Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

সদায় যিহোৱাক মনত ৰাখক

সদায় যিহোৱাক মনত ৰাখক

যেতিয়া আমাৰ ওচৰত কোনো চাকৰি নাথাকে, তেতিয়া যিহোৱাৰ ৰাজ্যক প্ৰথম স্থান দিবলৈ আমাৰ বাবে কঠিন হʼব পাৰে। এনে পৰিস্থিতিত আমি হয়তো এনে চাকৰি কৰিবলৈ সাজু হওঁ, যি বাইবেলৰ সিদ্ধান্তৰ বিৰুদ্ধে হয় বা যিহোৱাৰ সেৱাত বাধা দিব পাৰে। কিন্তু আমি যিহোৱাৰ ওপৰত ভৰসা কৰিব পাৰোঁ যে তেওঁ নিশ্চয় আমাক সহায় কৰিব। ইয়াৰ বিষয়ে বাইবেলেও কৈছে, “যিহোৱালৈ যিবিলাকৰ মন সিদ্ধ” তেওঁবিলাকক সহায় কৰিবলৈ যিহোৱাই নিজৰ শক্তি ব্যৱহাৰ কৰে। (২বং ১৬:৯) যিহোৱা এজন মৰমীয়াল পিতৃ হয়। তেওঁ আমাক যিকোনো পৰিস্থিতিতে সহায় কৰিব পাৰে আৰু আমাৰ প্ৰয়োজনীয়তা পূৰ কৰিব পাৰে। (ৰোম ৮:৩২) সেইবাবে, চাকৰিৰ বিষয়ে নিৰ্ণয় লোৱাৰ সময়ত আমি যিহোৱাৰ ওপৰত ভৰসা কৰা উচিত আৰু তেওঁৰ ৰাজ্যক প্ৰথম স্থান দিয়া উচিত।—গীত ১৬:৮.

মনে-প্ৰাণে যিহোৱাৰ বাবে কাম কৰক নামৰ ভিডিঅʼখন চাওক আৰু তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • জেচনে কিয় ঘোচ লোৱা নাছিল?

  • কলচীয়া ৩:২৪ পদত দিয়া পৰামৰ্শ আমি কেনেকৈ পালন কৰিব পাৰোঁ?

  • জেচনৰ ভাল উদাহৰণে থʼমাছৰ ওপৰত কি প্ৰভাৱ পেলাইছিল?

  • সদায় যিহোৱাক মনত ৰাখি নিৰ্ণয় লওক বা কাম কৰক

    মথি ৬:২২ পদত দিয়া পৰামৰ্শ আমি কেনেকৈ পালন কৰিব পাৰোঁ?