ৰোমীয়াসকললৈ ৬:১-২৩

  • খ্ৰীষ্টত বাপ্তিষ্মা লৈ এক নতুন জীৱন-যাপন (১-১১)

  • পাপক নিজৰ শৰীৰত ৰাজত্ব কৰিবলৈ নিদিবা (১২-১৪)

  • পাপৰ দাস ঈশ্বৰৰ দাস হোৱা (১৫-২৩)

    • পাপৰ মজুৰি মৃত্যু; ঈশ্বৰৰ উপহাৰ জীৱন (২৩)

 তেনেহʼলে এতিয়া আমি কি কʼম? আৰু বেছিকৈ মহা-কৃপা পাবলৈ আমি পাপ কৰি থাকিম নে? ২  কেতিয়াও নহয়! যদি আমি পাপৰ কাৰণে মৰিলোঁ, তেনেহʼলে এয়া কেনেকৈ হʼব পাৰে যে আমি পাপ কৰাত লাগি থাকোঁ? ৩  অথবা তোমালোকে নাজানা নে যে আমি, যিসকলে খ্ৰীষ্ট যীচুত বাপ্তিষ্মা লৈছোঁ, আমি তেওঁৰ মৃত্যুতো বাপ্তিষ্মা লৈছোঁ? ৪  সেইবাবে, তেওঁৰ মৃত্যুতো বাপ্তিষ্মা লোৱাৰ কাৰণে আমাকো তেওঁৰ লগত কবৰ দিয়া হʼল, যেন পিতৃৰ মহিমাৰ যোগেদি খ্ৰীষ্টক যেনেকৈ মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলা হʼল, তেনেকৈ আমিও যেন নতুনকৈ জীৱন-যাপন কৰিব পাৰোঁ। ৫  যদি আমি তেওঁৰ দৰে মৃত্যু হৈ তেওঁৰ লগত এক হʼলোঁ, তেনেহʼলে তেওঁৰ দৰে জীৱিত হৈও তেওঁৰ লগত এক হʼম। ৬  কিয়নো আমি জানোঁ যে আমাৰ পুৰণি ব্যক্তিত্বক তেওঁৰ লগত কাঠত গজাল মাৰি দিয়া হʼল যাতে আমাৰ পাপী শৰীৰে আমাৰ ওপৰত অধিকাৰ চলাব নোৱাৰে আৰু এতিয়াৰ পৰা আমি পাপৰ দাস হৈ নাথাকোঁ। ৭  কাৰণ যিজন মৰিল, তেওঁ নিজৰ পাপৰ পৰা মুক্ত* হʼল। ৮  ইয়াৰ উপৰিও, যদি আমি খ্ৰীষ্টৰ লগত মৰিলোঁ, তেনেহʼলে আমাৰ বিশ্বাস আছে যে আমি তেওঁৰ লগত জীয়াইয়ো উঠিম। ৯  কাৰণ আমি জানোঁ যে খ্ৰীষ্ট, যিজনক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলা হʼল, তেওঁ আকৌ নমৰিব, এতিয়া তেওঁৰ ওপৰত মৃত্যুৰ কোনো অধিকাৰ নাই। ১০  কাৰণ খ্ৰীষ্টই যি মৃত্যু ভোগ কৰিলে, সেয়া পাপক নাইকিয়া কৰাৰ কাৰণে আছিল আৰু তেওঁ এবাৰেই মৰিল যাতে আকৌ মৰিবলগীয়া নহয়। কিন্তু তেওঁ যি জীৱন জীয়াই আছে, সেয়া ঈশ্বৰৰ উদ্দেশ্যে জীয়াই আছে। ১১  এইদৰে তোমালোকেও এয়া বুজি লোৱা যে তোমালোকে পাপৰ কাৰণেতো মৃত্যু হʼলা, কিন্তু খ্ৰীষ্ট যীচুৰ যোগেদি ঈশ্বৰৰ কাৰণে জীয়াই আছা। ১২  সেইবাবে, তোমালোকে পাপক নিজৰ বিনাশী শৰীৰত ৰজা হৈ ৰাজত্ব কৰিবলৈ নিদিবা আৰু শৰীৰৰ ইচ্ছাবোৰৰ দাস হৈ তাৰ কথা নামানিবা। ১৩  তোমালোকে নিজৰ শৰীৰক* দুষ্ট কামৰ অস্ত্ৰ-শস্ত্ৰ হʼবলৈ পাপক গতাই নিদিবা। ইয়াৰ পৰিৱৰ্তে, মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলা ব্যক্তি হিচাপে নিজকে ঈশ্বৰলৈ সমৰ্পণ কৰা, লগতে নিজৰ শৰীৰক যি সঠিক, তাৰ অস্ত্ৰ-শস্ত্ৰ হʼবলৈ ঈশ্বৰলৈ গতাই দিয়া। ১৪  এতিয়া পাপ তোমালোকৰ মালিক নহওক, কিয়নো তোমালোক নিয়মৰ অধীন নোহোৱা, কিন্তু মহা-কৃপাৰ অধীন হোৱা। ১৫  তেনেহʼলে এতিয়া আমি কি কʼম? আমি নিয়মৰ অধীনত নাই আৰু মহা-কৃপাৰ অধীনত আছোঁ বুলি পাপ কৰিম নে? কেতিয়াও নহয়! ১৬  তোমালোকে নাজানা নে যদি তোমালোকে কাৰোবাৰ আজ্ঞা পালন কৰিবলৈ নিজকে দাস হিচাপে তেওঁলৈ গতাই দিয়া, তেনেহʼলে তেওঁৰেই দাস হৈ যোৱা। সেইবাবে, তোমালোকে যদি পাপৰ দাস হৈ থাকা, তেনেহʼলে তোমালোকৰ মৃত্যু হʼব। কিন্তু তোমালোকে যদি ঈশ্বৰৰ দাস হৈ থাকা আৰু তেওঁৰ আজ্ঞা পালন কৰি থাকা, তেনেহʼলে তোমালোক ভাল মানুহ বুলি গণ্য হʼবা। ১৭  যদিও তোমালোকে আগতে পাপৰ দাস হৈ আছিলা, তথাপি যিধৰণে তোমালোকক শিক্ষা দিয়া হৈছিল, সেয়া তোমালোকে হৃদয়েৰে পালন কৰি আছা, সেইবাবে ঈশ্বৰৰ ধন্যবাদ হওক। ১৮  হয়, তোমালোকক পাপৰ পৰা মুক্ত কৰা হৈছিল, সেইবাবে তোমালোকে সঠিক কামৰ দাস হোৱা। ১৯  মই তোমালোকৰ পাপী শৰীৰৰ দুৰ্বলতাক মনত ৰাখি সহজ ভাষাত কৈ আছোঁ। যিদৰে এটা সময়ত তোমালোকে দুষ্ট কাম কৰিবলৈ নিজৰ অংগবোৰক অশুচি আৰু দুষ্ট কামৰ দাস বনাইছিলা, তেনেকৈ এতিয়া তোমালোকে পবিত্ৰ কাম কৰিবলৈ নিজৰ অংগবোৰক সঠিক কামৰ দাস বনোৱা। ২০  কিয়নো যেতিয়া তোমালোকে পাপৰ দাস হৈ আছিলা, তেতিয়া তোমালোকে সঠিক কাম কৰাৰ পৰা মুক্ত আছিলা। ২১  তেনেহʼলে সেই সময়ত তোমালোকে কেনেধৰণৰ ফল উৎপন্ন কৰিছিলা, তোমালোকে এনে কাম কৰিছিলা, যাৰ বিষয়ে ভাবি এতিয়া তোমালোকে লাজ অনুভৱ কৰা। এনে কামবোৰৰ শেষ পৰিণাম হৈছে মৃত্যু। ২২  কিন্তু এতিয়া তোমালোকে পাপৰ পৰা মুক্ত হৈ ঈশ্বৰৰ দাস হৈছা। সেইবাবে, তোমালোকে পবিত্ৰতাৰ ফল উৎপন্ন কৰি আছা আৰু ইয়াৰ শেষ পৰিণাম হৈছে অনন্ত জীৱন। ২৩  কিয়নো পাপে যি মজুৰি দিয়ে, সেয়া হৈছে মৃত্যু, কিন্তু ঈশ্বৰে যি উপহাৰ দিয়ে, সেয়া হৈছে আমাৰ প্ৰভু খ্ৰীষ্টৰ যোগেদি অনন্ত জীৱন।

Footnotes

বা “মুকলি; ক্ষমা কৰা।”
আক্ষ., “অংগবোৰক।”