কৰিন্থীয়াসকললৈ দ্বিতীয় চিঠি ৬:১-১৮

 ঈশ্বৰৰ সহকৰ্মী হিচাপে আমি তোমালোকক এয়াও অনুৰোধ কৰিছোঁ যে ঈশ্বৰৰ মহা-কৃপা গ্ৰহণ কৰাৰ পাছত তোমালোকে সেই কৃপাৰ উদ্দেশ্য পাহৰি নাযাবা। ২  কাৰণ তেওঁ কয়, “অনুগ্ৰহ পোৱা সময়ত মই তোমাৰ শুনিলোঁ আৰু উদ্ধাৰৰ দিনত তোমাক সহায় কৰিলোঁ।” চোৱা! এতিয়া বিশেষভাৱে অনুগ্ৰহ পোৱা সময় হয়। চোৱা! এতিয়া উদ্ধাৰৰ সেই দিন হয়। ৩  আমি আনক উজুটি খুউৱাৰ কোনো কাৰণ নিদিওঁ যাতে আমাৰ সেৱাত কোনো খুঁত পোৱা নাযায়। ৪  সকলো ধৰণে আমি ঈশ্বৰৰ সেৱক হোৱাৰ প্ৰমাণ দিওঁ, ধৈৰ্য্যেৰে বহুতো পৰীক্ষা সহন কৰি, দুখ-কষ্ট, অভাৱ আৰু সমস্যাবোৰৰ সন্মুখীন হৈ, ৫  মাৰ খাই, জেলত বন্দী হৈ, প্ৰতিবাদৰ সন্মুখীন হৈ, কঠিন পৰিশ্ৰম কৰি, নুশুৱাকৈ ৰাতি পাৰ কৰি, ভোকত থাকি, ৬  শুদ্ধতা, জ্ঞান, ধৈৰ্য্য, কৃপা আৰু পবিত্ৰ শক্তিৰে, অকপট প্ৰেম কৰি, ৭  সঁচা কথা কৈ, ঈশ্বৰৰ শক্তিৰে, সোঁ* আৰু বাওঁ* হাতত যি সঠিক তাৰ অস্ত্ৰ লৈ, ৮  আমাক সন্মান পোৱাৰ সময় আৰু আমাক অপমান কৰা সময়, আমাৰ বিষয়ে বেয়া খবৰ আৰু ভাল খবৰ বিয়পাৰ সময়। আমাক বিশ্বাসঘাত কৰোঁতা বুলি ভবা হয়, কিন্তু আমি সত্য হওঁ, ৯  আমি অচিনাকীৰ দৰে হওঁ, তথাপি আমি বিখ্যাত, আমাক মৃত্যুৰ যোগ্য বুলি গণিত কৰা হয়, তথাপি চোৱা! আমি জীৱিত আছোঁ, আমি এনেদৰে আছোঁ যেন আমাক শাস্তি দিয়া হৈছে, কিন্তু আমাক হত্যা কৰা হোৱা নাই, ১০  দুখ কৰা লোকসকলৰ দৰে হওঁ, তথাপি সদায় আনন্দত থাকোঁ, দুখীয়াৰ দৰে হওঁ, তথাপি বহুতো লোকক ধনী বনাওঁ, আমাৰ ওচৰত যেন একোৱেই নাই, তথাপি আমাৰ ওচৰত সকলো আছে। ১১  হে কৰিন্থৰ ভাইসকল, আমি মুকলিভাৱে তোমালোকৰ লগত কথা পাতিলোঁ, আমি তোমালোকৰ কাৰণে নিজৰ হৃদয় বহল কৰিলোঁ। ১২  আমি হৃদয় খুলি তোমালোকক প্ৰেম কৰিলোঁ, কিন্তু আমাৰ প্ৰতি তোমালোকৰ প্ৰেম সীমিত। ১৩  সেইবাবে, নিজৰ লʼৰা-ছোৱালী হিচাপে মই তোমালোকক কৈছোঁ যে তোমালোকেও নিজৰ হৃদয় বহল কৰা। ১৪  অবিশ্বাসীৰ লগত একেটা যুঁৱলিত যোতা নহʼবা,* কিয়নো এনেধৰণৰ যোৰা মিল নাখায়। ভাল কামৰ লগত দুষ্টতাৰ কি মিল? বা পোহৰৰ লগত আন্ধাৰৰ কি সম্পৰ্ক? ১৫  আৰু খ্ৰীষ্ট আৰু চয়তানৰ* মাজত কি মিল? বা এজন বিশ্বাসী* আৰু এজন অবিশ্বাসীৰ মাজত কি মিল আছে? ১৬  আৰু ঈশ্বৰৰ মন্দিৰৰ মূৰ্তিৰ লগত কি কাম? কাৰণ আমি জীৱিত ঈশ্বৰৰ এক মন্দিৰ হওঁ, যিদৰে ঈশ্বৰে কৈছে, “মই তেওঁলোকৰ মাজত থাকিম আৰু তেওঁলোকৰ মাজত চলা-ফুৰা কৰিম আৰু মই তেওঁলোকৰ ঈশ্বৰ হৈ থাকিম আৰু তেওঁলোক মোৰ লোক হৈ থাকিব।” ১৭  “যিহোৱাই* কয়, ‘সেইবাবে, তেওঁলোকৰ মাজৰ পৰা ওলাই আহা আৰু নিজকে তেওঁলোকৰ পৰা বেলেগ কৰা আৰু অশুচি বস্তুক নুচুবা, তেতিয়া মই তোমালোকক গ্ৰহণ কৰিম।’” ১৮  “সৰ্বশক্তিমান ঈশ্বৰ যিহোৱাই* কয়, ‘আৰু মই তোমালোকৰ পিতৃ হʼম আৰু তোমালোক মোৰ লʼৰা-ছোৱালী হʼবা।’”

Footnotes

হয়তো মাৰিবলৈ।
হয়তো নিজকে বচাবলৈ।
বা “যুক্ত নহʼবা।”
আক্ষ., “বেলীয়াল।” ই এক হিব্ৰু শব্দৰ পৰা আহিছে, যাৰ অৰ্থ হৈছে “কোনো কামৰ যোগ্য নোহোৱা।”
বা “বিশ্বাসযোগ্য মানুহ।”
অতি. ক৫ চাওক।
অতি. ক৫ চাওক।