পিতৰৰ দ্বিতীয় চিঠি ১:১-২১

  • নমস্কাৰ ()

  • নিজৰ নিমন্ত্ৰণৰ যোগ্য হৈ থাকা (২-১৫)

    • বিশ্বাসৰ সৈতে আন গুণবোৰ বঢ়োৱা (৫-৯)

  • ভৱিষ্যবাণীৰ ওপৰত ভৰসা মজবুত (১৬-২১)

 যীচু খ্ৰীষ্টৰ দাস আৰু পাঁচনি* চিমোন পিতৰৰ এই চিঠি সেই লোকসকলৰ কাৰণে হয়, যিসকলে আমাৰ ঈশ্বৰ আৰু আমাৰ উদ্ধাৰকৰ্তা যীচু খ্ৰীষ্টৰ ভাল কামৰ যোগেদি আমাৰ দৰে বহুমূলীয়া বিশ্বাস লাভ কৰিছে: ২  মোৰ প্ৰাৰ্থনা এইয়ে যে তোমালোকে ঈশ্বৰৰ বিষয়ে আৰু আমাৰ প্ৰভু যীচুৰ বিষয়ে সঠিক জ্ঞান লৈ থাকা যাতে তোমালোকৰ ওপৰত আৰু বেছিকৈ মহা-কৃপা আৰু শান্তি হয়। ৩  কাৰণ ঈশ্বৰে নিজৰ শক্তিৰে আমাক সেই সকলো বস্তু দিছে, যিবোৰ ঈশ্বৰৰ ভক্তিৰে সৈতে জীৱন-যাপন কৰাৰ কাৰণে প্ৰয়োজন। এই বস্তুবোৰ পোৱাৰ কাৰণ হৈছে আমি সেই ঈশ্বৰৰ বিষয়ে সঠিক জ্ঞান পাইছোঁ, যিজনে আমাক নিজৰ মহিমা আৰু সদগুণৰ যোগেদি নিমন্ত্ৰণ কৰিছে। ৪  এই মহিমা আৰু সদগুণৰ কাৰণে তেওঁ আমাৰ লগত বহুমূলীয়া আৰু অতি মহান প্ৰতিজ্ঞা কৰিছে যাতে তোমালোকে এই প্ৰতিজ্ঞাবোৰৰ যোগেদি তেওঁৰ দৰে অদৃশ্য হʼব পাৰা। তেওঁ আমাৰ লগত এইবোৰ প্ৰতিজ্ঞা কৰাৰ কাৰণ হৈছে আমি জগতৰ সেই ভ্ৰষ্টতাৰ পৰা মুক্ত হʼলোঁ, যি বেয়া ইচ্ছাবোৰৰ* কাৰণে হয়। ৫  সেই কাৰণে তোমালোকে মনে-প্ৰাণে চেষ্টা কৰা যে নিজৰ বিশ্বাসৰ সৈতে সদগুণ বঢ়োৱা, সদগুণৰ সৈতে জ্ঞান, ৬  জ্ঞানৰ সৈতে আত্মনিয়ন্ত্ৰণ, আত্মনিয়ন্ত্ৰণৰ সৈতে ধৈৰ্য্য, ধৈৰ্য্যৰ সৈতে ঈশ্বৰৰ ভক্তি, ৭  ঈশ্বৰৰ ভক্তিৰে সৈতে ভাইসকলৰ দৰে মৰম-স্নেহ আৰু ভাইসকলৰ দৰে মৰম-স্নেহৰ সৈতে প্ৰেম বঢ়াই থাকা। ৮  যদি এই গুণবোৰ তোমালোকৰ আছে আৰু সেইবোৰ তোমালোকে বঢ়াই থাকা, তেনেহʼলে তোমালোকে আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ সঠিক জ্ঞানৰ অনুসৰি চলি ফল উৎপন্ন কৰিবা আৰু নিষ্ফল* নহʼবা। ৯  যিজন মানুহৰ এইবোৰ গুণ নাই, তেওঁ অন্ধ হয় আৰু তেওঁ নিজৰ চকু বন্ধ কৰি লৈছে আৰু তেওঁ পোহৰক চাব নিবিচাৰে* আৰু পাহৰি গৈছে যে তেওঁক সেই পাপবোৰৰ পৰা শুচি কৰা হৈছে, যিবোৰ তেওঁ বহুত আগতে কৰিছিল। ১০  সেইবাবে ভাইসকল, তোমালোকক যি নিমন্ত্ৰণ কৰা হৈছে আৰু যি বাছনি কৰা হৈছে, তোমালোকে তাৰ যোগ্য হʼবলৈ আৰু বেছিকৈ পৰিশ্ৰম কৰি থাকা। যদি তোমালোকে এই সকলো কৰি থাকা, তেনেহʼলে তোমালোকে কেতিয়াও নিষ্ফল নহʼবা। ১১  আচলতে এইদৰে তোমালোকক আমাৰ প্ৰভু আৰু উদ্ধাৰকৰ্তা যীচু খ্ৰীষ্টৰ সেই ৰাজ্যত মহিমাপূৰ্ণ উপায়েৰে প্ৰৱেশ কৰোৱা হʼব, যি সদায় কাললৈকে থাকিব। ১২  ইয়াৰ কাৰণে মই তোমালোকক এইবোৰ কথা মনত পেলাই দি থাকিবলৈ নিৰ্ণয় লৈছোঁ, যদিও তোমালোকে এইবোৰ জানা আৰু সেই সত্যতাত দৃঢ়তাৰে থিয় হৈ আছা, যি তোমালোকে শিকিছা। ১৩  আৰু মই ভাবোঁ যে যেতিয়ালৈকে মই এই তম্বুত* আছোঁ, তেতিয়ালৈকে মই তোমালোকক এই কথাবোৰ মনত পেলাই দি থকাটো উচিত হʼব যাতে তোমালোকক উৎসাহিত কৰি থাকোঁ। ১৪  কিয়নো মই জানোঁ যে অতি সোনকালে মোৰ এই তম্বু আঁতৰোৱা হʼব, যিদৰে আমাৰ প্ৰভু যীচু খ্ৰীষ্টও মোক স্পষ্টভাৱে জনাইছিল। ১৫  সেইবাবে, মই সকলো সময়তে মনে-প্ৰাণে চেষ্টা কৰিম যাতে মই যোৱাৰ পাছত তোমালোকে নিজেই এই কথাবোৰ মনত পেলাব পাৰা।* ১৬  যেতিয়া আমি তোমালোকক প্ৰভু যীচু খ্ৰীষ্টৰ শক্তি আৰু উপস্থিতিৰ বিষয়ে কৈছিলোঁ, তেতিয়া আমি চতুৰতাৰে সজা মিছা কাহিনীৰ সহায় লোৱা নাছিলোঁ, কিয়নো আমি নিজ চকুৰে তেওঁৰ মহিমা দেখিছিলোঁ। ১৭  কাৰণ তেওঁ ঈশ্বৰ অৰ্থাৎ আমাৰ পিতৃৰ পৰা আদৰ আৰু মহিমা পালে। এয়া সেই সময়ত ঘটিছিল যেতিয়া মহিমাময় ঈশ্বৰে তেওঁৰ বিষয়ে এইবোৰ কথা কৈছিল, “এওঁ মোৰ প্ৰিয় পুত্ৰ, এওঁক মই গ্ৰহণ কৰিলোঁ।” ১৮  হয়, আমি আকাশৰ পৰা এই শব্দ সেই সময়ত শুনিছিলোঁ, যেতিয়া আমি তেওঁৰ লগত পবিত্ৰ পাহাৰত আছিলোঁ। ১৯  এইদৰে ভৱিষ্যবাণীৰ ওপৰত আমাৰ ভৰসা আৰু বেছি মজবুত হৈছে। আৰু (যেতিয়ালৈকে দিন নহয় আৰু দিনৰ তৰা নোলায়) তোমালোকে সেইবোৰৰ ওপৰত ধ্যান দি ভাল কৰি আছা, যেন এইবোৰে জ্বলি থকা চাকিৰ দৰে অন্ধকাৰ ঠাইত অৰ্থাৎ তোমালোকৰ হৃদয়ত পোহৰ দিছে। ২০  কিয়নো তোমালোকে প্ৰথমে এয়া জানি লোৱা যে শাস্ত্ৰৰ যিকোনো ভৱিষ্যবাণী কোনো মানুহৰ চিন্তাধাৰাৰ অনুসৰি কৰা হোৱা নাই। ২১  কিয়নো কোনো ভৱিষ্যবাণী মানুহৰ ইচ্ছাৰে কেতিয়াও হোৱা নাই, ইয়াৰ পৰিৱৰ্তে মানুহে পবিত্ৰ শক্তিৰে অনুপ্ৰাণিত হৈ ঈশ্বৰৰ ফালৰ পৰা কৈছিল।

Footnotes

গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
বা “কামভাবৰ।”
বা “অযোগ্য।”
বা হয়তো, “তেওঁ অন্ধ হয়; তেওঁ দূৰলৈকে চিন্তা নকৰে।”
অৰ্থাৎ তেওঁৰ মানৱীয় শৰীৰ।
বা “উল্লেখ কৰিব পাৰা।”