ৰোমীয়াসকললৈ ১০:১-২১
১০ ভাইসকল, মই হৃদয়ৰ পৰা এয়াই বিচাৰোঁ আৰু ইস্ৰায়েলীসকলৰ কাৰণে ঈশ্বৰলৈ মোৰ এয়াই প্ৰাৰ্থনা যে তেওঁলোকে যেন উদ্ধাৰ পায়।
২ কাৰণ মই তেওঁলোকৰ বিষয়ে সাক্ষ্য দিওঁ যে ঈশ্বৰৰ সেৱাৰ কাৰণে তেওঁলোকৰ উৎসাহতো আছে, কিন্তু সঠিক জ্ঞানৰ অনুসৰি নহয়।
৩ তেওঁলোকে জনা নাছিল যে ঈশ্বৰৰ দৃষ্টিত ভাল মানুহ বুলি গণিত হʼবলৈ কিহৰ প্ৰয়োজন। সেইবাবে, তেওঁলোকে নিজৰ অনুসৰি নিজে ভাল মানুহ বুলি গণিত হʼবলৈ চেষ্টা কৰি থাকিল আৰু ঈশ্বৰৰ সঠিক মানদণ্ডৰ অনুসৰি নচলিলে।
৪ খ্ৰীষ্টৰ মৃত্যুৰ যোগেদি নিয়মৰ অন্ত হʼল যাতে যি কোনোৱে খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰে, তেওঁ ভাল মানুহ বুলি গণিত হয়।
৫ মোচিয়ে নিয়মৰ যোগেদি ভাল মানুহ বুলি গণিত হোৱাৰ বিষয়ে লিখিলে, “যিজন মানুহে এই কামবোৰ কৰে, তেওঁ জীয়াই থাকিব।”
৬ কিন্তু বিশ্বাসেৰে ভাল মানুহ বুলি গণিত হোৱাৰ বিষয়ে শাস্ত্ৰত লিখা আছে, “নিজৰ মনতে এইদৰে নকʼবা, ‘কোনে স্বৰ্গলৈ যাব?’ অৰ্থাৎ খ্ৰীষ্টক তললৈ আনিবলৈ কোনে স্বৰ্গলৈ যাব।
৭ বা, ‘কোনে অগাধ ঠাইলৈ* যাব?’ অৰ্থাৎ খ্ৰীষ্টক মৃতবিলাকৰ মাজৰ পৰা লৈ আনিবলৈ কোনে অগাধ ঠাইলৈ যাব।”
৮ কিন্তু শাস্ত্ৰই কি কয়? “এই বাৰ্তা তোমাৰ ওচৰত, তোমাৰ মুখত আৰু তোমাৰ হৃদয়তে আছে,” অৰ্থাৎ বিশ্বাসৰ “বাৰ্তা,” যাৰ বিষয়ে আমি প্ৰচাৰ কৰোঁ।
৯ যীচুৱেই প্ৰভু হয় বুলি যদি তুমি সকলোৰে আগত মুখেৰে ঘোষণা কৰা আৰু নিজৰ হৃদয়ত এয়া বিশ্বাস কৰা যে ঈশ্বৰে তেওঁক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে, তেনেহʼলে তুমি উদ্ধাৰ পাবা।
১০ কাৰণ এজন ব্যক্তি ভাল মানুহ বুলি গণিত হʼবলৈ হৃদয়েৰে বিশ্বাস কৰিব লাগিব। কিন্তু উদ্ধাৰ পাবলৈ সকলোৰে আগত নিজৰ বিশ্বাসৰ ঘোষণা কৰিব লাগিব।
১১ কিয়নো শাস্ত্ৰই কয়, “যি কোনোৱে তেওঁৰ ওপৰত বিশ্বাস কৰে, তেওঁ নিৰাশ নহʼব।”
১২ কাৰণ যিহূদী আৰু গ্ৰীকসকলৰ মাজত কোনো পাৰ্থক্য নাই, কিয়নো সকলোৰে এজনেই প্ৰভু আছে আৰু যিসকলে তেওঁক সহায় বিচাৰে, তেওঁ তেওঁলোকক উদাৰতাৰে সহায় কৰে।
১৩ কিয়নো “যি কোনোৱে যিহোৱাৰ* নাম লয়, তেওঁ উদ্ধাৰ পাব।”
১৪ কিন্তু তেওঁলোকে তেওঁৰ নাম কেনেকৈ লʼব, যদি তেওঁলোকে তেওঁৰ ওপৰত বিশ্বাসেই নকৰে? আৰু তেওঁলোকে তেওঁৰ ওপৰত বিশ্বাস কেনেকৈ কৰিব, যদি তেওঁলোকে তেওঁৰ বিষয়ে শুনাই নাই? আৰু তেওঁলোকে তেওঁৰ বিষয়ে কেনেকৈ শুনিব, যদি তেওঁলোকক কোনেও প্ৰচাৰেই কৰা নাই?
১৫ আৰু প্ৰচাৰ কৰাসকলে কেনেকৈ প্ৰচাৰ কৰিব, যেতিয়ালৈকে তেওঁলোকক পঠোৱা নহয়। যিদৰে লিখা আছে, “যিসকলে ভাল কথাৰ শুভবাৰ্তা শুনায়, তেওঁলোকৰ ভৰি কিমান যে সুন্দৰ!”
১৬ তথাপি তেওঁলোকৰ মাজৰ সকলোৱে শুভবাৰ্তাৰ অনুসৰি নচলিলে। যিচয়াই কয়, “হে যিহোৱা,* কোনে আমাৰ বাৰ্তাৰ ওপৰত বিশ্বাস কৰিলে?”
১৭ তেনেহʼলে, বাৰ্তা শুনাৰ পাছতহে বিশ্বাস কৰা যায় আৰু বাৰ্তা তেতিয়া শুনা হয়, যেতিয়া কোনোবাই খ্ৰীষ্টৰ বিষয়ে প্ৰচাৰ কৰে।
১৮ কিন্তু মই সোধোঁ, তেওঁলোকে বাৰ্তা শুনিবলৈ নাপালে নে? নিশ্চয় পালে, কিয়নো শাস্ত্ৰত লিখা আছে, “বাৰ্তা শুনাওঁতাবিলাকৰ মাত গোটেই পৃথিৱীত শুনা গʼল আৰু তেওঁলোকৰ বাৰ্তা পৃথিৱীৰ চুকে-কোণে থকা লোকসকলে শুনিবলৈ পালে।”
১৯ কিন্তু মই তোমালোকক সোধোঁ, ইস্ৰায়েলীয়ে বুজি নাপালে নে? প্ৰথমে মোচিয়ে কৈছিল, “মই ইস্ৰায়েলী নোহোৱা লোকৰ যোগেদি তোমালোকৰ মনত ঈৰ্ষা জগাম আৰু মই এক মূৰ্খ জাতিৰ যোগেদি তোমালোকৰ খং তোলাম।”
২০ তাৰ পাছত যিচয়াই সাহসেৰে কয়, “যিসকলে মোক নিবিচাৰিলে, তেওঁলোকে মোক পালে আৰু যিসকলে মোৰ বিষয়ে নুসুধিলে, তেওঁলোকৰ আগত মই নিজকে প্ৰকাশ কৰিলোঁ।”
২১ কিন্তু ইস্ৰায়েলীসকলৰ বিষয়ে তেওঁ কয়, “মই গোটেই দিনটো এনে লোকসকলৰ আগত হাত মেলিলোঁ, যিসকলে মোৰ আজ্ঞা নামানে আৰু যিসকলৰ হৃদয় কঠোৰ হয়।”