ৰোমীয়াসকললৈ ১:১-৩২

  • নমস্কাৰ (১-৭)

  • পৌলে ৰোমলৈ যাব বিচাৰিলে (৮-১৫)

  • ভাল মানুহে নিজৰ বিশ্বাসৰ দ্বাৰা জীয়াই থাকিব (১৬, ১৭)

  • ভক্তিহীন লোকসকলে কোনো কাৰণ দিব নোৱাৰে (১৮-৩২)

    • ঈশ্বৰৰ গুণ সৃষ্টিত দেখা পোৱা যায় (২০)

১  মই পৌল, যীচু খ্ৰীষ্টৰ এজন দাস হওঁ। মই তোমালোকলৈ এই চিঠি লিখি আছোঁ। তেওঁ মোক পাঁচনি* হিচাপে কাম কৰিবলৈ বাছনি কৰিছে আৰু ঈশ্বৰৰ শুভবাৰ্তা শুনাবলৈ নিযুক্ত কৰিছে। ২  এই শুভবাৰ্তাৰ বিষয়ে ঈশ্বৰে আগতেই তেওঁৰ ভৱিষ্যবক্তাসকলৰ যোগেদি পবিত্ৰ শাস্ত্ৰত প্ৰতিজ্ঞা কৰিছিল। ৩  এই শুভবাৰ্তা তেওঁৰ পুত্ৰৰ বিষয়ে হয়। তেওঁ দায়ূদৰ বংশৰ* পৰা মানুহৰ ৰূপত জন্ম হʼল। ৪  কিন্তু যেতিয়া তেওঁক পবিত্ৰ শক্তিৰ যোগেদি মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলা হʼল, তেতিয়া তেওঁক ঈশ্বৰৰ পুত্ৰ বুলি কোৱা হʼল। তেৱেঁই আমাৰ প্ৰভু যীচু খ্ৰীষ্ট হয়। ৫  তেওঁৰ যোগেদিয়েই আমি মহা-কৃপা আৰু পাঁচনি হোৱাৰ দায়িত্ব পালোঁ যাতে সকলো ৰাষ্ট্ৰই বিশ্বাস কৰে আৰু তেওঁৰ আজ্ঞা পালন কৰে, যাৰ পৰা তেওঁৰ নামৰ মহিমা হয়। ৬  এই ৰাষ্ট্ৰবোৰৰ মাজৰ তোমালোকেও হোৱা, যিসকলক যীচু খ্ৰীষ্টৰ শিষ্য হʼবলৈ নিমন্ত্ৰণ কৰা হৈছে। ৭  মই পৌলে এই চিঠি ৰোমত থকা সেই লোকসকললৈ লিখি আছোঁ, যিসকল ঈশ্বৰৰ প্ৰিয় হয় আৰু যিসকলক পবিত্ৰ লোক হোৱাৰ কাৰণে নিমন্ত্ৰণ কৰা হৈছে: আমাৰ পিতৃ অৰ্থাৎ ঈশ্বৰৰ ফালৰ পৰা আৰু যীচু খ্ৰীষ্টৰ ফালৰ পৰা তোমালোকলৈ মহা-কৃপা আৰু শান্তি হওক। ৮  প্ৰথমতে, মই তোমালোকৰ কাৰণে যীচুৰ খ্ৰীষ্টৰ যোগেদি নিজৰ ঈশ্বৰলৈ ধন্যবাদ কৰিছোঁ, কাৰণ তোমালোকৰ বিশ্বাসৰ বিষয়ে গোটেই জগতত আলোচনা হৈ আছে। ৯  মই ঈশ্বৰৰ পুত্ৰৰ বিষয়ে শুভবাৰ্তা প্ৰচাৰ কৰি ঈশ্বৰৰ মনে-প্ৰাণে পবিত্ৰ সেৱা কৰোঁ, তেৱেঁই এই বিষয়ে মোৰ সাক্ষী হয় যে মই সদায় নিজৰ প্ৰাৰ্থনাত তোমালোকক মনত পেলাওঁ ১০  আৰু মিনতি কৰিছোঁ যে যদি তেওঁৰ ইচ্ছা হয়, তেনেহʼলে যেনেকৈ হʼলেও মই তোমালোকৰ ওচৰলৈ আহিব পাৰোঁ। ১১  কিয়নো মই তোমালোকক লগ কৰিবলৈ আগ্ৰহী হৈ আছোঁ যাতে তোমালোকে মজবুত হʼবলৈ ঈশ্বৰৰ ফালৰ পৰা মই তোমালোকক আশীৰ্বাদ* দিব পাৰোঁ। ১২  অথবা মই কোৱাৰ অৰ্থ হৈছে, মই আৰু তোমালোকে নিজৰ নিজৰ বিশ্বাসৰ যোগেদি এজনে-আনজনক উৎসাহিত কৰিব পাৰোঁ। ১৩  কিন্তু ভাইসকল, এই কথাটো তোমালোকে জনাটো মই বিচাৰোঁ যে মই তোমালোকৰ ওচৰলৈ আহিবলৈ কেইবাবাৰো চেষ্টা কৰিছিলোঁ যাতে যিদৰে মই বাকী ইস্ৰায়েলী নোহোৱা ৰাষ্ট্ৰত ভাল পৰিণাম পাইছিলোঁ, ঠিক সেইদৰে মই তোমালোকৰ মাজতো যেন পাওঁ। কিন্তু এতিয়ালৈকে মোক বাধা দিয়া হৈছে। ১৪  মই গ্ৰীক আৰু গ্ৰীক নোহোৱা লোক, বুদ্ধিমান আৰু মূৰ্খ এই সকলোৰে ধৰুৱা হওঁ। ১৫  সেইবাবে, তোমালোক, যিসকলে ৰোমত আছা, মই তোমালোককো শুভবাৰ্তা শুনাবলৈ আগ্ৰহী হৈ আছোঁ। ১৬  মই শুভবাৰ্তা শুনাবলৈ কোনো লাজ অনুভৱ নকৰোঁ। আচলতে এয়া বিশ্বাস কৰা প্ৰতিজনক প্ৰথমে যিহূদীসকলক, তাৰ পাছত গ্ৰীকসকলক উদ্ধাৰ কৰাৰ ঈশ্বৰৰ শক্তিশালী মাধ্যম হয়। ১৭  কিয়নো এই শুভবাৰ্তাৰ যোগেদি বিশ্বাস কৰা লোকসকলৰ ওপৰত ঈশ্বৰৰ ভাল কাম প্ৰকাশ পায় আৰু ইয়াৰ পৰা তেওঁলোকৰ বিশ্বাস মজবুত হয়, যিদৰে শাস্ত্ৰত লিখা আছে, “কিন্তু যিসকল ভাল মানুহ হয়, তেওঁলোক নিজৰ বিশ্বাসৰ দ্বাৰা জীয়াই থাকিব।” ১৮  যিসকল ভক্তিহীন আৰু দুষ্ট লোকে ভুল উপায়েৰে সত্যতাক দমন কৰি আছে, সেই সকলোৰে ওপৰত স্বৰ্গৰ পৰা ঈশ্বৰৰ ক্ৰোধ প্ৰকাশ পাইছে। ১৯  কাৰণ ঈশ্বৰৰ বিষয়ে যি জানিব পাৰি, সেয়া তেওঁলোকৰ মাজত স্পষ্টকৈ প্ৰকাশ হৈছে, কিয়নো ঈশ্বৰে তেওঁলোকৰ ওপৰত প্ৰকাশ কৰিছে। ২০  তেওঁৰ অদৃশ্য গুণ জগতৰ সৃষ্টিৰ কালৰে পৰা স্পষ্টকৈ দেখিবলৈ পোৱা যায় অৰ্থাৎ তেওঁৰ ওচৰত অনন্ত শক্তি আছে আৰু তেৱেঁই সঁচাকৈ ঈশ্বৰ হয়। এই গুণবোৰ তেওঁ সৃষ্টি কৰা বস্তুবোৰ চাই ভালদৰে বুজিব পাৰি। সেইবাবে, তেওঁলোকে ঈশ্বৰৰ ওপৰত বিশ্বাস নকৰিবলৈ কোনো কাৰণ দিব নোৱাৰে। ২১  কিয়নো তেওঁলোকে ঈশ্বৰক জানিছিল, তথাপিও তেওঁলোকে তেওঁৰ প্ৰশংসা যিদৰে কৰিব লাগিছিল, সেইদৰে কৰা নাছিল আৰু তেওঁক ধন্যবাদো দিয়া নাছিল, ইয়াৰ পৰিৱৰ্তে অনৰ্থক তৰ্ক কৰিবলৈ ধৰিলে আৰু তেওঁলোকৰ অবুজ মন অন্ধকাৰেৰে ভৰি পৰিছিল। ২২  তেওঁলোকে নিজকে বুদ্ধিমান বুলি দাবী কৰিছিল, কিন্তু তেওঁলোক আচলতে মূৰ্খ ২৩  আৰু তেওঁলোকে অবিনাশী ঈশ্বৰৰ মহিমা কৰাৰ পৰিৱৰ্তে বিনাশী মানুহ, চৰাই, চাৰিঠেঙীয়া আৰু বগাই ফুৰা জীৱ-জন্তুৰ মূৰ্তিবোৰৰ মহিমা কৰিলে। ২৪  সেইবাবে, ঈশ্বৰে তেওঁলোকৰ হৃদয়ৰ বেয়া ইচ্ছাৰ অনুসৰি তেওঁলোকক অশুচি কাম কৰিবলৈ এৰি দিলে যাতে তেওঁলোকে নিজৰ শৰীৰক অনাদৰ কৰে। ২৫  তেওঁলোকে ঈশ্বৰৰ সত্যতাৰ সলনি মিছাৰ ওপৰত বিশ্বাস কৰিলে আৰু সৃষ্টিকৰ্তাৰ পৰিৱৰ্তে তেওঁৰ সৃষ্টিৰ ভক্তি আৰু পূজা কৰিলে। সেই সৃষ্টিকৰ্তাৰ সদায় প্ৰশংসা হওক। আমেন। ২৬  ঈশ্বৰে সেই লোকসকলক নিজৰ অনাদৰযুক্ত কামভাৱ পূৰ কৰিবলৈ এৰি দিলে। কিয়নো তেওঁলোকৰ তিৰোতাবিলাকে তিৰোতাৰ লগত শাৰীৰিক সম্পৰ্ক ৰাখিবলৈ ধৰিলে, যি অস্বাভাৱিক হয়। ২৭  ঠিক সেইদৰে পুৰুষবিলাকেও তিৰোতাৰ লগত স্বাভাৱিক শাৰীৰিক সম্পৰ্ক ৰাখিবলৈ এৰি দিলে আৰু পুৰুষে পুৰুষৰ প্ৰতি কামভাৱৰ জুইত প্ৰজ্বলিত হৈ শাৰীৰিক সম্পৰ্ক ৰাখিলে। পুৰুষে পুৰুষৰ লগত অশ্লীল কাম কৰিলে আৰু নিজৰ বেয়া কামৰ সম্পূৰ্ণ পৰিণাম ভুগিলে। ২৮  সেই লোকসকলে ঈশ্বৰক জনাটো* প্ৰয়োজন বুলি নাভাবিলে। সেইবাবে, তেওঁলোকে বেয়া কাম কৰিবলৈ ঈশ্বৰেও তেওঁলোকৰ মন ভ্ৰষ্ট অৱস্থাতে এৰি দিলে। ২৯  তেওঁলোক সকলো ধৰণৰ পাপ, দুষ্টতা, লোভ আৰু মন্দৰে পৰিপূৰ্ণ আৰু তেওঁলোকে ঈৰ্ষা, হত্যা, কাজিয়া আৰু ছল কৰে আৰু আনৰ ভাল হোৱাটো নিবিচাৰে। তেওঁলোক পৰচৰ্চা কৰা, ৩০  আনৰ নিন্দা কৰা, ঈশ্বৰক ঘৃণা কৰা, অভদ্ৰ, অহংকাৰী, ফিতাহি মৰা, বেয়া কথাবোৰ পৰিকল্পনা কৰা, মা-দেউতাৰ কথা নুশুনা, ৩১  নিৰ্বোধ, নিজৰ কথা নৰখা, মৰম-স্নেহ নকৰা আৰু নিৰ্দয় লোক হয়। ৩২  যি লোকসকলে এনে কামবোৰত লাগি থাকে, তেওঁলোক মৃত্যুৰ শাস্তি পোৱাৰ যোগ্য বুলি ঈশ্বৰৰ এই ন্যায়সংগত আইনৰ বিষয়ে তেওঁলোকে ভালদৰে জানে। তথাপি তেওঁলোকে নিজেই এই কামবোৰত লাগি থকাৰ উপৰিও এনে কাম কৰা লোকসকলক সঠিক বুলিও কয়।

Footnotes

গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
আক্ষ., “বীজ।”
বা “উপহাৰ।”
বা “ঈশ্বৰৰ বিষয়ে সঠিক জ্ঞান লোৱাটো।”