দহ মিনা ৰূপৰ দৃষ্টান্তৰপৰা শিক্ষা
দৃষ্টান্তত বৰ্ণনা কৰা বেলেগ বেলেগ বিষয়বোৰে কি চিত্ৰিত কৰে?
-
১. ভদ্ৰবংশীয় মানুহজন যীচুক চিত্ৰিত কৰিছে
-
২. দাসসকল, যীচুৰ অভিষিক্ত খ্ৰীষ্টানসকলক চিত্ৰিত কৰিছে
-
৩. ভদ্ৰবংশীয় মানুহজনে দাসসকলৰ ওপৰত বিশ্বাস কৰি তেওঁলোকক ৰূপ দিয়া কাৰ্য্যই, শিষ্য বনোৱা গুৰুত্বপূৰ্ণ দায়িত্বক চিত্ৰিত কৰে
যদি খ্ৰীষ্টৰ অভিষিক্ত শিষ্যসকলে এজন দুষ্ট এলেহুৱা দাসৰ দৰে হৈ পৰে, তেনেহ’লে পৰিণাম কি হ’ব পাৰে, তাৰ বিষয়ে এই দৃষ্টান্তত এক সতৰ্কবাণী তুলি ধৰা হৈছে। বেছিকৈ শিষ্য বনোৱাৰ বাবে নিজৰ সময়, শক্তি, আনকি ভৌতিক বস্তুবোৰ ব্যৱহাৰ কৰাটো যীচুৱে নিজৰ শিষ্যসকলৰপৰা আশা কৰিছিল।
শিষ্য বনোৱা কাৰ্য্যত মই বিশ্বাসী অভিষিক্ত খ্ৰীষ্টানসকলক কেনেকৈ অনুকৰণ কৰিব পাৰোঁ?