কৰিন্থীয়াসকললৈ দ্বিতীয় চিঠি ৫:১-২১
৫ কাৰণ আমি জানোঁ যে যেতিয়া পৃথিৱীত আমাৰ এই ঘৰ অৰ্থাৎ শৰীৰৰ এই তম্বু নষ্ট হৈ যাব, তেতিয়া আমি ঈশ্বৰৰ ফালৰ পৰা স্বৰ্গত এনে এখন ঘৰ পাম, যি সদায় থাকিব আৰু যি হাতেৰে বনোৱা নহয়।
২ কাৰণ পৃথিৱীৰ এই ঘৰত আমি সঁচাকৈ কেঁকাই আছোঁ আৰু স্বৰ্গত আমাৰ কাৰণে যি ঘৰ প্ৰস্তুত কৰা হৈছে, তাক কাপোৰৰ দৰে পিন্ধিবলৈ আমি আন্তৰিকতাৰে ইচ্ছা কৰিছোঁ।
৩ আৰু যেতিয়া আমি তাক পিন্ধি লʼম, তেতিয়া আমাক উদঙে পোৱা নাযাব।
৪ আচলতে আমি যিসকলে এই তম্বুত আছোঁ, আমাক গধুৰ বোজাই হেঁচি ধৰাৰ কাৰণে আমি কেঁকাই আছোঁ। আমি ইয়াক খুলি পেলাব বিচাৰোঁ এনে নহয়, ইয়াৰ পৰিৱৰ্তে স্বৰ্গৰ সেই তম্বুক পিন্ধিব বিচাৰোঁ যাতে যি বিনাশী হয়, তাক জীৱনে গিলি পেলাব পাৰে।
৫ যিজনে আমাক এই কথাৰ কাৰণে প্ৰস্তুত কৰিছে, তেওঁ হৈছে ঈশ্বৰ। যিজন আহিবলগীয়া আছে, তেওঁৰ বইনা হিচাপে* তেওঁ আমাক নিজৰ পবিত্ৰ শক্তি দিছে।
৬ সেইবাবে, আমি সদায় বিশ্বাস ৰাখোঁ আৰু জানোঁ যে যেতিয়ালৈকে আমি এই ঘৰৰ নিচিনা শৰীৰত থাকোঁ, তেতিয়ালৈকে আমি প্ৰভুৰ পৰা দূৰত আছোঁ।
৭ কিয়নো আমি চকুৱে দেখা বস্তুৰে নহয়, কিন্তু বিশ্বাসেৰে চলোঁ।
৮ কিন্তু আমি ভৰসা ৰাখোঁ আৰু এই মানৱীয় শৰীৰত জীয়াই থকাৰ পৰিৱৰ্তে প্ৰভুৰ লগত থকাটো বিচাৰোঁ।
৯ সেইবাবে, আমি তেওঁৰ লগত থাকোঁ বা তেওঁৰ পৰা আমি দূৰত থাকোঁ, আমাৰ লক্ষ্য এয়েই যে আমি তেওঁক আনন্দিত কৰোঁ।
১০ কিয়নো আমাৰ মাজৰ প্ৰতিজনক খ্ৰীষ্টৰ ন্যায়ৰ আসনৰ আগত উপস্থিত হʼব লাগিব যাতে প্ৰতিজনে এই শৰীৰত থাকি ভালেই হওক বা বেয়াই হওক যিদৰে কাম কৰিলে, তাৰ অনুসৰি প্ৰতিফল পাওক।
১১ এই কাৰণে প্ৰভুলৈ ভয় ৰখাৰ অৰ্থ কি, সেয়া জনাৰ কাৰণে আমি লোকসকলক বুজাওঁ যেন তেওঁলোকে আমাৰ কথা শুনে আৰু আমি কেনেধৰণৰ মানুহ হওঁ, সেয়া ঈশ্বৰে ভালদৰে জানে। কিন্তু আমি আশা কৰোঁ যে তোমালোকৰ বিবেকেও তোমালোকক বুজিবলৈ সহায় কৰিছে যে আমি কেনেধৰণৰ মানুহ হওঁ।
১২ আমি আকৌ এবাৰ আৰম্ভণিৰ পৰা তোমালোকক নিজৰ পৰিচয় দিয়া নাই, ইয়াৰ পৰিৱৰ্তে আমাক লৈ গৰ্ব কৰিবলৈ তোমালোকক উৎসাহিত কৰিছোঁ যাতে যিসকলে হৃদয় চাই নহয়, কিন্তু চেহেৰা চাই ফিতাহি মাৰে, তেওঁলোকক তোমালোকে উত্তৰ দিব পাৰা।
১৩ যদি আমি পগলা হৈছিলোঁ, তেনেহʼলে ঈশ্বৰৰ কাৰণে আছিলোঁ, যদি আমাৰ মগজু ঠিকেই আছে, তেনেহʼলে এয়া তোমালোকৰ কাৰণে হয়।
১৪ খ্ৰীষ্টৰ প্ৰেমে আমাক বাধ্য কৰায়, কিয়নো আমি বুজি পালোঁ যে সকলোৱে মৰিল, সেইবাবে এজন মানুহ সকলোৰে কাৰণে মৰিল।
১৫ তেওঁ সকলোৰে কাৰণে মৰিল যাতে যিসকলে জীয়াই থাকে, তেওঁলোকে এতিয়াৰে পৰা নিজৰ কাৰণে নহয়, ইয়াৰ পৰিৱৰ্তে তেওঁৰ কাৰণে জীয়াই থাকক, যিজনে তেওঁলোকৰ কাৰণে মৰিল আৰু জীয়াই তোলা হʼল।
১৬ সেইবাবে, এতিয়াৰ পৰা আমি কোনো মানুহক মানৱীয় দৃষ্টিৰে নাচাওঁ। যদিও আমি এটা সময়ত খ্ৰীষ্টক শৰীৰৰ অনুসৰি জানিছিলোঁ, কিন্তু এতিয়া তেওঁক সেইদৰে নাজানোঁ।
১৭ সেইবাবে, যদি কোনোৱে খ্ৰীষ্টৰ লগত একতাত আছে, তেনেহʼলে তেওঁ এক নতুন সৃষ্টি হয়। পুৰণি বিষয়বোৰ শেষ হʼল, চোৱা! নতুন বিষয়বোৰ অস্তিত্বত আহিছে।
১৮ কিন্তু সকলো বিষয় ঈশ্বৰৰ ফালৰ পৰা হয়, যিজনে খ্ৰীষ্টৰ যোগেদি তেওঁৰ লগত আমাৰ পুনৰ শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিলে আৰু আমাক এই সম্পৰ্ক গঢ়ি তোলাৰ কাম দিছে।
১৯ অৰ্থাৎ এয়া ঘোষণা কৰাৰ কাম যে ঈশ্বৰে খ্ৰীষ্টৰ যোগেদি জগতক নিজৰ লগত পুনৰ শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিছে আৰু ঈশ্বৰে তেওঁলোকৰ অপৰাধৰ হিচাপ তেওঁলোকৰ পৰা লোৱা নাই আৰু আমাক পুনৰ শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তোলাৰ বাৰ্তা দিছে।
২০ সেইবাবে, আমি খ্ৰীষ্টৰ সলনি কাম কৰা ৰাজদূত হওঁ যেন ঈশ্বৰে আমাৰ যোগেদি অনুৰোধ কৰিছে। খ্ৰীষ্টৰ যোগেদি কাম কৰা লোক হিচাপে আমি মিনতি কৰিছোঁ, “ঈশ্বৰৰ লগত শান্তিপূৰ্ণ সম্পৰ্ক গঢ়ি তোলক।”
২১ খ্ৰীষ্টই কেতিয়াও পাপ কৰা নাই আৰু ঈশ্বৰে তেওঁক আমাৰ পাপৰ কাৰণে বলিদান দিলে যেন তেওঁৰ যোগেদি আমি ঈশ্বৰৰ আগত ভাল মানুহ বুলি গণিত হʼব পাৰোঁ।
Footnotes
^ বা “চিন হিচাপে; প্ৰমাণ হিচাপে; গেৰাণ্টি হিচাপে।”