খ্ৰীষ্টান হিচাপে জীৱন-যাপন
আপোনাৰ বুজা শক্তিক প্ৰশিক্ষণ দি থাকক
এজন খেলুৱৈয়ে সদায় নিজকে প্ৰশিক্ষণ দিয়ে, যাতে তেওঁ ভালদৰে খেলিব পাৰে। ঠিক সেইদৰে, আমিও নিজৰ বুজা শক্তিক প্ৰশিক্ষণ দি থকা উচিত, যাতে আমি এই শক্তিক ভালদৰে ব্যৱহাৰ কৰিব পাৰোঁ। (ইব্ৰী ৫:১৪) আনে যি নিৰ্ণয় লয়, সেই একে নিৰ্ণয় লʼবলৈ আমাৰ বাবে সহজ হয়। কিন্তু আমি নিজৰ নিৰ্ণয় নিজে লোৱা উচিত। কিয় বাৰু? কিয়নো আমি সকলোৱে নিজৰ নিৰ্ণয়ৰ বাবে যিহোৱাক হিচাপ দিব লাগিব।—ৰোম ১৪:১২.
আমি বহুবছৰ ধৰি সত্যত থকাৰ বাবে আমাৰ সকলো নিৰ্ণয় সঠিক হʼব বুলি আমি কেতিয়াও ভবা উচিত নহয়। আমাৰ নিৰ্ণয় সদায় যিহোৱা, তেওঁৰ বাক্য আৰু সংগঠনৰ আধাৰত হোৱা উচিত।—যিহো ১:৭, ৮; হিতো ৩:৫, ৬; মথি ২৪:৪৫.
নিজৰ বিবেক শুদ্ধ ৰাখক নামৰ ভিডিঅʼখন চাওক আৰু তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
-
এমাই কি নিৰ্ণয় লʼবলগীয়া হৈছিল?
-
এজন ব্যক্তিয়ে নিজৰ বিবেকৰ আধাৰত নিৰ্ণয় লোৱাৰ সময়ত আমি কিয় নিজৰ মতামত দিয়া উচিত নহয়?
-
এহাল দম্পতীয়ে এমাক কি পৰামৰ্শ দিছিল?
-
এমাই সঠিক নিৰ্ণয় লʼবলৈ কʼৰপৰা সহায় বিচাৰি পালে?