Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

প্ৰেম সত্য খ্ৰীষ্টানসকলৰ পৰিচয় হয়—সত্যত আনন্দ কৰক

প্ৰেম সত্য খ্ৰীষ্টানসকলৰ পৰিচয় হয়—সত্যত আনন্দ কৰক

কিয় গুৰুত্বপূৰ্ণ: যীচুৰ দৰে আমিও ঈশ্বৰৰ উদ্দেশ্যৰ বিষয়ে সত্যতা শিকোৱা উচিত। (যোহ ১৮:৩৭) মিছলীয়া আৰু অধাৰ্ম্মিকতাৰ জগতত জীয়াই থকাৰ সত্ত্বেও আমি সত্যত আনন্দ কৰা উচিত, সত্য কোৱা উচিত আৰু সত্য কথাৰ ওপৰত ধ্যান দিয়া উচিত।—১কৰি ১৩:৬; ফিলি ৪:৮.

ইয়াক কেনেকৈ কৰিব:

  • পৰচৰ্চ্চা নুশুনিবলৈ বা পৰচৰ্চ্চা নকৰিবলৈ দৃঢ়সংকল্প লওক।—১থিচ ৪:১২

  • আনৰ দুৰ্দশা দেখি আনন্দিত নহ’ব

  • আমাক উৎসাহিত কৰা বিষয়বোৰত আনন্দিত হওক

‘তোমালোকে পৰস্পৰে প্ৰেম কৰা’—অধাৰ্মিকতাত আনন্দ নকৰি, সত্যত আনন্দ কৰক নামৰ ভিডিঅ’খন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • আল্কাই কেনেকৈ “অধাৰ্মিকতাত আনন্দ” কৰিছিল?

  • আলিয়াই কথা-বতৰাৰ দিশ কিদৰে ভাল বিষয়বোৰলৈ লৈ যায়?

  • আমি কেনেধৰণৰ ভাল বিষয়বোৰ আলোচনা কৰিব পাৰোঁ?

অধাৰ্মিকতাত আনন্দ নকৰি, সত্যত আনন্দ কৰক