ৰোমীয়াসকললৈ ৩:১-৩১

  • “যিকোনো পৰিস্থিতিত ঈশ্বৰ সত্য হয় বুলি প্ৰমাণিত হয়” (১-৮)

  • যিহূদী আৰু ইস্ৰায়েলী নোহোৱা সকলোৱে পাপৰ অধীনত (৯-২০)

  • বিশ্বাসৰ কাৰণে ভাল মানুহ বুলি গণ্য কৰা হয় (২১-৩১)

    • ঈশ্বৰৰ আচৰিত গুণ সকলোৱে দেখুৱাব নোৱাৰিলে (২৩)

 তেনেহʼলে এজন ব্যক্তি যিহূদী হোৱা বা চুন্নৎ হোৱাৰ কি লাভ? ২  বহুত লাভ আছে। প্ৰথমটো হৈছে, যিহূদীসকলকহে ঈশ্বৰৰ পবিত্ৰ বাক্য দিয়া হৈছিল। ৩  কিন্তু যিহূদীসকলৰ মাজৰ কিছুমানে বিশ্বাস নকৰিলেও কি হʼল? তেওঁলোকে বিশ্বাস নকৰাৰ কাৰণে এয়া প্ৰমাণ হয় নে যে ঈশ্বৰ বিশ্বাসযোগ্য নহয়? ৪  কেতিয়াও নহয়! সকলো মানুহ মিছলীয়া বুলি প্ৰমাণিত হʼলেও যিকোনো পৰিস্থিতিত ঈশ্বৰ সত্য হয় বুলি প্ৰমাণিত হয়। যিদৰে শাস্ত্ৰত লিখাও আছে, “যাতে তুমি যি কোৱা, সেয়া সঠিক বুলি প্ৰমাণিত হওক আৰু তুমি নিজৰ মোকৰ্দ্দমাত জয়ী হোৱা।” ৫  কিছুমান লোকে কয় যে আমি বেয়া কাম কৰি এয়া দেখুৱাই আছোঁ যে ঈশ্বৰে কৰা সকলো কাম সঠিক হয়। যদি তেওঁলোকৰ কথা সঠিক হয়, তেনেহʼলে ঈশ্বৰে তেওঁলোকক শাস্তি দি অন্যায় কৰা নাই নে? (মই এজন ব্যক্তিৰ দৃষ্টিভংগীৰে কৈ আছোঁ।) ৬  নহয়, তেওঁ অন্যায় কৰিব নোৱাৰে! যদি এইদৰে হয়, তেনেহʼলে তেওঁ গোটেই জগতৰ ন্যায় কেনেকৈ কৰিব? ৭  কিন্তু মোৰ মিছা কথাৰ যোগেদি যদি ঈশ্বৰ সত্য হয় আৰু তেওঁৰ মহিমা হয় বুলি স্পষ্টকৈ দেখা যায়, তেনেহʼলে ঈশ্বৰে মোক কিয় পাপী বুলি কয়? ৮  তেনেহʼলে আমিও কিয় নকওঁ, “বʼলা আমি বেয়া কাম কৰোঁ যাতে ইয়াৰ পৰা ভাল বিষয় ওলাই পৰে,” যিদৰে আমি এয়া শিকাওঁ বুলি কিছুমান লোকে আমাৰ ওপৰত মিছা অভিযোগ লগায়। এনে লোকসকলে ন্যায়ৰ অনুসৰি উচিত শাস্তি পাব। ৯  তেনেহʼলে আমি কি কʼম? আমি যিহূদীসকল আনতকৈ শ্ৰেষ্ঠ নে? কেতিয়াও নহয়! কিয়নো আমি আগতে এয়া প্ৰমাণ কৰিলোঁ* যে যিহূদী আৰু ইস্ৰায়েলী নোহোৱা সকলোৱে পাপৰ অধীনত আছে। ১০  যিদৰে শাস্ত্ৰত লিখা আছে, “ঈশ্বৰৰ দৃষ্টিত ভাল কাম কৰা এনে কোনো মানুহ নাই, এজনো নাই। ১১  এনে কোনো নাই, যাৰ অলপো অন্তৰ্দৃষ্টি আছে, এনে কোনো নাই, যিজনে ঈশ্বৰক বিচাৰে। ১২  সকলো মানুহে সঠিক পথৰ পৰা আঁতৰি গৈছে। তেওঁলোক কোনো কামৰ নহয়। কোনেও ভাল কাম নকৰে, এজনেও নকৰে।” ১৩  “তেওঁলোকৰ ডিঙি এটা মুকলি কবৰৰ দৰে হয়, তেওঁলোকৰ জিভা কপটেৰে ভৰি আছে।” “তেওঁলোকৰ ওঁঠৰ পিছফালে সাপৰ বিষ আছে।” ১৪  “তেওঁলোকৰ মুখ অভিশাপ আৰু তিতা বাক্যৰে ভৰি আছে।” ১৫  “তেওঁলোকৰ ভৰি হত্যা কৰিবলৈ বেগেৰে আগবাঢ়ি যায়।” ১৬  “লোকসকলক ক্ষতি কৰা আৰু কষ্ট দিয়াই তেওঁলোকৰ কাম। ১৭  আৰু শান্তিৰ পথ কʼত আছে, তেওঁলোকে নাজানেই।” ১৮  “তেওঁলোকৰ চকুত ঈশ্বৰৰ প্ৰতি অলপো ভয় নাই।” ১৯  আমি জানোঁ যে নিয়মৰ সকলো কথা সেই লোকসকলক জনোৱা হৈছে, যিসকল নিয়মৰ অধীনত আছে যাতে সকলো মানুহৰ মুখ বন্ধ কৰিব পাৰি আৰু গোটেই জগত ঈশ্বৰৰ পৰা শাস্তি পোৱাৰ যোগ্য হয়। ২০  কিয়নো নিয়মত কোৱা কামবোৰৰ আধাৰত কোনো মানুহে ঈশ্বৰৰ আগত ভাল মানুহ বুলি গণ্য হʼব নোৱাৰে। কাৰণ পাপ কি হয়, ইয়াৰ সঠিক জ্ঞান নিয়মত পোৱা যায়। ২১  কিন্তু এতিয়া এয়া প্ৰকাশ কৰা হৈছে যে নিয়ম নমনাকৈ এজন মানুহ ঈশ্বৰৰ দৃষ্টিত ভাল ব্যক্তি বুলি গণ্য হʼব পাৰে, যিদৰে নিয়ম আৰু ভৱিষ্যবক্তাসকলৰ কিতাপেও সাক্ষ্য দিয়ে। ২২  হয়, যীচু খ্ৰীষ্টৰ ওপৰত বিশ্বাস কৰিলে এজন মানুহ ঈশ্বৰৰ দৃষ্টিত ভাল মানুহ বুলি গণ্য হʼব পাৰে। বিশ্বাস কৰা সকলো মানুহ ভাল মানুহ হʼব পাৰে আৰু ইয়াত কোনো পক্ষপাত কৰা নহয়। ২৩  কাৰণ সকলোৱে পাপ কৰিলে আৰু তেওঁলোকে ঈশ্বৰৰ আচৰিত গুণ* দেখুৱাব নোৱাৰিলে। ২৪  কিন্তু এয়া ঈশ্বৰৰ মহা-কৃপা হয় যে তেওঁ আমাক ভাল মানুহ বুলি গণ্য কৰে আৰু এয়া তেওঁ দিয়া দান হয়। যীচু খ্ৰীষ্টই আমাক উদ্ধাৰ কৰিবলৈ যি মুক্তিৰ মূল্য দিলে, তাৰ কাৰণে ঈশ্বৰে আমাক ভাল মানুহ বুলি গণ্য কৰে। ২৫  ঈশ্বৰে খ্ৰীষ্টক বলিদান হিচাপে দিলে যাতে খ্ৰীষ্টৰ তেজৰ ওপৰত বিশ্বাস কৰি যেন পাপৰ প্ৰায়শ্চিত* হয়। তেওঁ ন্যায়ী হয় বুলি প্ৰমাণ কৰিবলৈ তেওঁ এইদৰে কৰিলে, কিয়নো প্ৰাচীন সময়ত তেওঁ লোকসকলৰ পাপবোৰ সহন কৰিলে আৰু তেওঁলোকক ক্ষমা কৰি থাকিল। ২৬  আমাৰ সময়তো ঈশ্বৰে ন্যায়ী হয় বুলি এইদৰে কৰিলে যাতে যি মানুহে যীচুৰ ওপৰত বিশ্বাস কৰে, তেওঁ ভাল মানুহ বুলি গণ্য হোৱাৰ সময়ত তেওঁ নিজেও ন্যায়ী হয় বুলি প্ৰমাণিত হয়। ২৭  তেনেহʼলে অহংকাৰ কৰাৰ কোনো কাৰণ থাকিল নে? নাই, কোনো কাৰণ নাই। কোনটো নিয়মক লৈ অহংকাৰ কৰোঁ? সেই নিয়মক লৈ যিয়ে কামক গুৰুত্ব দিয়ে? কেতিয়াও নহয়, ইয়াৰ পৰিৱৰ্তে সেই নিয়মক লৈ যিয়ে বিশ্বাসক গুৰুত্ব দিয়ে। ২৮  সেইবাবে, আমি বুজি পালোঁ যে এজন মানুহ নিয়মত কোৱা কামবোৰৰ যোগেদি নহয়, কিন্তু বিশ্বাসৰ যোগেদিহে ভাল মানুহ বুলি গণ্য হয়। ২৯  তেওঁ কেৱল যিহূদীসকলৰ ঈশ্বৰ নে? তেওঁ আন ৰাষ্ট্ৰৰ লোকসকলৰো ঈশ্বৰ নহয় নে? হয়, তেওঁ তেওঁলোকৰো ঈশ্বৰ হয়। ৩০  ঈশ্বৰ এজনেই, সেইবাবে তেৱেঁই চুন্নৎ হোৱা লোকসকলক তেওঁলোকৰ বিশ্বাসৰ কাৰণে ভাল মানুহ বুলি গণ্য কৰে আৰু যিসকলৰ চুন্নৎ হোৱা নাই, তেওঁলোকক তেওঁলোকৰ বিশ্বাসৰ যোগেদি ভাল মানুহ বুলি গণ্য কৰে। ৩১  আমি নিজৰ বিশ্বাসৰ যোগেদি নিয়মক লুপ্ত কৰিছোঁ নে? নহয়, ইয়াৰ পৰিৱৰ্তে আমি নিয়মক সঠিক বুলি প্ৰমাণ কৰিছোঁ।

Footnotes

আক্ষ., “দায় দিলোঁ।”
আক্ষ., “মহিমা।”
বা “ঈশ্বৰৰ লগত শান্তি।”