খ্ৰীষ্টান হিচাপে জীৱন-যাপন
ভাল কাৰ্য্য যি পাহৰিব নোৱাৰি
যিহোৱাৰ সকলো সেৱকে এনে ভাল কাৰ্য্য কৰক, যাতে যিহোৱাই সদায় মনত ৰাখে। যিদৰে পিতৃ-মাতৃয়ে নিজৰ সন্তানক প্ৰেম কৰে আৰু তেওঁলোকে কৰা ভাল কাৰ্য্যক কেতিয়াও পাহৰি নাযায়, তেনেকৈ যিহোৱা ঈশ্বৰে আমাৰ প্ৰেম আৰু পৰিশ্ৰম কেতিয়াও পাহৰি নাযায়। (মথি ৬:২০; ইব্ৰী ৬:১০) নিঃসন্দেহ, আমাৰ সকলোৰে ক্ষমতা আৰু পৰিস্থিতি একে নহয়। তথাপিও, যদি আমি যিহোৱাৰ সেৱাত নিজৰ উত্তম দিম, তেনেহ’লে আমি আনন্দিত হ’ব পাৰিম। (গালা ৬:৪; কল ৩:২৩) বছৰ বছৰ ধৰি, হাজাৰ হাজাৰ ভাই-ভনীয়ে বেথেলত সেৱা কৰিছে। আপুনি স্বেচ্ছাসেৱক হিচাপে বেথেলত সেৱা কৰিব পাৰেনে? যদি নোৱাৰে, তেনেহ’লে এনে কৰিবলৈ কোনো লোকক উৎসাহিত কৰিব পাৰেনে অথবা বেথেল পৰিয়ালৰ কোনো সদস্যই একেৰাহে সেৱা কৰি থকাৰ বাবে আপুনি কিবা সহায় আগবঢ়াব পাৰেনে?
বেথেল সেৱাৰ বাবে সাজু থাকক নামৰ ভিডিঅ’খন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
-
বেথেলত সেৱা কৰাৰ আমাৰ কি উদ্দেশ্য হোৱা উচিত?
-
কিছুমান ভাই-ভনীয়ে বেথেলত সেৱা কৰাৰ বাবে কি কি আশীৰ্ব্বাদ লাভ কৰিছে?
-
বেথেলত সেৱা কৰিবলৈ কি কি যোগ্যতা হোৱা উচিত?
-
আমি কেনেকৈ বেথেল সেৱাৰ বাবে আবেদন কৰিব পাৰোঁ?