ৰোমীয়াসকললৈ ১১:১-৩৬

  • সকলো ইস্ৰায়েলীক ত্যাগ কৰা নহʼল (১-১৬)

  • জলফাই গছৰ উদাহৰণ (১৭-৩২)

  • ঈশ্বৰৰ বুদ্ধিৰ গভীৰতা (৩৩-৩৬)

১১  তেনেহʼলে মই সোধোঁ, ঈশ্বৰে নিজৰ লোকসকলক ত্যাগ কৰিলে নে? কেতিয়াও নহয়! কিয়নো ময়োতো এজন ইস্ৰায়েলী হওঁ আৰু অব্ৰাহামৰ বংশৰ* আৰু বিন্যামীন গোষ্ঠীৰ হওঁ। ২  ঈশ্বৰে নিজৰ লোকসকলক ত্যাগ কৰা নাই, যিসকলৰ প্ৰতি তেওঁ প্ৰথমে ধ্যান দিছিল। তোমালোকে নাজানা নে শাস্ত্ৰই এলিয়াৰ বিষয়ে কি কয়? তেওঁ ঈশ্বৰলৈ ইস্ৰায়েলীসকলৰ বিষয়ে এই অভিযোগ কৰিছিল: ৩  “হে যিহোৱা,* সিহঁতে তোমাৰ ভৱিষ্যবক্তাসকলক হত্যা কৰিলে আৰু তোমাৰ বেদীবোৰ ভাঙি পেলালে আৰু মই অকলেই বাচি আছোঁ আৰু এতিয়া সিহঁতে মোক হত্যা কৰিবলৈ চেষ্টা কৰি আছে।” ৪  কিন্তু ঈশ্বৰে তেওঁক কি উত্তৰ দিলে? “মোৰ এতিয়াও এনে ৭,০০০ জন লোক আছে, যিসকলে বালৰ আগত আঁঠুকাঢ়ি উপাসনা কৰা নাই।” ৫  ঠিক সেইদৰে, এতিয়াও কিছুমান লোক বাকী আছে, যিসকলক ঈশ্বৰৰ মহা-কৃপাৰ কাৰণে বাছনি কৰা হৈছে। ৬  যদি এই বাছনি মহা-কৃপাৰ কাৰণে হয়, তেনেহʼলে ইয়াৰ অৰ্থ হৈছে, এয়া তেওঁলোকৰ কামৰ কাৰণে হোৱা নাই। নহʼলে মহা-কৃপা, মহা-কৃপা হৈ নাথাকিলেহেঁতেন। ৭  তেনেহʼলে আমি কি কʼম? ইস্ৰায়েলীয়ে যি বস্তুক মনে-প্ৰাণে বিচাৰিছিল, সেয়া তেওঁলোকে নাপালে, কিন্তু এয়া বাছনি কৰা লোকসকলে পালে। বাকী লোকসকলৰ হৃদয় কঠোৰ হৈ গʼল, ৮  যিদৰে লিখা আছে, “ঈশ্বৰে যেন তেওঁলোকক গভীৰ টোপনিত পেলাই দিছে, ঈশ্বৰে তেওঁলোকক চাব নোৱাৰা চকু আৰু শুনিব নোৱাৰা কাণ দিছে। আজিলৈকে তেওঁলোক এই অৱস্থাতে আছে।” ৯  আৰু দায়ূদেও কৈছে, “তেওঁলোকৰ মেজ তেওঁলোকলৈ ফান্দ, জাল, উজুটি খুউৱা শিল আৰু শাস্তিৰ কাৰণ হওক। ১০  তেওঁলোকৰ চকু আন্ধাৰেৰে আৱৰি ধৰক যাতে তেওঁলোকে চাব নোৱাৰে আৰু তেওঁলোকৰ কঁকাল সদায়ৰ কাৰণে কুঁজ খাই থাকক।” ১১  সেইবাবে, মই সোধোঁ, তেওঁলোকে একেবাৰে পৰি যোৱাকৈ উজুটি খালে নে? কেতিয়াও নহয়! কিন্তু তেওঁলোকৰ ভুল পদক্ষেপৰ কাৰণে ইস্ৰায়েলী নোহোৱা লোকসকলে উদ্ধাৰ পালে যাতে যিহূদীসকলৰ মনত ঈৰ্ষা ভাৱ আহে। ১২  এতিয়া যদি তেওঁলোকে ভুল পদক্ষেপ লোৱাৰ বাবে জগতে আশীৰ্বাদ পালে আৰু তেওঁলোকৰ সংখ্যা কম হোৱাৰ বাবে ইস্ৰায়েলী নোহোৱা লোকসকলে আশীৰ্বাদ পালে, তেনেহʼলে তেওঁলোকৰ সংখ্যা পূৰ হʼলে আৰু কিমান লাভ হʼব! ১৩  এতিয়া মই তোমালোক, ইস্ৰায়েলী নোহোৱা লোকসকলৰ লগত কথা পাতি আছোঁ। মই ইস্ৰায়েলী নোহোৱা ৰাষ্ট্ৰবোৰৰ কাৰণে পাঁচনি* হওঁ অৰ্থাৎ মোক তেওঁলোকৰ কাৰণে পঠিওৱা হৈছে। সেইবাবে, মই নিজৰ সেৱাক বহুত সন্মান* কৰোঁ ১৪  যাতে নিজৰ লোকসকলৰ মনত কোনোমতে ঈৰ্ষা ভাৱ আনিব পাৰোঁ আৰু তেওঁলোকৰ মাজৰ কিছুমানক উদ্ধাৰ কৰিব পাৰোঁ। ১৫  কাৰণ তেওঁলোকক ত্যাগ কৰাৰ বাবে যদি জগতৰ কাৰণে ঈশ্বৰৰ লগত মিল হʼবলৈ বাট মুকলি হʼল, তেনেহʼলে চিন্তা কৰা, তেওঁলোকক গ্ৰহণ কৰিলে কেনেকুৱা হʼব! এয়া এনে হʼব যেন তেওঁলোকে আগতে মৰি গৈছিল, কিন্তু এতিয়া জীৱিত হʼল। ১৬  ইয়াৰ উপৰিও, প্ৰথম ফল হিচাপে লোৱা আটাৰ সৰু লদা যদি পবিত্ৰ হয়, তেনেহʼলে সানি থোৱা গোটেই আটাখিনিও পবিত্ৰ হয় আৰু যদি শিপা পবিত্ৰ হয়, তেনেহʼলে ডালবোৰো পবিত্ৰ হয়। ১৭  ভাল জলফাই গছৰ কিছুমান ডাল কাটি দিয়া হʼল আৰু বনৰীয়া জলফাই গছ হোৱাৰ সত্ত্বেও তোমাক তাৰ বাকী ডালবোৰৰ মাজত কলম লগোৱা হʼল আৰু তুমি তাৰ শিপাৰ উত্তম ৰসৰ ভাগ হʼলা। ১৮  সেইবাবে, তুমি অহংকাৰেৰে ভৰি* সেই কাটি দিয়া ডালবোৰক তল চকুৰে নাচাবা। যদি তুমি অহংকাৰ কৰা,* তেনেহʼলে তুমি মনত ৰাখা যে তুমি শিপাক ধৰি ৰখা নাই, ইয়াৰ পৰিৱৰ্তে শিপাই তোমাক ধৰি ৰাখিছে। ১৯  তুমি কʼবা, “ডালবোৰ কটাৰ কাৰণ হৈছে যাতে মোক সেই গছত কলম লগোৱা হয়।” ২০  তুমি ঠিকেই কৈ আছা! কিন্তু সেই ডালবোৰক কটাৰ কাৰণ হৈছে, তেওঁলোকৰ বিশ্বাস কম আছিল, কিন্তু তুমি নিজৰ বিশ্বাসৰ কাৰণে স্থিৰ হৈ আছা। অহংকাৰ কৰিবলৈ বন্ধ কৰা, ইয়াৰ পৰিৱৰ্তে সাৱধানে থাকা। ২১  কাৰণ ঈশ্বৰে যদি আচল জলফাই গছৰ ডালবোৰকে থাকিবলৈ নিদিলে, তেনেহʼলে তেওঁ তোমালোককো থাকিবলৈ নিদিব। ২২  সেইবাবে, ধ্যান দিয়া যে ঈশ্বৰে কেনেকৈ কৃপা কৰিলে আৰু কঠোৰতাৰে ব্যৱহাৰ কৰিলে। পৰি যোৱা লোকসকলৰ লগত তেওঁ কঠোৰতাৰে ব্যৱহাৰ কৰিলে, কিন্তু তোমাৰ ওপৰত কৃপা কৰিলে। এতিয়া তুমি তেওঁৰ কৃপাৰ যোগ্য হৈ থাকা। নহʼলে তোমাকো কাটি দিয়া হʼব। ২৩  আৰু যদি তেওঁলোকে আকৌ বিশ্বাস কৰিবলৈ ধৰে, তেনেহʼলে তেওঁলোককো গছত কলম লগোৱা হʼব, কিয়নো ঈশ্বৰে তেওঁলোকক পুনৰ লগাব পাৰে। ২৪  কাৰণ যদি তোমাক বনৰীয়া গছৰ পৰা কাটি বাগিছাত লগোৱা আচল জলফাই গছত কলম লগোৱা হয়, যি সাধাৰণতে এইদৰে কৰা নহয়, তেনেহʼলে এই আচল ডালবোৰক নিজৰ জলফাই গছতে আৰু সহজভাৱে লগাব নোৱাৰি নে! ২৫  ভাইসকল, মই নিবিচাৰোঁ যে তোমালোকে নিজৰ দৃষ্টিতে নিজকে বুদ্ধিমান বুলি ভাবা আৰু এই পবিত্ৰ ৰহস্যৰ পৰা নজনাকৈ থাকা: ইস্ৰায়েলী নোহোৱা লোকসকলৰ সংখ্যা পূৰ নোহোৱালৈকে কিছুমান ইস্ৰায়েলী কঠোৰ হৈ থাকিল। ২৬  আৰু এইদৰে গোটেই ইস্ৰায়েলে উদ্ধাৰ পাব। যিদৰে লিখা আছে, “উদ্ধাৰকৰ্তা চিয়োনৰ পৰা আহিব আৰু যাকোবৰ পৰা এনে কাম নাইকিয়া কৰিব, যাৰ পৰা ঈশ্বৰৰ অনাদৰ হয়। ২৭  যেতিয়া মই তেওঁলোকৰ পাপ দূৰ কৰিম, তেতিয়া মই তেওঁলোকৰ লগত এই চুক্তি কৰিম।” ২৮  এয়া সঁচা যে তেওঁলোকে শুভবাৰ্তাক গ্ৰহণ নকৰি ঈশ্বৰৰ শত্ৰু হʼল আৰু ইয়াৰ পৰা তেওঁলোকৰ লাভ হʼল, কিন্তু ঈশ্বৰে তেওঁলোকৰ পূৰ্বপুৰুষৰ লগত যি প্ৰতিজ্ঞা কৰিছিল, তাৰ কাৰণে তেওঁলোকৰ মাজৰ কিছুমানক তেওঁ নিজৰ বন্ধু বাছনি কৰিলে। ২৯  কাৰণ বৰদান আৰু নিমন্ত্ৰণৰ ক্ষেত্ৰত ঈশ্বৰে নিজৰ নিৰ্ণয় সলনি নকৰিব। ৩০  এনে এক সময় আছিল, যেতিয়া তোমালোকে ঈশ্বৰৰ আজ্ঞা পালন কৰা নাছিলা, কিন্তু তেওঁলোকে আজ্ঞা নমনাৰ কাৰণে তোমালোকৰ ওপৰত দয়া দেখুৱা হʼল। ৩১  যিদৰে তেওঁলোকে আজ্ঞা নমনাৰ কাৰণে তোমালোকৰ ওপৰত দয়া দেখুৱা হʼল, ঠিক সেইদৰে তেওঁলোকৰ ওপৰতো দয়া দেখুৱাব পাৰি। ৩২  কাৰণ ঈশ্বৰে সেই সকলোকে আজ্ঞা নমনাৰ কয়দী হʼবলৈ দিলে যাতে সেই সকলোৰে ওপৰত দয়া দেখুৱাব পাৰে। ৩৩  বাঃ! ঈশ্বৰৰ সম্পত্তি, বুদ্ধি আৰু জ্ঞানৰ গভীৰতাৰ কোনো সীমা নাই! তেওঁৰ নিৰ্ণয়বোৰ কোনে জানিব পাৰে আৰু তেওঁৰ পথবোৰ কোনে বুজিব পাৰে! ৩৪  কাৰণ “যিহোৱাৰ* চিন্তাধাৰা কোনে জানিব পাৰিলে বা তেওঁৰ পৰামৰ্শদাতা কোনে হʼব পাৰিলে?” ৩৫  অথবা “কোনে প্ৰথমে ঈশ্বৰক কিবা দিছে যে ঈশ্বৰে তেওঁক ঘূৰাই দিব?” ৩৬  কিয়নো সকলো তেওঁৰ ফালৰ পৰা, তেওঁৰ যোগেদি আৰু তেওঁৰ কাৰণেই হয়। তেওঁৰ মহিমা সদায় হৈ থাকক। আমেন।

Footnotes

আক্ষ., “বীজ।”
অতি. ক৫ চাওক।
গ্ৰীক ভাষাত ইয়াৰ অৰ্থ হৈছে, “পঠিওৱা হৈছে।”
বা “প্ৰশংসা।”
বা “ফিতাহি মাৰি।”
বা “ফিতাহি মাৰা।”
অতি. ক৫ চাওক।