খ্ৰীষ্টান হিচাপে জীৱন-যাপন
আপোনজনাক হেৰুৱাৰ বেদনা কেনেকৈ সহন কৰিম?
যেতিয়া আমাৰ আপোনজনাৰ মৃত্যু হয়, তেতিয়া আমি বিশ্বাস কৰিব পাৰোঁ যে যিহোৱাই তেওঁলোকক পুনৰ জীৱিত কৰিব। এই আশাই আমাক বৰ শান্ত্বনা দিয়ে। তথাপি পাপ আৰু মৃত্যু এনে এখন ‘ওৰণিৰ’ দৰে হয়, যিয়ে আমাক সকলোকে ঢাকি ৰাখিছে আৰু যাৰ পৰা আমাৰ উশাহ বন্ধ হোৱা যেন অনুভৱ হয়। (যিচ ২৫:৭, ৮) সেইবাবে “গোটেই সৃষ্টিয়ে প্ৰসৱ-বেদনাৰ দৰে দুখ পাই, একে-লগে কেঁকাই আছে।” (ৰোম ৮:২২) যেতিয়ালৈকে আমাৰ আপোনজনাক পুনৰ জীৱিত কৰা নহয়, তেতিয়ালৈকে তেওঁলোকক হেৰুৱাৰ বেদনা আমি কেনেকৈ সহন কৰিব পাৰিম? বাইবেলত দিয়া সিদ্ধান্তবোৰে আমাক সহায় কৰিব পাৰে।
যেতিয়া আমি নিজৰ আপোনজনাক মৃত্যুত হেৰুৱাওঁ নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
-
ডেনিয়েল, মাচাহিৰʼ আৰু ইয়োচিমিয়ে কেনেধৰণৰ বেদনাৰ মাজেৰে পাৰ হৈছিল?
-
তেওঁলোকে কি পাঁচটা পৰামৰ্শ পালন কৰাৰ বাবে সহায় লাভ কৰিলে?
-
প্ৰকৃততে কোনে আমাক শান্ত্বনা দিব পাৰে?—২কৰি ১:৩, ৪.