Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যাত্ৰাপুস্তক ৩৭-৩৮

পবিত্ৰ-স্থানত বেদিবোৰৰ ভূমিকা

পবিত্ৰ-স্থানত বেদিবোৰৰ ভূমিকা

৩৭:২৫, ২৯; ৩৮:১

পবিত্ৰ-স্থানৰ বেদিবোৰ যিহোৱাই যিদৰে কৈছিল, ঠিক তেনেদৰেই নিৰ্মাণ কৰা হৈছিল। ঈশ্বৰৰ উপাসনাত এইবোৰৰ বিশেষ ভূমিকা আছিল।

  • যেতিয়া সুগন্ধি দ্ৰব্যৰ মিশ্ৰণেৰে তৈয়াৰ কৰা ধূপ জ্বলোৱা হৈছিল, তেতিয়া যিহোৱাৰ মন প্ৰফুল্লিত হৈছিল। ঠিক সেইদৰে যিহোৱাৰ সেৱকসকলে তেওঁলৈ প্ৰাৰ্থনা কৰিলে, তেওঁৰ মন আনন্দিত হয়

  • যিহোৱাই হোম বেদিত উৎসৰ্গ কৰা বলিদানবোৰ স্বীকাৰ কৰিছিল। এই বেদি ঈশ্বৰৰ ‘উদ্দেশ্যক’ চিত্ৰিত কৰিছিল, অৰ্থাৎ যিহোৱাই নিজৰ একমাত্ৰ পুত্ৰৰ বলিদানক স্বীকাৰ কৰিব। এই বেদি পবিত্ৰ-স্থানৰ দুৱাৰৰ সন্মুখত ৰখা হৈছিল। যেতিয়া কোনোবাই বলিদান উৎসৰ্গ কৰিবলৈ আহে, তেতিয়া তেওঁ প্ৰথমে এয়াই দেখা পাইছিল। ইয়াৰপৰা আমি শিকিব পাৰোঁ যে যিহোৱাৰ অনুমোদন লাভ কৰিবলৈ, প্ৰথমে যীচু খ্ৰীষ্টৰ মুক্তিপণস্বৰূপ বলিদানৰ ওপৰত বিশ্বাস কৰা উচিত।—যোহ ৩:১৬-১৮; ইব্ৰী ১০:৫-১০

মোৰ প্ৰাৰ্থনা তৈয়াৰ কৰা সুগন্ধি ধূপৰ দৰে হʼবলৈ মই কি কৰিব পাৰোঁ?—গীত ১৪১:২