Skip to content

Skip to table of contents

ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান | যোহন ৩-৪

যীচুৱে এগৰাকী চমৰীয়া তিৰোতাক সাক্ষ্য দিয়ে

যীচুৱে এগৰাকী চমৰীয়া তিৰোতাক সাক্ষ্য দিয়ে

৪:৬-২৬, ৩৯-৪১

সুযোগ বিচাৰি সাক্ষ্য দিবলৈ যীচুক কিহে সক্ষম কৰি তুলিছিল?

  • ৪:৭—ঈশ্বৰৰ ৰাজ্যৰ বিষয়ে অথবা নিজকে মচীহ বুলি পৰিচয় দিয়াৰ পৰিৱৰ্তে, খাবলৈ পানী খোজাৰ যোগেদি যীচুৱে কথা-বতৰা আৰম্ভ কৰিছিল

  • ৪:৯—চমৰীয়া তিৰোতাগৰাকীৰ পৃষ্ঠভূমিৰ আধাৰত যীচুৱে তাইৰ প্ৰতি ভুল ধাৰণা পোষণ কৰা নাছিল

  • ৪:৯, ১২—তিৰোতাগৰাকীয়ে এনে কিছুমান কথা তুলি ধৰিছিল, যাৰ বাবে হয়তো তৰ্ক-বিতৰ্ক হোৱাৰ সম্ভাৱনা আছিল। কিন্তু যীচুৱে মূল বিষয়ৰপৰা আঁতৰ হোৱা নাছিল।—cf-HI ৭৭ ¶৩

  • ৪:১০—তিৰোতাগৰাকীৰ দৈনন্দিন জীৱনৰ লগত জড়িত থকা এটা উদাহৰণ ব্যৱহাৰ কৰি যীচুৱে সাক্ষ্য দিবলৈ আৰম্ভ কৰে

  • ৪:১৬-১৯—তিৰোতাগৰাকীয়ে যদিও অনৈতিক জীৱন অতিবাহিত কৰিছিল, কিন্তু যীচুৱে তাইৰ লগত সন্মানেৰে কথা পাতিছিল

এই বৃতান্তৰপৰা আমি কেনেকৈ শিকিব পাৰোঁ যে সুযোগ বিচাৰি সাক্ষ্য দিয়াটো অতি প্ৰয়োজন?