Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

যিহোৱা ঈশ্বৰক প্ৰেম কৰা লোকসকলৰ লগত সময় অতিবাহিত কৰক

যিহোৱা ঈশ্বৰক প্ৰেম কৰা লোকসকলৰ লগত সময় অতিবাহিত কৰক

যিহোৱা ঈশ্বৰক প্ৰেম কৰা লোকসকলৰ লগত কিয় সময় অতিবাহিত কৰা উচিত? সংগতিয়ে আমাৰ জীৱনত ভাল বা বেয়া প্ৰভাৱ পেলাব পাৰে। (হিতো ১৩:২০) উদাহৰণস্বৰূপে, পুৰোহিত যিহোয়াদাৰ লগত ৰজা যোৱাচে যিমান দিন সময় অতিবাহিত কৰিছিল, সিমান দিন তেওঁ “যিহোৱাৰ দৃষ্টিত যি ন্যায়” তাকে কৰিছিল। (২বং ২৪:২) যিহোয়াদাৰ মৃত্যুৰ পাছত ৰজা যোৱাচে কুসংগৰ প্ৰভাৱত পৰি যিহোৱা ঈশ্বৰক ত্যাগ কৰে।—২বং ২৪:১৭-১৯.

প্ৰথম শতিকাত পাঁচনি পৌলে খ্ৰীষ্টান মণ্ডলীক এখন ‘ডাঙৰ ঘৰৰ’ লগত আৰু মণ্ডলীৰ সদস্যসকলক এটা ‘পাত্ৰ’ বা ঘৰৰ বস্তুবোৰৰ লগত তুলনা কৰিছিল। যিহোৱা ঈশ্বৰৰ দৃষ্টিত ঘিণ লগা কাৰ্য্য কৰা আমাৰ পৰিয়ালৰ সদস্য বা আন লোকসকলৰ লগত সংগতি কৰাৰপৰা আঁতৰি থকাৰ যোগেদি আমি “সমাদৰ পাত্ৰ“ হৈ থাকিব পাৰিম। (২তীম ২:২০, ২১) সেইবাবে, আমি যিহোৱা ঈশ্বৰক প্ৰেম কৰা আৰু আমাক তেওঁৰ সেৱা কৰিবলৈ উৎসাহিত কৰা লোকসকলৰ লগত সংগতি কৰি থকা উচিত।

কুসংগ ত্যাগ কৰক নামৰ ভিডিঅ’খন চাওক আৰু তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • আমাৰ জীৱনত কুসংগতিয়ে কেনেকৈ প্ৰভাৱ পেলাব পাৰে?

  • ভিডিঅ’খনত দেখুৱা অনুসৰি তিনিজন ভাইক কি কথাই কুসংগ ত্যাগ কৰিবলৈ সহায় কৰে?

  • বুদ্ধিমতাৰে সংগতি নিৰ্বাচন কৰিবলৈ বাইবেলৰ কোনবোৰ সিদ্ধান্তই আপোনাক সহায় কৰিব পাৰে?

মই “সমাদৰৰ পাত্ৰ” হওঁনে?—২তীম ২:২১