Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

JW.ORG-ৰ মূখ্য পেজ ব্যৱহাৰ কৰি আনক প্ৰচাৰ কৰক

JW.ORG-ৰ মূখ্য পেজ ব্যৱহাৰ কৰি আনক প্ৰচাৰ কৰক

আমাৰ ৱেবছাইটৰ মূখ্য পেজত দিয়া লেখ আৰু ভিডিঅʼবোৰ নম্ৰ লোকসকলৰ বাবে হয়। (পাঁচ ১৩:৪৮) এই লেখ আৰু ভিডিঅʼ প্ৰায় এনে বিষয়বোৰত থাকে, যি বাতৰিত আহে বা লোকসকলে যিবোৰৰ বিষয়ে প্ৰায়ে চিন্তা কৰে বা কথা পাতি থাকে।

আমি jw.org-ৰ মূখ্য পেজৰ ব্যৱহাৰ কৰি আনক প্ৰচাৰ কৰিব পাৰোঁ। ইয়াৰ বাবে আমি কি কৰিব লাগিব?

  • মাজে-সময়ে ৱেবছাইটৰ মূখ্য পেজ চাওক। মন কৰক যে মূখ্য পেজৰ ওপৰত আৰু “বিশেষ বিষয়ৰ” ভাগত কি কি লেখ আৰু ভিডিঅʼ দিয়া হৈছে। তাৰ পাছত চিন্তা কৰক যে আপুনি সেই লেখ আৰু ভিডিঅʼবোৰ আমাৰ বাৰ্তাৰ প্ৰতি আগ্ৰহ দেখুৱা লোকসকলক কেনেকৈ দেখুৱাব পাৰে? (অলপতে মূখ্য পেজত আৰু কি কি দিয়া হৈছিল, তাৰ বিষয়ে জানিবলৈ “বেছিকৈ জানক” ভাগত ক্লিক কৰক।) মাজে-সময়ে বেৱছাইটৰ মূখ্য পেজ চাই থাকিলে আপুনি নতুন নতুন পদ্ধতিৰে লোকসকলক প্ৰচাৰ কৰিব পাৰিব।

  • মূখ্য পেজত দিয়া লেখ আৰু ভিডিঅʼবোৰ ব্যৱহাৰ কৰি লোকসকলৰ লগত কথা পাতক। বহু বাৰ মূখ্য পেজত যি বিষয়বোৰত তথ্য দিয়া থাকে, তাৰ পৰা আমি জানিব পাৰোঁ যে আমাৰ এলেকাৰ লোকসকলে কিহৰ বিষয়ে চিন্তা কৰি আছে।

  • লোকসকলক মূখ্য পেজ দেখুৱাওক। “আপুনি আগ্ৰহী হোৱা বিষয় বাচনি কৰক” ভাগত কোনো এটা বিষয়ে জনাওক। তাৰ পাছত সেই বিষয়ত দিয়া তথ্য কেনেকৈ বিচাৰিব পাৰে দেখুৱাওক।

  • লিংক পঠিয়াওক। কিছুমান লোকে হয়তো আমাৰ বাৰ্তাৰ ওপৰত আগ্ৰহ দেখুৱাব পাৰে, কিন্তু ওচৰা-ওচৰিকৈ লগ কৰি কথা পাতিব নিবিচাৰে। তথাপিও তেওঁলোকে হয়তো আমাৰ বেৱছাইটত যাবলৈ সাজু হʼব পাৰে। এনে লোকসকলক মূখ্য পেজ বা তাত দিয়া কোনো লেখ বা ভিডিঅʼৰ লিংক পঠিয়াবলৈ সংকোচ নকৰিব।