খ্ৰীষ্টান হিচাপে জীৱন-যাপন
ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে ঘোষণা কৰিবলৈ নৱেম্বৰ মাহত বিশেষ অভিযান
যীচুৱে “ঈশ্বৰৰ ৰাজ্যৰ শুভবাৰ্ত্তা” ঘোষণা কৰিছিল। (লূক ৪:৪৩) তেওঁ এই ৰাজ্যৰ কাৰণে প্ৰাৰ্থনা কৰিবলৈ লোকসকলক শিকালে। (মথি ৬:৯, ১০) আমি নৱেম্বৰ মাহত লোকসকলক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে জনাবলৈ পৰিশ্ৰম কৰিম। (মথি ২৪:১৪) এই অভিযানত ভাগ লʼবলৈ আপুনি দৈনন্দিন জীৱনৰ কামত কি কি সাল-সলনি কৰিব পাৰে? প্ৰচাৰকসকলে এই মাহত ৩০ বা ৫০ ঘণ্টাৰ সহকাৰী অগ্ৰগামী সেৱা কৰিব পাৰে।
আপোনাৰ এলেকাৰ বেছি সংখ্যক লোকক ঈশ্বৰৰ ৰাজ্যৰ বিষয়ক কোনো শাস্ত্ৰ পদৰ বিষয়ে জনাওক। লোকসকলৰ ধৰ্ম বিশ্বাসৰ প্ৰতি দৃষ্টি ৰাখি চিন্তা কৰক যে তেওঁলোকক কোনটো শাস্ত্ৰ পদ পঢ়ি শুনাব। যদি কোনোবাই প্ৰথম সাক্ষাতত আমাৰ বাৰ্তাৰ প্ৰতি আগ্ৰহ দেখুৱাই, তেনেহʼলে তেওঁক জনসাধাৰণৰ বাবে সংস্কৰণ নং ২ ২০২০ চনৰ প্ৰহৰীদুৰ্গ দিয়ক। তেওঁক যিমান সোনকালে পাৰে পুনৰ সাক্ষাৎ কৰক আৰু শিক্ষাদানৰ সঁজুলিৰ বাকচৰপৰা কোনো এখন প্ৰকাশনৰ সহায়ত বাইবেল অধ্যয়ন কৰিবলৈ চেষ্টা কৰক। অতি সোনকালে ঈশ্বৰৰ ৰাজ্যই, তেওঁক বিৰোধ কৰা সকলো চৰকাৰক বিনাশ কৰিব। (দানি ২:৪৪; ১কৰি ১৫:২৪, ২৫) আহক আমি সকলোৱে এই অভিযানত যিমান পাৰোঁ, সিমান ভাগলৈ দেখুৱাও যে আমি যিহোৱা আৰু তেওঁৰ ৰাজ্যক সমৰ্থন কৰোঁ!