যীচুৱে নিজৰ পিতৃক প্ৰশংসা কৰে
যীচুৱে যি কৰিছিল আৰু কৈছিল, তাৰ দ্বাৰা স্বৰ্গত থকা পিতৃৰ নাম মহিমা হয়। যীচুৰ বাৰ্ত্তা ঈশ্বৰৰপৰা হয় বুলি লোকসকলে জনাটো তেওঁ বিচাৰিছিল। সেইবাবে, তেওঁ শাস্ত্ৰৰ আধাৰত লোকসকলক শিক্ষা দিছিল আৰু প্ৰায়ে শাস্ত্ৰৰপৰা উদ্ধৃতি দিছিল। যেতিয়া তেওঁক প্ৰশংসা কৰা হৈছিল, তেতিয়া তেওঁ সেই প্ৰশংসা নিজে লোৱা নাছিল। কিন্তু তেওঁ লোকসকলৰ ধ্যান যিহোৱাৰ ফালে কৰিছিল, যাতে যিহোৱা ঈশ্বৰৰ মহিমা হয়। যিহোৱা ঈশ্বৰে দিয়া দায়িত্ব পূৰ কৰাই তেওঁৰ জীৱনৰ মুখ্য উদ্দেশ্য আছিল।—যোহ ১৭:৪.
আমি যীচুক কেনেকৈ অনুকৰণ কৰিব পাৰোঁ . . .
-
বাইবেল অধ্যয়ন বা মঞ্চৰপৰা শিকোৱাৰ সময়ত?
-
আনে আমাক প্ৰশংসা কৰাৰ সময়ত?
-
আমাৰ সময় কি কাৰ্য্যত অতিবাহিত কৰিম, তাৰ বিষয়ে নিৰ্ণয় লোৱাৰ সময়ত?