যোহনৰ প্ৰথম চিঠি ৩:১-২৪

  • আমি ঈশ্বৰৰ সন্তান হওঁ (১-৩)

  • ঈশ্বৰৰ সন্তান; চয়তানৰ সন্তান (৪-১২)

    • যীচুৱে চয়তানৰ কামবোৰক নষ্ট কৰি দিব ()

  • এজনে-আনজনক প্ৰেম কৰা (১৩-১৮)

  • ঈশ্বৰ আমাৰ হৃদয়তকৈ মহান (১৯-২৪)

 চোৱা! পিতৃয়ে আমাক ইমান প্ৰেম কৰে যে তেওঁ আমাক নিজৰ সন্তান বুলি মতাৰ সন্মান দিছে আৰু আমি সঁচাকৈ তেওঁৰ সন্তান হওঁ! এই জগতে আমাক নাজানে, কিয়নো জগতে পিতৃক নাজানে। ২  মৰমৰ ভাইসকল, এতিয়া আমি ঈশ্বৰৰ সন্তান হওঁ, কিন্তু আমি ভৱিষ্যতে কি হʼম, সেয়া এতিয়ালৈকে প্ৰকাশ কৰা হোৱা নাই। আমি এয়া নিশ্চয় জানোঁ যে যেতিয়া তেওঁ প্ৰকাশ হʼব, তেতিয়া আমি তেওঁৰ নিচিনা হʼম, কিয়নো তেওঁ যেনেকুৱা আছে, আমি তেওঁক তেনেকুৱাই দেখিম। ৩  আৰু যি কোনোৱে তেওঁৰ ওপৰত আশা ৰাখে, তেওঁ নিজকে শুচি কৰে, কিয়নো তেওঁ শুচি হয়। ৪  যি কোনোৱে পাপ কৰি থাকে, তেওঁ নিয়ম ভংগ কৰে। পাপ কৰাৰ অৰ্থ হৈছে নিয়ম ভংগ কৰা। ৫  তোমালোকে এয়াও জানা যে যীচুৱে আমাৰ পাপ উঠাই লৈ যাবলৈ আহিছিল* আৰু তেওঁত কোনো পাপ নাই। ৬  যি কোনোৱে তেওঁৰ লগত একতাত থাকে, তেওঁ পাপ কৰি নাথাকে। যি কোনোৱে পাপ কৰাত লাগি থাকে, তেওঁ যীচুক দেখাও নাই আৰু তেওঁক জনাও নাই। ৭  মৰমৰ সন্তানসকল, কোনেও যেন তোমালোকক ভুল পথলৈ নিনিয়ক। যিজনে ভাল কামত লাগি থাকে, তেওঁ ভাল মানুহ হয়, যিদৰে যীচু ভাল ব্যক্তি হয়। ৮  যিজনে পাপ কৰি থাকে, তেওঁ চয়তানৰ* পৰা হয়, কিয়নো চয়তানে আৰম্ভণিৰে পৰা পাপ কৰি আহিছে। ঈশ্বৰৰ পুত্ৰক এই উদ্দেশ্যেৰে প্ৰকাশ কৰা হৈছে যাতে তেওঁ চয়তানৰ কামবোৰক নষ্ট কৰে। ৯  যিজন ঈশ্বৰৰ সন্তান হয়, তেওঁ পাপ কৰি নাথাকে, কিয়নো ঈশ্বৰৰ পবিত্ৰ শক্তি* তেওঁৰ অন্তৰত থাকে আৰু তেওঁ পাপ কৰি থাকিব নোৱাৰে, কিয়নো তেওঁ ঈশ্বৰৰ সন্তান হয়। ১০  ঈশ্বৰৰ সন্তান আৰু চয়তানৰ সন্তানৰ চিনাক্ত এই কথাৰ পৰা হয়: যিজনে ভাল কাম কৰি নাথাকে, তেওঁ ঈশ্বৰৰ পৰা নহয় আৰু যিজনে নিজৰ ভাইক প্ৰেম নকৰে, তেৱোঁ ঈশ্বৰৰ সন্তান নহয়। ১১  কাৰণ আৰম্ভণিৰে পৰা তোমালোকে এয়েই বাৰ্তা শুনিছা যে আমি এজনে-আনজনক প্ৰেম কৰা উচিত। ১২  আৰু আমি কয়িনৰ দৰে হোৱা উচিত নহয়, যিজন চয়তানৰ পৰা আছিল আৰু যিজনে নিজৰ ভায়েকক নিষ্ঠুৰতাৰে হত্যা কৰিলে। তেওঁ কিয় নিজৰ ভায়েকক হত্যা কৰিলে? কিয়নো কয়িনৰ কাম দুষ্ট আছিল, কিন্তু তেওঁৰ ভায়েকৰ কাম ভাল আছিল। ১৩  ভাইসকল, এই কথাত আচৰিত নহʼবা যে জগতে তোমালোকক ঘৃণা কৰে। ১৪  আমি জানোঁ যে কʼবলৈ গʼলে আমি মৃত অৱস্থাত আছিলোঁ, কিন্তু এতিয়া জীৱিত হʼলোঁ, কিয়নো আমি ভাইসকলক প্ৰেম কৰোঁ। যিজনে প্ৰেম নকৰে, কʼবলৈ গʼলে তেওঁ এতিয়াও মৃত অৱস্থাতে আছে। ১৫  যিজনে নিজৰ ভাইক ঘিণ কৰে, তেওঁ হত্যাকাৰী হয় আৰু তোমালোকে জানা যে কোনো হত্যাকাৰীয়ে অনন্ত জীৱন নাপাব। ১৬  প্ৰেম কি হয়, এয়া আমি এই কথাৰ পৰা জানিব পাৰিলোঁ যে যীচু খ্ৰীষ্টই আমাৰ কাৰণে নিজৰ জীৱন দিলে আৰু আমিও নিজৰ ভাইসকলৰ কাৰণে নিজৰ জীৱন দিয়াটো আমাৰ কৰ্তব্য হয়। ১৭  কিন্তু যদি কাৰোবাৰ ওচৰত জীৱন-যাপন কৰিবলৈ সকলো আছে আৰু তেওঁ দেখে যে তেওঁৰ ভাই অভাৱত আছে, তথাপি তেওঁক দয়া দেখুৱাবলৈ অস্বীকাৰ কৰে, তেনেহʼলে এয়া কেনেকৈ কʼব পাৰি যে তেওঁ ঈশ্বৰক প্ৰেম কৰে? ১৮  মৰমৰ সন্তানসকল, আমি কেৱল কথাৰে বা জিভাৰে নহয়, ইয়াৰ পৰিৱৰ্তে নিজৰ কামৰ যোগেদি দেখুৱা উচিত যে আমি আন্তৰিকতাৰে প্ৰেম কৰোঁ। ১৯  এইদৰে আমি জানিব পাৰিম যে আমি সত্যৰ ফলীয়া হওঁ আৰু নিজৰ হৃদয়ত বিশ্বাস জন্মাওঁ যে ঈশ্বৰে আমাক প্ৰেম কৰে। ২০  আমাৰ হৃদয়ে আমাক কোনো কথাৰ কাৰণে দোষী কৰিলেও আমি মনত ৰাখোঁ যে ঈশ্বৰ আমাৰ হৃদয়তকৈ মহান হয় আৰু তেওঁ সকলো জানে। ২১  মৰমৰ ভাইসকল, যদি আমাৰ হৃদয়ে আমাক দোষী নকৰে, তেনেহʼলে আমি ঈশ্বৰৰ লগত সংকোচ নকৰাকৈ কথা পাতিব পাৰোঁ। ২২  আৰু আমি তেওঁৰ পৰা যিয়েই বিচাৰোঁ, সেয়া তেওঁ আমাক দিয়ে, কিয়নো আমি তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ আৰু তেওঁৰ দৃষ্টিত যি ভাল, সেয়াই কৰোঁ। ২৩  আচলতে, তেওঁৰ আজ্ঞা এয়া যে আমি যেন তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টৰ নামত বিশ্বাস কৰোঁ আৰু এজনে-আনজনক প্ৰেম কৰোঁ, যিদৰে তেওঁ আমাক আজ্ঞা দিছে। ২৪  আৰু যিজনে ঈশ্বৰৰ আজ্ঞা পালন কৰে, তেওঁ ঈশ্বৰৰ লগত একতাত থাকে আৰু ঈশ্বৰেও তেওঁৰ লগত একতাত থাকে। তেওঁ আমাক যি পবিত্ৰ শক্তি দিছে, তাৰ পৰা জানিব পাৰি যে তেওঁ আমাৰ লগত একতাত আছে।

Footnotes

আক্ষ., “তেওঁক প্ৰকাশ কৰা হʼল।”
আক্ষ., “দিয়াবল।” শব্দকোষ চাওক।
আক্ষ., “ঈশ্বৰৰ বীজ।”