যোহনৰ প্ৰথম চিঠি ৪:১-২১

  • বাৰ্তা চালি-জাৰি চোৱা (১-৬)

  • ঈশ্বৰক জানা আৰু তেওঁক প্ৰেম কৰা (৭-২১)

    • “ঈশ্বৰ প্ৰেম” (, ১৬)

    • প্ৰেমত ভয় নাথাকে (১৮)

 মৰমৰ ভাইসকল, এনে সকলো বাৰ্তাৰ ওপৰত বিশ্বাস নকৰিবা, যিবোৰ ঈশ্বৰৰ ফালৰ পৰা আহিছে বুলি দাবী কৰা হয়। ইয়াৰ পৰিৱৰ্তে, সেইবোৰ পৰীক্ষা কৰিবা যে সেয়া সঁচাকৈ ঈশ্বৰৰ ফালৰ পৰা হয় নে নহয়, কিয়নো জগতত বহুতো মিছা ভৱিষ্যবক্তা ওলাইছে। ২  কোনো বাৰ্তা ঈশ্বৰৰ ফালৰ পৰা হয় নে নহয়, সেয়া তোমালোকে এইদৰে জানিব পাৰা: যি বাৰ্তাত এয়া স্বীকাৰ কৰা হয় যে যীচু খ্ৰীষ্ট হাড়-মাংসৰ মানুহ হৈ পৃথিৱীলৈ আহিছিল, সেই বাৰ্তা ঈশ্বৰৰ ফালৰ পৰা হয়। ৩  কিন্তু যি বাৰ্তাই যীচুৰ বিষয়ে এই কথা স্বীকাৰ নকৰে, সেয়া ঈশ্বৰৰ ফালৰ পৰা নহয়। ইয়াৰ পৰিৱৰ্তে, এয়া খ্ৰীষ্টৰ বিৰোধীৰ ফালৰ পৰা হয়। তোমালোকে শুনিছিলা যে খ্ৰীষ্টৰ বিৰোধীয়ে এই বাৰ্তা শুনাব আৰু এতিয়া সঁচাকৈ এই বাৰ্তা জগতত শুনোৱা হৈছে। ৪  মৰমৰ সন্তানসকল, তোমালোক ঈশ্বৰৰ ফালৰ পৰা হোৱা আৰু তোমালোকে এই লোকসকলৰ ওপৰত জয় কৰিলা, কিয়নো ঈশ্বৰ যিজন তোমালোকৰ লগত একতাত আছে, তেওঁ চয়তানতকৈ মহান হয়, যি জগতৰ লগত একতাত আছে। ৫  এই লোকসকল জগতৰ ফালৰ পৰা হয়, সেইবাবে তেওঁলোকে সেই কথাবোৰেই কয়, যি জগতৰ ফালৰ পৰা হয় আৰু জগতে তেওঁলোকৰ কথা শুনে। ৬  আমি ঈশ্বৰৰ ফালৰ পৰা হওঁ। যি কোনোৱে ঈশ্বৰক জানে, তেওঁ আমাৰ বাৰ্তা শুনে আৰু যি কোনোৱে ঈশ্বৰৰ ফালৰ পৰা নহয়, তেওঁ আমাৰ কথা নুশুনে। এইদৰে আমি চিনাক্ত কৰিব পাৰোঁ যে কোনটো বাৰ্তা সত্য হয় আৰু কোনটো মিছা। ৭  মৰমৰ ভাইসকল আহা, আমি এজনে-আনজনক প্ৰেম কৰি থাকোঁ, কিয়নো প্ৰেম ঈশ্বৰৰ ফালৰ পৰা হয় আৰু যিজনে প্ৰেম কৰে, তেওঁ ঈশ্বৰৰ সন্তান হয় আৰু তেওঁ ঈশ্বৰক জানে। ৮  যিজনে প্ৰেম নকৰে, তেওঁ ঈশ্বৰক নাজানে, কিয়নো ঈশ্বৰ প্ৰেম হয়। ৯  আমাৰ প্ৰতি ঈশ্বৰৰ প্ৰেম এইদৰে প্ৰকাশিত হʼল যে ঈশ্বৰে নিজৰ একমাত্ৰ পুত্ৰক জগতলৈ পঠিয়ালে যাতে আমি তেওঁৰ যোগেদি জীৱন পাওঁ। ১০  আমি ঈশ্বৰক প্ৰেম কৰিলোঁ বুলি তেওঁ যে আমাক প্ৰেম কৰিলে এনে নহয়, ইয়াৰ পৰিৱৰ্তে তেৱেঁই আমাক প্ৰেম কৰিলে আৰু নিজৰ পুত্ৰক পঠিয়ালে যাতে তেওঁ আমাৰ পাপবোৰৰ কাৰণে নিজৰ বলিদান দি ঈশ্বৰৰ লগত আমাৰ শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তোলে।* ১১  মৰমৰ ভাইসকল, যিহেতু ঈশ্বৰে আমাক এইদৰে প্ৰেম কৰিলে, সেইবাবে আমি এজনে-আনজনক প্ৰেম কৰাটো আমাৰো কৰ্তব্য হয়। ১২  কোনেও ঈশ্বৰক কেতিয়াও দেখা নাই। যদি আমি এজনে-আনজনক প্ৰেম কৰি থাকোঁ, তেনেহʼলে ঈশ্বৰ আমাৰ লগত থাকে আৰু আমাৰ ভিতৰত তেওঁৰ প্ৰেম সম্পূৰ্ণৰূপে দেখিবলৈ পোৱা যায়। ১৩  তেওঁ আমাক নিজৰ পবিত্ৰ শক্তি দিছে, সেইবাবে আমি জানোঁ যে আমি তেওঁৰ লগত একতাত আছোঁ আৰু তেৱোঁ আমাৰ লগত একতাত আছে। ১৪  ইয়াৰ উপৰিও, আমি নিজে দেখিছোঁ আৰু এই সাক্ষ্যও দি আছোঁ যে পিতৃয়ে নিজৰ পুত্ৰক জগতৰ উদ্ধাৰকৰ্তা হিচাপে পঠালে। ১৫  যিজনে যীচুক ঈশ্বৰৰ পুত্ৰ হয় বুলি স্বীকাৰ কৰে, ঈশ্বৰ তেওঁৰ লগত একতাত থাকে আৰু তেৱোঁ ঈশ্বৰৰ লগত একতাত থাকে। ১৬  আমি জানিলোঁ যে ঈশ্বৰে আমাক কিমান প্ৰেম কৰে আৰু এই কথাৰ ওপৰত আমাৰ সম্পূৰ্ণ বিশ্বাস আছে। ঈশ্বৰ প্ৰেম হয় আৰু যিজনে প্ৰেম কৰি থাকে, তেওঁ ঈশ্বৰৰ লগত একতাত থাকে আৰু ঈশ্বৰ তেওঁৰ লগত একতাত থাকে। ১৭  এইদৰে আমাক সম্পূৰ্ণৰূপে প্ৰেম কৰা হʼল যাতে ন্যায়ৰ দিনত সংকোচ নকৰাকৈ কʼবলৈ আমাৰ সাহস হয়, কিয়নো এই জগতত আমি ঠিক সেইদৰেই আছোঁ, যিদৰে খ্ৰীষ্ট আছে। ১৮  প্ৰেমত ভয় নাথাকে, ইয়াৰ পৰিৱৰ্তে পৰিপূৰ্ণ প্ৰেমে ভয় দূৰ কৰে, কিয়নো ভয়ে আমাক বাধা দিয়ে। আচলতে, যিজনে ভয় কৰে, তেওঁৰ প্ৰেম আধৰুৱা হয়। ১৯  আমি প্ৰেম কৰোঁ, কাৰণ প্ৰথমে ঈশ্বৰে আমাক প্ৰেম কৰিলে। ২০  যদি কোনোবাই কয়, “মই ঈশ্বৰক প্ৰেম কৰোঁ,” কিন্তু নিজৰ ভাইক ঘৃণা কৰে, তেনেহʼলে তেওঁ মিছলীয়া। কাৰণ যি ভাইক তেওঁ দেখিছে, তেওঁক যদি প্ৰেম নকৰে, তেনেহʼলে যিজনক তেওঁ দেখা নাই, সেই ঈশ্বৰক তেওঁ প্ৰেম কৰিব নোৱাৰে। ২১  আৰু আমি তেওঁৰ পৰা এই আজ্ঞা পাইছোঁ যে যিজনে ঈশ্বৰক প্ৰেম কৰে, তেওঁ নিজৰ ভাইকো প্ৰেম কৰা উচিত।

Footnotes

বা “প্ৰায়শ্চিত্তৰ বলিদান দিয়ে; যিয়ে ঈশ্বৰক আনন্দিত কৰে।”