Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

শিক্ষাদানৰ সঁজুলিৰ বাকচটো ভালদৰে ব্যৱহাৰ কৰক

শিক্ষাদানৰ সঁজুলিৰ বাকচটো ভালদৰে ব্যৱহাৰ কৰক

শিষ্য বনোৱা কাৰ্য্যক এটা ঘৰ নিৰ্ম্মাণ কৰাৰ লগত তুলনা কৰিব পাৰি। ঘৰ নিৰ্ম্মাণ কৰাৰ বাবে সঁজুলিবোৰ ভালদৰে ব্যৱহাৰ কৰিবলৈ শিকা উচিত। ঠিক সেইদৰে, আমাৰ মূল সঁজুলি বাইবেলখন ব্যৱহাৰ কৰাত আমি নিপুণ হোৱা উচিত। (২তীম ২:১৫) ইয়াৰ উপৰিও, শিষ্য বনোৱা কাৰ্য্যত সহায় কৰা শিক্ষাদানৰ সঁজুলিৰ বাকচৰ বিভিন্ন প্ৰকাশন আৰু ভিডিঅ’বোৰ আমি ভালদৰে ব্যৱহাৰ কৰাৰ প্ৰয়োজন। *

শিক্ষাদানৰ সঁজুলিৰ বাকচত উল্লেখ কৰা প্ৰকাশনবোৰ আপুনি কেনেকৈ ভালদৰে ব্যৱহাৰ কৰিব পাৰে? (১) প্ৰচাৰ সমূহৰ অধ্যক্ষক সহায়ৰ বাবে সোধক, (২) অনুভৱী প্ৰচাৰক বা অগ্ৰগামী সেৱকৰ লগত ঘোষণা কাৰ্য্যত ভাগ লওক আৰু (৩) বাৰে বাৰে অভ্যাস কৰক। যেতিয়া আপুনি প্ৰকাশনবোৰ আৰু ভিডিঅ’বোৰ ভালদৰে ব্যৱহাৰ কৰিবলৈ নিপুণ হ’ব, তেতিয়া আপুনি বৰ্তমানে হৈ থকা নিৰ্ম্মাণ কাৰ্য্যত আৰু বেছিকৈ আনন্দ লাভ কৰিব পাৰিব।

ব্ৰচাৰ

কিতাপ

ট্ৰেক্ট

ভিডিঅ’

নিমন্ত্ৰণ-পত্ৰ

যোগাযোগৰ কাৰ্ড

^ অনু. 3 বিশেষকৈ পৰিয়াল, ল’ৰা-ছোৱালী, কিশোৰ-কিশোৰী বা যিসকলৰ বিশ্বাস বেলেগ অথবা ঈশ্বৰক বিশ্বাস নকৰে, এনে লোকসকলৰ বাবে প্ৰস্তুত কৰা কিছুমান প্ৰকাশন শিক্ষাদানৰ সঁজুলিৰ বাকচত নাই। এইবোৰ প্ৰয়োজন সাপেক্ষে ব্যৱহাৰ কৰিব পাৰে।