Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | ১ কৰিন্থীয়া ১০-১৩

যিহোৱা হৈছে বিশ্বাসযোগ্য

যিহোৱা হৈছে বিশ্বাসযোগ্য

১০:১৩

যিহোৱা ঈশ্বৰে হয়তো আমাক পৰীক্ষাৰপৰা ৰক্ষা কৰিব পাৰে। কিন্তু আমি যাতে পৰীক্ষাবোৰৰ সন্মুখীন হ’ব পাৰোঁ, তাৰ বাবে প্ৰয়োজনীয় সহায় আগবঢ়ায়। এইদৰে তেওঁ আমাক পৰীক্ষাৰপৰা ওলাই আহিবলৈ ‘উপায়’ দিয়ে।

  • যিহোৱা ঈশ্বৰে নিজৰ বাক্য, পবিত্ৰ আত্মা আৰু আধ্যাত্মিক আহাৰৰ যোগেদি আমাক চিন্তা কৰিবলৈ সহায় কৰে, উৎসাহিত কৰে আৰু সান্ত্বনা দিয়ে।—মথি ২৪:৪৫; যোহ ১৪:১৬; ৰোম ১৫:৪

  • তেওঁ পবিত্ৰ আত্মাৰ যোগেদি আমাক নিৰ্দেশনা দিয়ে। পবিত্ৰ আত্মাই আমাক বাইবেলৰ ঘটনা আৰু সিদ্ধান্তবোৰ মনত পেলাবলৈ সহায় কৰে। ইয়াৰ দ্বাৰা আমি সঠিক নিৰ্ণয় ল’বলৈ সক্ষম হওঁ।—যোহ ১৪:২৬

  • তেওঁ স্বৰ্গদূতৰ যোগেদি আমাক সহায় আগবঢ়াব পাৰে।—ইব্ৰী ১:১৪

  • তেওঁ ভাই-ভনীসকলৰ যোগেদি আমাক সহায় কৰিব পাৰে।—কল ৪:১১