্তু তেওঁলোক ওলাই গুচি গʼল যাতে এয়া স্পষ্টকৈ প্ৰমাণ হয় যে সকলোৱে আমাৰ দৰে নহয়। ২০  পবিত্ৰ ঈশ্বৰে তোমালোকক অভিষিক্ত কৰিছে, সেইবাবে তোমালোক সকলোৰে জ্ঞান আছে। ২১  তোমালোকে সত্যতা নাজানা বুলি মই তোমালোকলৈ লিখিছোঁ এনে নহয়, ইয়াৰ পৰিৱৰ্তে তোমালোকে সত্যতা জানা আৰু সত্যতাৰ পৰা কোনো ধৰণৰ মিছা নোলায় বুলি মই তোমালোকলৈ লিখিছোঁ। ২২  মিছলীয়া কোন হয়? সেইজনেই নহয় নে, যিজনে যীচুৱেই খ্ৰীষ্ট হয় বুলি অস্বীকাৰ কৰে? তেৱেঁই খ্ৰীষ্টৰ বিৰোধী হয়, যিজনে পিতৃক আৰু পুত্ৰক অস্বীকাৰ কৰে। ২৩  যিজনে পুত্ৰক অস্বীকাৰ কৰে, তেওঁৰ লগত পিতৃ নাই। আৰু যিজনে পুত্ৰক স্বীকাৰ কৰে, তেওঁৰ লগত পিতৃ আছে। ২৪  তোমালোকে আৰম্ভণিৰে পৰা যি শুনিছিলা, সেয়া তোমালোকৰ অন্তৰত থাকক। তোমালোকে আৰম্ভণিতে যি শুনিছিলা, সেয়া যদি তোমালোকৰ হৃদয়ত থাকে, তেনেহʼলে তোমালোকে পুত্ৰৰ লগত আৰু পিতৃৰ লগতো একতাত থাকিবা। ২৫  ইয়াৰ উপৰিও, তেওঁ নিজে আমাৰ লগত যি প্ৰতিজ্ঞা কৰিছে, সেয়া হৈছে অনন্ত জীৱন। ২৬  মই তোমালোকক এইবোৰ কথা কোৱাৰ কাৰণ হৈছে যে কিছুমান লোকে তোমালোকক ভুল পথলৈ নিবলৈ চেষ্টা কৰি আছে। ২৭  ঈশ্বৰে যি পবিত্ৰ শক্তিৰে তোমালোকক অভিষিক্ত কৰিলে, সেয়া তোমালোকৰ অন্তৰত থাকে। এতিয়া আন কোনোবাই তোমালোকক শিকোৱাটো প্ৰয়োজন নাই। কিন্তু ঈশ্বৰে তোমালোকক অভিষিক্ত কৰাৰ যোগেদি তোমালোকক সকলো কথা শিকাই আছে। তোমালোকৰ অভিষেক সত্য হয়, মিছা নহয়। তোমালোকক অভিষিক্ত কৰাৰ যোগেদি যি শিকোৱা হৈছে, সেই অনুসৰি তোমালোকে ঈশ্বৰৰ লগত একতাত থাকা। ২৮  সেইবাবে মৰমৰ সন্তানসকল, তেওঁৰ লগত একতাত থাকা যাতে যেতিয়া তেওঁক প্ৰকাশ কৰা হʼব, তেতিয়া আমাৰ ওচৰত সংকোচ নকৰাকৈ কʼবলৈ সাহস থাকে আৰু তেওঁৰ উপস্থিতিৰ সময়ছোৱাত আমি যেন লাজ পাই তেওঁৰ পৰা দূৰলৈ নাযাওঁ। ২৯  যদি তোমালোকে জানা যে তেওঁ ভাল ব্যক্তি হয়, তেনেহʼলে তোমালোকে এয়াও জানা যে যিজনে ভাল কাম কৰে, তেওঁ ঈশ্বৰৰ সন্তান হয়।

Footnotes

বা “আমাৰ পক্ষে কওঁতা।”
বা “যি প্ৰায়শ্চিত্তৰ বলিদান হয়; যিয়ে ঈশ্বৰক আনন্দিত কৰে।”
আক্ষ., “সেইদৰেই চলি থাকক, যিদৰে তেওঁ চলিছিল।”
আক্ষ., “তেওঁক।”
আক্ষ., “সেই দুষ্টক।”
বা “জীৱনৰ সাধনক।”
বা “লৈ ফিতাহি মৰা।”