আদিপুস্তক ৩২-৩৩
ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান |আপুনি আশীৰ্ব্বাদ লাভ কৰিবলৈ পৰিশ্ৰম কৰিছেনে?
৩২:২৪-২৮
যিহোৱা ঈশ্বৰৰ আশীৰ্ব্বাদ লাভ কৰিবলৈ, আমি কঠিন পৰিশ্ৰম আৰু নিজৰ জীৱনত তেওঁৰ ৰাজ্যক প্ৰথম স্থান দিয়া উচিত। (১কৰি ৯:২৬, ২৭) ইয়াৰ বাবে যাকোবে এটা ভাল উদাহৰণ ৰাখিলে। যদিও তেওঁৰ বয়স হৈছিল, তথাপিও তেওঁ আশীৰ্ব্বাদ লাভ কৰিবলৈ এজন স্বৰ্গদূতৰ লগত মালযুদ্ধ কৰিছিল। আমিও নিজৰ খ্ৰীষ্টান দায়িত্ব পালন কৰিবলৈ, এইদৰে উৎসাহ দেখুওৱা উচিত। আমি কেনেকৈ জানিব পাৰোঁ যে যিহোৱাৰপৰা আশীৰ্ব্বাদ লাভ কৰিবলৈ আমি কঠিন পৰিশ্ৰম কৰিছোঁ?
-
যেতিয়া আমি সভাৰ বাবে প্ৰস্তুতি কৰোঁ
-
যেতিয়া আমি ঘোষণা কাৰ্য্যত নিয়মীয়াকৈ ভাগ লওঁ
-
যেতিয়া আমি মণ্ডলীৰ ভাই-ভনীসকলক সহায় কৰোঁ
পৰিস্থিতি যিমানেই কঠিন নহওক কিয়, সহায়ৰ বাবে যিহোৱালৈ প্ৰাৰ্থনা কৰক আৰু তেওঁক মিনতি কৰক যে তেওঁ আপোনাৰ পৰিশ্ৰমত আশীৰ্ব্বাদ দিয়ে।
নিজকে সোধক: ‘যিহোৱাৰপৰা আশীৰ্ব্বাদ লাভ কৰিবলৈ জীৱনৰ কি কি পৰিস্থিতিত মই পৰিশ্ৰম কৰা উচিত?’