Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

কিশোৰ-কিশোৰীসকল—যিহোৱা আপোনাৰ প্ৰকৃত বন্ধু হয়নে?

কিশোৰ-কিশোৰীসকল—যিহোৱা আপোনাৰ প্ৰকৃত বন্ধু হয়নে?

আপুনি কেনেধৰণৰ ব্যক্তিৰ লগত বন্ধুত্ব কৰি ভাল পায়? হয়তো যি ব্যক্তিয়ে আপোনাক সদায় সহায় কৰে, চিকটা নহয় আৰু আপোনাৰ লগত ভাল ব্যৱহাৰ কৰে, তেওঁৰ লগত আপুনি বন্ধুত্ব কৰে। যিহোৱাও এইদৰেই কৰে। (যাত্ৰা ৩৪:৬; পাঁচ ১৪:১৭) আপুনি প্ৰাৰ্থনা কৰিলে তেওঁ শুনে। আপোনাক সহায়ৰ প্ৰয়োজন হʼলে, তেওঁ সহায় কৰে। (গীত ১৮:১৯, ৩৫) যদি আপোনাৰ কিবা ভুল হয়, তেতিয়া তেওঁ আপোনাক ক্ষমা কৰে। (১যোহ ১:৯) সঁচাকৈ, যিহোৱাৰ দৰে বন্ধু আমি কʼতো বিচাৰি নাপাওঁ!

যিহোৱাৰ লগত বন্ধুত্ব কৰিবলৈ আপুনি কি কৰিব পাৰে? বাইবেল অধ্যয়ন কৰি তেওঁৰ বিষয়ে শিকক। তেওঁক হৃদয়ৰ সকলো কথা জনাওক। (গীত ৬২:৮; ১৪২:২) যিহোৱাৰ বাবে তেওঁৰ পুত্ৰ, তেওঁৰ ৰাজ্য আৰু ভৱিষ্যতৰ বাবে কৰা প্ৰতিজ্ঞা অতি গুৰুত্বপূৰ্ণ আৰু আপুনিও এই বিষয়বোৰ গুৰুত্ব সহকাৰে লওক। যিহোৱাৰ বিষয়ে আন লোকসকলক জনাওক। (দ্বিতী ৩২:৩) যদি আপুনি যিহোৱাৰ লগত প্ৰকৃত বন্ধুত্ব কৰে, তেনেহʼলে তেওঁ সদায় আপোনাৰ বন্ধু হৈ থাকিব।—গীত ৭৩:২৫, ২৬, ২৮.

কিশোৰ-কিশোৰীসকল—“যিহোৱা যে মঙ্গলময়, তাক তোমালোকে আস্বাদন কৰি চোৱা” নামৰ ভিডিঅʼখন দেখুৱাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • সমৰ্পণ কৰিবলৈ আৰু বাপ্তিষ্মা লʼবলৈ আপোনাক কি কৰিব লাগিব?

  • মণ্ডলীৰ ভাই-ভনীসকলৰ সহায়ত আপুনি কেনেকৈ যিহোৱাৰ সেৱা ভালদৰে কৰিব পাৰে?

  • প্ৰচাৰ কাৰ্য্য কৰিলে যিহোৱাৰ লগত থকা আপোনাৰ সম্পৰ্ক কেনেকৈ দৃঢ় হʼব?

  • যিহোৱাৰ লগত আপোনাৰ বন্ধুত্ব কেতিয়াও নাইকিয়া নহʼব!

    আপুনি কি কি উপায়েৰে যিহোৱাৰ সেৱা কৰিব পাৰে?

  • আপোনাক যিহোৱাৰ কোনটো কথা ভাল লাগে?