ৰোমীয়াসকললৈ ৮:১-৩৯

  • পবিত্ৰ শক্তিৰ যোগেদি জীৱন আৰু মুক্ত (১-১১)

  • পবিত্ৰ শক্তিৰ যোগেদি তুলি লোৱা হয় (১২-১৭)

  • সৃষ্টিয়ে ঈশ্বৰৰ সন্তান হোৱাৰ স্বাধীনতাৰ অপেক্ষা কৰি আছে (১৮-২৫)

  • ‘পবিত্ৰ শক্তিয়ে আমাৰ কাৰণে মিনতি কৰে’ (২৬, ২৭)

  • ঈশ্বৰে আগতেই নিৰ্ণয় লʼলে (২৮-৩০)

  • ঈশ্বৰৰ প্ৰেমৰ সহায়ত জয় (৩১-৩৯)

 সেইবাবে, খ্ৰীষ্ট যীচুৰ লগত একতাত থকাসকলক দোষী কৰা নহয়। ২  কিয়নো খ্ৰীষ্ট যীচুৰ শিষ্য হোৱাৰ বাবে তোমালোকক জীৱন দিয়া পবিত্ৰ শক্তিৰ নিয়মে তোমালোকক পাপ আৰু মৃত্যুৰ নিয়মৰ পৰা মুক্ত কৰিলে। ৩  পাপী মানুহৰ কাৰণে নিয়ম দুৰ্বল হৈ পৰিল, সেইবাবে নিয়মে যি কৰিব নোৱাৰিলে, সেয়া ঈশ্বৰে কৰিলে। ঈশ্বৰে নিজৰ পুত্ৰক মানুহৰ ৰূপত পঠালে যাতে তেওঁ পাপক নাইকিয়া কৰে আৰু এইদৰে ঈশ্বৰে শৰীৰত থকা পাপক দোষী কৰিলে ৪  যাতে আমি শৰীৰৰ অনুসৰি নহয়, পবিত্ৰ শক্তিৰ অনুসৰি চলি নিয়মৰ উচিত প্ৰয়োজনীয়তা পূৰ কৰিব পাৰোঁ। ৫  যিসকলে শৰীৰৰ অনুসৰি জীৱন-যাপন কৰে, তেওঁলোকে শৰীৰৰ কথাবোৰৰ ওপৰত ধ্যান দিয়ে। কিন্তু যিসকলে পবিত্ৰ শক্তিৰ অনুসৰি জীৱন-যাপন কৰে, তেওঁলোকে পবিত্ৰ শক্তিৰ কথাবোৰৰ ওপৰত ধ্যান দিয়ে। ৬  কাৰণ শৰীৰৰ কথাবোৰৰ ওপৰত ধ্যান দিয়াৰ অৰ্থ হৈছে মৃত্যু, কিন্তু পবিত্ৰ শক্তিৰ কথাবোৰৰ ওপৰত ধ্যান দিয়াৰ অৰ্থ হৈছে জীৱন আৰু শান্তি। ৭  শৰীৰৰ কথাৰ ওপৰত ধ্যান দিয়াৰ অৰ্থ হৈছে, ঈশ্বৰৰ লগত শত্ৰুতা কৰা, কিয়নো শৰীৰ ঈশ্বৰৰ নিয়মৰ অধীনত নাই আৰু হʼবও নোৱাৰে। ৮  সেইবাবে, যিসকলে শৰীৰৰ অনুসৰি চলে, তেওঁলোকে ঈশ্বৰক আনন্দিত কৰিব নোৱাৰে। ৯  ঈশ্বৰৰ পবিত্ৰ শক্তি সঁচাকৈ যদি তোমালোকৰ হৃদয়ত থাকে, তেনেহʼলে তোমালোকে শৰীৰৰ অনুসৰি নহয়, ইয়াৰ পৰিৱৰ্তে পবিত্ৰ শক্তিৰ অনুসৰি চলা। কিন্তু কাৰোবাৰ যদি খ্ৰীষ্টৰ স্বভাৱ নাই, তেনেহʼলে তেওঁ খ্ৰীষ্টৰ নহয়। ১০  কিন্তু খ্ৰীষ্টই যদি তোমালোকৰ লগত একতাত আছে, তেনেহʼলে তোমালোকৰ শৰীৰ পাপৰ কাৰণে যদিও মৰা, তথাপি পবিত্ৰ শক্তিয়ে তোমালোকক জীৱন দিয়ে, কিয়নো তোমালোকক ভাল মানুহ বুলি গণ্য কৰা হৈছে। ১১  যিজন ঈশ্বৰে যীচুক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তুলিলে, তেওঁৰ পবিত্ৰ শক্তি যদি তোমালোকৰ হৃদয়ত আছে, তেনেহʼলে যীচুক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলা ঈশ্বৰে তোমালোকৰ হৃদয়ত থকা তেওঁৰ পবিত্ৰ শক্তিৰ যোগেদি তোমালোকৰ বিনাশী শৰীৰকো জীয়াই তুলিব। ১২  সেইবাবে ভাইসকল, আমি শৰীৰৰ অনুসৰি জীৱন-যাপন কৰিবলৈ আৰু তাৰ কাম কৰিবলৈ বাধ্য নহওঁ। ১৩  যদি তোমালোকে শৰীৰৰ অনুসৰি জীৱন-যাপন কৰা, তেনেহʼলে তোমালোকে নিশ্চয় মৰিবা, কিন্তু তোমালোকে যদি পবিত্ৰ শক্তিৰ যোগেদি শৰীৰৰ কামবোৰক মাৰি পেলোৱা, তেনেহʼলে তোমালোক জীয়াই থাকিবা। ১৪  কাৰণ যিসকলে ঈশ্বৰৰ পবিত্ৰ শক্তিৰ অনুসৰি চলে, তেওঁলোক সঁচাকৈ ঈশ্বৰৰ পুত্ৰ হয়। ১৫  ঈশ্বৰৰ পবিত্ৰ শক্তিয়ে আমাক দাসো নবনায় আৰু ভয়ো নোখোৱায়, কিন্তু ইয়াৰ যোগেদি আমাক ঈশ্বৰৰ পুত্ৰ হিচাপে তুলি লোৱা হয় আৰু এই পবিত্ৰ শক্তিৰ দ্বাৰা আমি “আব্বা,* হে পিতৃ!” বুলি মাতোঁ। ১৬  আমি ঈশ্বৰৰ সন্তান হওঁ বুলি পবিত্ৰ শক্তিয়ে আমাৰ অন্তৰৰ অনুভূতিৰ লগত মিলি সাক্ষ্য দিয়ে। ১৭  যদি আমি তেওঁৰ সন্তান হওঁ, তেনেহʼলে উত্তৰাধিকাৰীও হওঁ। হয়, ঈশ্বৰৰ উত্তৰাধিকাৰী আৰু খ্ৰীষ্টৰ সংগী উত্তৰাধিকাৰী হওঁ। যদি আমি তেওঁৰ লগত দুখভোগ কৰোঁ, তেনেহʼলে আমি তেওঁৰ লগত মহিমাও পাম। ১৮  কাৰণ মই জানোঁ, আমি পাবলগীয়া মহিমাৰ তুলনাত বৰ্তমান সময়ত ভুগি থকা দুখ-কষ্ট একোৱেই নহয়। ১৯  সৃষ্টিয়ে সেই সময়ৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে, যেতিয়া ঈশ্বৰৰ পুত্ৰসকলৰ মহিমা প্ৰকাশিত হʼব। ২০  কাৰণ সৃষ্টিক ব্যৰ্থতাৰ অধীন কৰা হʼল, কিন্তু তাক নিজৰ ইচ্ছাৰে নহয়, ইয়াৰ পৰিৱৰ্তে ঈশ্বৰে আশাৰ আধাৰত ইয়াক অধীন কৰিলে। ২১  এই আশাৰ আধাৰত যে সৃষ্টিয়েও ভ্ৰষ্টতাৰ দাসত্বৰ পৰা মুক্ত হৈ ঈশ্বৰৰ সন্তান হোৱাৰ প্ৰতাপমূলক স্বাধীনতা পাব। ২২  আমি জানোঁ যে সকলো সৃষ্টিয়ে এতিয়ালৈকে একেলগে কেঁকাই আৰু দুখ ভুগি আছে। ২৩  ইয়াৰ উপৰিও, আমিও যিসকলে প্ৰথম ফল অৰ্থাৎ পবিত্ৰ শক্তি পাইছোঁ, নিজৰ হৃদয়ত কেঁকাই আছোঁ। এই সময়ছোৱাত মুক্তিৰ মূল্যৰ দ্বাৰা নিজৰ শৰীৰৰ পৰা মুক্ত হৈ ঈশ্বৰৰ তুলি লোৱা পুত্ৰ হʼবলৈ আমি আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ। ২৪  যেতিয়া ঈশ্বৰে আমাক পাপৰ পৰা উদ্ধাৰ কৰিলে, তেতিয়া আমি এই আশা পালোঁ। কিন্তু এবাৰ দেখাৰ পাছত আশা, আশা হৈ নাথাকে, কিয়নো এজন ব্যক্তিয়ে কিবা দেখাৰ পাছত তাৰ কাৰণে আশা ৰাখে নে? ২৫  কিন্তু যি আমি দেখা নাই, তাৰ কাৰণে যদি আশা ৰাখোঁ, তেনেহʼলে আমি ধৈৰ্য্য ধৰি আগ্ৰহেৰে তাৰ কাৰণে অপেক্ষা কৰোঁ। ২৬  ইয়াৰ উপৰিও, ঈশ্বৰৰ পবিত্ৰ শক্তিয়েও আমাৰ দুৰ্বলতাত আমাক সহায় কৰে। কিয়নো সমস্যা এয়া যে যেতিয়া আমি প্ৰাৰ্থনা কৰিবলগীয়া হয়, তেতিয়া আমি বুজি নাপাওঁ যে আমি প্ৰাৰ্থনাত কি কʼম। সেই সময়ত আমি ভাষাৰে প্ৰকাশ কৰিব নোৱাৰা কেঁকনিৰে সৈতে পবিত্ৰ শক্তিয়ে নিজেই আমাৰ কাৰণে মিনতি কৰে। ২৭  আৰু হৃদয়ক পৰীক্ষা কৰোঁতাজনে জানে যে পবিত্ৰ শক্তিয়ে কি কʼব বিচাৰিছে, কিয়নো ইয়ে ঈশ্বৰৰ ইচ্ছা অনুসৰি পবিত্ৰ ব্যক্তিসকলৰ কাৰণে মিনতি কৰে। ২৮  আমি জানোঁ যে যিসকলে ঈশ্বৰক প্ৰেম কৰে আৰু তেওঁৰ উদ্দেশ্যৰ অনুসৰি যিসকলক মতা হৈছে, তেওঁলোকৰ ভালৰ কাৰণে ঈশ্বৰে নিজৰ সকলো কাম সংগঠিতভাৱে কৰিছে। ২৯  কিয়নো যিসকলৰ ওপৰত প্ৰথমে তেওঁ ধ্যান দিছিল, তেওঁলোকৰ কাৰণে আগতেই এয়াও নিৰ্ণয় লʼলে যে তেওঁলোকে যেন তেওঁৰ পুত্ৰৰ প্ৰতিৰূপ হয় আৰু তেওঁৰ পুত্ৰ, ভাইসকলৰ মাজত যেন প্ৰথম সন্তান হয়। ৩০  আৰু যিসকলক আগেয়ে নিযুক্ত কৰিলে, তেওঁলোকক তেওঁ নিমন্ত্ৰণো কৰিলে। যিসকলক নিমন্ত্ৰণ কৰিলে, তেওঁলোকক ভাল মানুহ বুলি গণ্য কৰিলে আৰু যিসকলক ভাল মানুহ বুলি গণ্য কৰিলে, তেওঁলোকৰ তেওঁ মহিমাও কৰিলে। ৩১  তেনেহʼলে এই কথাবোৰৰ বিষয়ে আমি কি কʼম? যদি ঈশ্বৰ আমাৰ ফলীয়া হয়, তেনেহʼলে কোনোবাই আমাৰ বিৰুদ্ধে থিয় হʼব পাৰে নে? ৩২  যিজনে নিজৰ পুত্ৰকো আমাৰ কাৰণে মৃত্যু হʼবলৈ দিলে, তেওঁ আৰু তেওঁৰ পুত্ৰই আমাক কৃপা কৰি বাকী সকলো বস্তু নিদিব নে? ৩৩  ঈশ্বৰে বাছনি কৰাসকলৰ ওপৰত কোনে অভিযোগ লগাব পাৰে? তেওঁলোকক ভাল মানুহ বুলি গণ্য কৰাজনতো ঈশ্বৰেই হয়। ৩৪  কোনে তেওঁলোকক দোষী কৰিব পাৰে? কোনেও নোৱাৰে। কিয়নো খ্ৰীষ্ট যীচুৱে নিজৰ জীৱন দিলে, ইয়াৰ উপৰিও তেওঁক মৃতবিলাকৰ মাজৰ পৰা জীয়াই তোলা হʼল, তেওঁ ঈশ্বৰৰ সোঁহাতে বহি আছে আৰু তেৱেঁই আমাৰ কাৰণে মিনতিও কৰে। ৩৫  কোনে আমাক খ্ৰীষ্টৰ প্ৰেমৰ পৰা পৃথক কৰিব পাৰে? সংকটে, দুখ-কষ্টই, অত্যাচাৰে, ভোকে, বস্ত্ৰহীনতাই, বিপদে নে তৰোৱালে? ৩৬  যিদৰে লিখা আছে, “তোমাৰ কাৰণে আমি গোটেই দিন মৃত্যুৰ সন্মুখীন হওঁ, আমাৰ অৱস্থা বলি দিবলৈ নিয়া ভেড়াবোৰৰ দৰে হয়।” ৩৭  ইয়াৰ পৰিৱৰ্তে, যিজনে আমাক প্ৰেম কৰিলে, আমি তেওঁৰ সহায়ত এই সকলো সমস্যাত সম্পূৰ্ণৰূপে জয়ী হওঁ। ৩৮  কিয়নো মোৰ বিশ্বাস আছে যে মৃত্যু বা জীৱন বা স্বৰ্গদূত বা চৰকাৰ বা আজিৰ বস্তু বা আহিবলগীয়া বস্তু বা কোনো শক্তি ৩৯  বা ওখ বা গভীৰ বা আন কোনো সৃষ্টিয়ে আমাক ঈশ্বৰৰ সেই প্ৰেমৰ পৰা পৃথক কৰিব নোৱাৰে, যি আমাৰ প্ৰভু খ্ৰীষ্ট যীচুত আছে।

Footnotes

এয়া হিব্ৰু বা অৰামী ভাষাৰ শব্দ হয়, যাৰ অৰ্থ হৈছে “হে পিতৃ!”