Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

JW.ORG-ত বুদ্ধিৰে পৰিপূৰ্ণ পৰামৰ্শ বিচাৰক

JW.ORG-ত বুদ্ধিৰে পৰিপূৰ্ণ পৰামৰ্শ বিচাৰক

আমি সকলোৱে এই শেষ-কালত বহুতো সমস্যাৰ সন্মুখীন হʼবলগীয়া হয়। কিন্তু এইবোৰৰ সন্মুখীন হʼবলৈ বাইবেলে আমাক সহায় কৰিব পাৰে। (২তীম ৩:১, ১৬, ১৭) কিছুমান পৰিস্থিতিত আমি বুজি নাপাওঁ যে বাইবেলৰ কোনটো সিদ্ধান্ত পালন কৰিলে ভাল হʼব। যেনে, যদি আপুনি পিতৃ-মাতৃ হয়, তেনেহʼলে নিজৰ লʼৰা-ছোৱালীৰ ভালদৰে প্ৰতিপালন কৰিবলৈ আপোনাৰ কঠিন হৈছেনে? যদি আপুনি কিশোৰ-কিশোৰী হয়, তেনেহʼলে যিহোৱাৰ বিশ্বাসী হৈ থাকিবলৈ আপোনাৰ কঠিন হৈছেনে? আপোনাৰ জীৱন-সংগীৰ মৃত্যু হোৱাৰ বাবে সেই বেদনাৰ পৰা ওলাই আহিবলৈ আপোনাৰ কঠিন হৈছেনে? যদি এইদৰে হৈছে, তেনেহʼলে আপুনি jw.org লৈ যাব পাৰে। তাত এনেধৰণৰ বেলেগ বেলেগ পৰিস্থিতিৰ বাবে বহুতো লেখ দিয়া আছে। সেই লেখবোৰত বাইবেলৰ বহুতো সিদ্ধান্ত দিয়া আছে, যাৰ পৰা আপুনি সহায় লাভ কৰিব পাৰে।—হিতো ২:৩-৬.

jw.org-ৰ মূখ্য পেজত বাইবেলৰ শিক্ষা ভাগত ক্লিক কৰক। (ছবি ১ চাওক।) তাৰ পাছত আপুনি বহুতো বিষয় দেখা পাব। ইয়াত আপুনি নিজৰ পছন্দৰ অনুসৰি যিকোনো বিষয় বাছনি কৰিব পাৰে। অথবা লাইব্ৰেৰী ভাগত ক্লিক কৰক, তাৰ পাছত লেখৰ ধাৰাবাহিকত যাওক আৰু তাত নিজৰ পছন্দৰ বিষয় বাছনি কৰক। (ছবি ২ চাওক।) এই সকলো ভাগ JW লাইব্ৰেৰীতো দিয়া আছে। * লাইব্ৰেৰী আৰু ৱেবছাইটত কি কি লেখ আছে চাওক। সেইবোৰ চাই আপুনি বৰ ভাল পাব। jw.org-ত লেখবোৰ বিচৰাৰ আন এটা উপায় হৈছে, “অনুসন্ধান কৰক” বক্সত বিষয় টাইপ কৰা।

“অনুসন্ধান কৰক” বক্সত তলত দিয়া বিষয় টাইপ কৰক। সেই বিষয়বোৰৰ লগত জড়িত বহুতো লেখ ওলাব। তাৰ পাছত যি লেখ আপুনি পঢ়িব বিচাৰে, সেইবোৰ লিখি ৰাখক।

  • লʼৰা-ছোৱালীৰ প্ৰতিপালন কৰা

  • ডেকাসকল ডিপ্ৰেচনত

  • জীৱন-সংগীৰ মৃত্যুৰ বেদনা

^ কিছুমান ধাৰাবাহিকৰ সকলো লেখ কেৱল jw.org-তহে উপলব্ধ আছে।