Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

মোৰ বাবে কি আটাইতকৈ গুৰুত্বপূৰ্ণ?

মোৰ বাবে কি আটাইতকৈ গুৰুত্বপূৰ্ণ?

যাকোবে যিহোৱা ঈশ্বৰৰপৰা আশীৰ্ব্বাদ লাভ কৰিবলৈ এজন স্বৰ্গদূতৰ লগত মালযুদ্ধ কৰিছিল। কিয় বাৰু? কিয়নো যিহোৱাৰপৰা আশীৰ্ব্বাদ লাভ কৰাটো তেওঁৰ বাবে গুৰুত্বপূৰ্ণ আছিল। (আদি ৩২:২৪-৩১; হোচে ১২:৩, ৪) আমাৰ বিষয়নো কি? আমি যিহোৱাৰ আজ্ঞা পালন কৰিবলৈ আৰু তেওঁৰ আশীৰ্ব্বাদ লাভ কৰিবলৈ পৰিশ্ৰম কৰিছোঁনে? উদাহৰণস্বৰূপে, আমি মণ্ডলীৰ সভালৈ যোৱাৰ সময়ত যদি আমাক কামৰ ঠাইত বেছি সময় কাম কৰিবলৈ কোৱা হয়, তেনেহʼলে আমি কি কৰিম? এনে পৰিস্থিতিত যদি আমি যিহোৱাৰ সেৱাত মনে-প্ৰাণে নিজৰ সময়, শক্তি আৰু সাধন ব্যৱহাৰ কৰোঁ, তেনেহʼলে যিহোৱাই আমাক প্ৰতিজ্ঞা কৰিছে যে তেওঁ ‘ঠায়ে নধৰাকৈ আশীৰ্ব্বাদ বৰ্ষাব।’ (মলা ৩:১০) তেওঁ আমাক সঠিক পথ দেখুৱাব, আমাক সুৰক্ষা দিব আৰু প্ৰয়োজনীয় সকলো বস্তু দিব।—মথি ৬:৩৩; ইব্ৰী ১৩:৫.

ঈশ্বৰৰ সেৱাত ৰখা লক্ষ্যৰপৰা নিজৰ ধ্যান বিচলিত হʼব নিদিব নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • এই ভনী গৰাকীক যি বস্তুবোৰ ভাল লাগিছিল, সেয়া তাইৰ বাবে কেনেকৈ বিপদজনক হৈ পৰিল?

  • আমাৰ চাকৰি আমাৰ বাবে কেনেকৈ বিপদজনক হʼব পাৰে?

  • তীমথিয় এজন আধ্যাত্মিক ব্যক্তি হোৱাৰ সত্ত্বেও, নতুন লক্ষ্য ৰখা আৰু তাত লাগি থকাৰ কিয় প্ৰয়োজন আছিল?—১তীম ৪:১৬

  • আপোনাৰ জীৱনত কি কথা আটাইতকৈ গুৰুত্বপূৰ্ণ?

    আমি কেনেকৈ জানিব পাৰোঁ যে আমাৰ বাবে “আটাইতকৈ গুৰুত্বপূৰ্ণ কাম” কি?