সঠিক মনোবৃত্তিৰে যীচুক অনুকৰণ কৰক
যীচুৱে এটা দৃষ্টান্ত ব্যৱহাৰ কৰে আৰু যেতিয়া শিষ্যসকলে ইয়াক বুজিবলৈ অসুবিধা পায়, তেতিয়া তাৰে কিছুমানে উজুটি খায় আৰু তেওঁক অনুকৰণ কৰিবলৈ ত্যাগ দিয়ে। আগদিনাখন যীচুৱে এই লোকসকলকে আচৰিতভাৱে আহাৰ খুৱাইছিল আৰু তেওঁলোকে স্পষ্টৰূপে বুজিব পাৰিছিল যে যীচুৱে ঈশ্বৰৰ শক্তিৰে এনে কাৰ্য্য কৰিবলৈ সক্ষম হৈছিল। তেনেহ’লে তেওঁলোকে কিয় উজুটি খাইছিল? নিঃসন্দেহ, তেওঁলোকে নিজৰ স্বাৰ্থৰ বাবে যীচুক অনুকৰণ কৰিছিল। ভৌতিক বস্তুবোৰ লাভ কৰাৰ বাবে তেওঁলোকে যীচুৰ ওচৰলৈ আহিছিল।
আমি নিজকে সোধা উচিত: ‘মই যীচুক কিয় অনুকৰণ কৰিছোঁ? বৰ্তমান আৰু ভৱিষ্যতে আশীৰ্ব্বাদ লাভ কৰাৰ বাবে নেকি? অথবা মই যিহোৱা ঈশ্বৰক প্ৰেম কৰোঁ আৰু তেওঁক আনন্দিত কৰিব বিচাৰোঁ?’
যদি আমি কেৱল নিম্নলিখিত কাৰণবোৰৰ বাবে যিহোৱা ঈশ্বৰক সেৱা কৰোঁ, তেনেহ’লে আমি কিয় উজুটি খাব পাৰোঁ?
-
ঈশ্বৰৰ লোকসকলৰ লগত সংগতি কৰি আমাক ভাল লাগে
-
আমি পৰমদেশত জীয়াই থাকিব বিচাৰোঁ