যোহনৰ প্ৰথম চিঠি ৫:১-২১

  • বিশ্বাসৰ কাৰণে জগতক জয় (১-১২)

    • ঈশ্বৰক প্ৰেম কৰাৰ অৰ্থ ()

  • প্ৰাৰ্থনাৰ শক্তিৰ ওপৰত বিশ্বাস (১৩-১৭)

  • দুষ্ট জগতত সাৱধানে থাকা (১৮-২১)

    • গোটেই জগত চয়তানৰ নিয়ন্ত্ৰণত আছে (১৯)

 যিজনে যীচুৱেই খ্ৰীষ্ট হয় বুলি বিশ্বাস কৰে, তেওঁ ঈশ্বৰৰ সন্তান হয়। আৰু যিজনে জীৱন দিওঁতা ঈশ্বৰক প্ৰেম কৰে, তেওঁ তেওঁৰ সন্তানকো প্ৰেম কৰে। ২  যেতিয়া আমি ঈশ্বৰক প্ৰেম কৰোঁ আৰু তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ, তেতিয়া ইয়াৰ পৰাই আমি জানিব পাৰোঁ যে আমি ঈশ্বৰৰ সন্তানসকলক প্ৰেম কৰোঁ। ৩  ঈশ্বৰক প্ৰেম কৰাৰ অৰ্থ এয়েই যে আমি যেন তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ আৰু তেওঁৰ আজ্ঞাবোৰ আমাৰ কাৰণে বোজা নহয়। ৪  কিয়নো যিজন ঈশ্বৰৰ সন্তান হয়, তেওঁ জগতক জয় কৰে। আৰু আমি নিজৰ বিশ্বাসৰ কাৰণেহে জগতক জয় কৰিলোঁ। ৫  কোনে জগতক জয় কৰিব পাৰে? সেই জনেই নহয় নে, যিজনে যীচুৱেই ঈশ্বৰৰ পুত্ৰ হয় বুলি বিশ্বাস কৰে? ৬  তেওঁ সেইজনেই হয়, যিজনে পানী আৰু তেজৰ যোগেদি আহিল অৰ্থাৎ যীচু খ্ৰীষ্ট। তেওঁ কেৱল পানীৰে সৈতে অহা নাই, কিন্তু পানী আৰু তেজৰ সৈতে আহিলে। পবিত্ৰ শক্তিয়ে সাক্ষ্য দি আছে, কিয়নো পবিত্ৰ শক্তিৰ সাক্ষ্য সত্য হয়। ৭  এই তিনিটা বিষয় সাক্ষ্য হয়: ৮  পবিত্ৰ শক্তি, পানী আৰু তেজ আৰু এই তিনিও একেটা কথাত সন্মত হয়। ৯  যদি আমি মানুহৰ সাক্ষ্যৰ ওপৰত বিশ্বাস কৰোঁ, তেনেহʼলে ঈশ্বৰৰ সাক্ষ্য তাতকৈয়ো শ্ৰেষ্ঠ হয়। কিয়নো ঈশ্বৰে নিজে নিজৰ পুত্ৰৰ বিষয়ে সাক্ষ্য দিছে। ১০  যিজন মানুহে ঈশ্বৰৰ পুত্ৰৰ ওপৰত বিশ্বাস কৰে, তেওঁ নিজৰ হৃদয়ত সেই সাক্ষ্যক স্বীকাৰ কৰে, যি ঈশ্বৰে তেওঁক দিছে। যিজন মানুহে ঈশ্বৰৰ ওপৰত বিশ্বাস নকৰে, তেওঁ ঈশ্বৰক মিছলীয়া কৰি তোলে, কিয়নো তেওঁ ঈশ্বৰৰ সেই সাক্ষ্যৰ ওপৰত বিশ্বাস নকৰিলে, যি ঈশ্বৰে নিজৰ পুত্ৰৰ বিষয়ে দিছে। ১১  আৰু এই সাক্ষ্য এয়া হয় যে ঈশ্বৰে আমাক অনন্ত জীৱন দিছে আৰু এই জীৱন তেওঁৰ পুত্ৰৰ যোগেদি লাভ কৰা হয়। ১২  যিজনে পুত্ৰক স্বীকাৰ কৰে, তেওঁৰ ওচৰত এই জীৱন আছে, যিজনে ঈশ্বৰৰ পুত্ৰক স্বীকাৰ নকৰে, তেওঁৰ ওচৰত এই জীৱন নাই। ১৩  মই তোমালোকক এইবোৰ কথা লিখাৰ কাৰণ হৈছে যাতে তোমালোকে জানিব পাৰা যে তোমালোকৰ ওচৰত অনন্ত জীৱন আছে, কিয়নো তোমালোকে ঈশ্বৰৰ পুত্ৰৰ নামৰ ওপৰত বিশ্বাস কৰা। ১৪  ঈশ্বৰৰ ওপৰত আমাৰ ভৰসা আছে* যে আমি তেওঁৰ ইচ্ছাৰ অনুসৰি যিয়েই খোজোঁ, তেওঁ আমাৰ শুনে। ১৫  আমি জানোঁ যে আমি যিয়েই খোজোঁ, তেওঁ আমাৰ শুনে, সেইবাবে আমাৰ সম্পূৰ্ণ বিশ্বাস আছে যে আমি তেওঁক যিয়েই খুজিম, তেওঁ আমাক নিশ্চয় দিব। ১৬  যদি কোনোবাই নিজৰ ভাইক এনে পাপ কৰা দেখে যাৰ পৰিণাম মৃত্যু নহয়, তেনেহʼলে তেওঁ নিজৰ ভাইৰ কাৰণে প্ৰাৰ্থনা কৰক আৰু ঈশ্বৰে তেওঁক জীৱন দিব। হয়, সেই লোকসকলক জীৱন দিব, যিসকলে এনে পাপ কৰা নাই যাৰ পৰিণাম মৃত্যু হয়। কিন্তু এনে পাপো আছে যাৰ পৰিণাম মৃত্যু হয়। মই এনে পাপ কৰা লোকসকলৰ বিষয়ে প্ৰাৰ্থনা কৰিবলৈ নকওঁ। ১৭  প্ৰতিটো বেয়া কাম পাপ হয়, কিন্তু এনে পাপো আছে যাৰ পৰিণাম মৃত্যু নহয়। ১৮  আমি জানোঁ যে যিজন ঈশ্বৰৰ সন্তান হয়, তেওঁ পাপ কৰাত লাগি নাথাকে, কিন্তু তেওঁ* সেই মানুহজনক ৰক্ষা কৰে, যিজন ঈশ্বৰৰ সন্তান হয় আৰু চয়তানে* তেওঁৰ একো ক্ষতি কৰিব নোৱাৰে। ১৯  আমি জানোঁ যে আমি ঈশ্বৰৰ পৰা হওঁ, কিন্তু গোটেই জগত চয়তানৰ নিয়ন্ত্ৰণত আছে। ২০  আৰু আমি এয়াও জানোঁ যে ঈশ্বৰৰ পুত্ৰ আহিছে আৰু তেওঁ আমাক অন্তৰ্দৃষ্টি* দিছে যাতে যি সত্য, তাৰ বিষয়ে আমি জ্ঞান লʼব পাৰোঁ। আৰু আমি সেই সত্য ঈশ্বৰৰ পুত্ৰ যীচু খ্ৰীষ্টৰ যোগেদি ঈশ্বৰৰ লগত একতাত আছোঁ। তেৱেঁই সত্য ঈশ্বৰ হয় আৰু অনন্ত জীৱন তেৱেঁই দিয়ে। ২১  মৰমৰ সন্তানসকল, নিজকে মূৰ্তিবোৰৰ পৰা আঁতৰাই ৰাখা।

Footnotes

বা “সংকোচ নকৰাকৈ কোৱাৰ সাহস আছে।”
অৰ্থাৎ ঈশ্বৰৰ পুত্ৰ যীচু খ্ৰীষ্ট।
আক্ষ., “সেই দুষ্ট।”
আক্ষ., “বুজি পোৱাৰ ক্ষমতা; মগজুৰ ক্ষমতা।”