যাত্ৰাপুস্তক ৩১-৩২
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান |মূৰ্ত্তি-পূজাৰপৰা আঁতৰি থাকক
৩২:১, ৪-৬, ৯, ১০
মিচৰীয়াসকলে মূৰ্ত্তি-পূজা কৰিছিল, সেইবাবে তেওঁলোকক দেখি ইস্ৰায়েলীসকলেও সোণৰ দামুৰি সাজি উপাসনা কৰিবলৈ ধৰিলে। বৰ্তমান সময়ত লোকসকলে বিভিন্ন উপায়েৰে মূৰ্ত্তি-পূজা কৰে। যদিও আমি মূৰ্ত্তি-পূজা নকৰোঁ, কিন্তু আমি এনে কিছুমান কামত ব্যস্ত হৈ যাব পাৰোঁ, যাৰ বাবে যিহোৱাৰ সেৱা কৰিবলৈ আমাৰ ওচৰত সময়ে নাথাকিব। এয়া মূৰ্ত্তি-পূজা কৰাৰ দৰে হʼব, কিয়নো আমি মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰা নাই।
যিহোৱাৰ সেৱা কৰাত কোনবোৰ কামে মোক বাধা দিব পাৰে? যিহোৱাৰ সেৱাক প্ৰথম স্থান দিবলৈ মই কি কৰিব পাৰোঁ?