খ্ৰীষ্টান হিচাপে জীৱন-যাপন
পিতৃ-মাতৃসকল, জ্ঞানেৰে নিজৰ সন্তানসকলক প্ৰস্তুত কৰক
বৰ্তমান জগতত ভালক বেয়া আৰু বেয়াক ভাল বুলি কোৱা হয়। (যিচ ৫:২০) কিছুমান লোকে এনে কাম কৰে, যাক যিহোৱাই বেয়া পায়। যেনে, পুৰুষে পুৰুষৰ লগত, স্ত্ৰীয়ে স্ত্ৰীৰ লগত যৌন সম্পৰ্ক ৰাখে। কিছুমান লোকে আমাৰ লʼৰা-ছোৱালীক বেয়া কাম কৰিবলৈ ফুচুলাব পাৰে। আনকি স্কুলৰ সহপাঠীসকলেও ফুচুলাব পাৰে। পিতৃ-মাতৃসকল, এনেধৰণৰ লোকসকলৰপৰা আঁতৰি থাকিবলৈ নিজৰ লʼৰা-ছোৱালীক শিকাওক।
পিতৃ-মাতৃসকল, নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ মানদণ্ডৰ বিষয়ে শিকাওক। (লেবী ১৮:৩) বাইবেলৰ অনুসৰি কোন লোকসকলৰ মাজত যৌন সম্পৰ্ক ৰখা ভুল হয়, এই বিষয়ে লʼৰা-ছোৱালীৰ বয়সৰ অনুসৰি শিকাওক। (দ্বিতী ৬:৭) নিজকে সোধক, ‘মই এই বিষয়ে নিজৰ লʼৰা-ছোৱালীক শিকাইছোঁনে? যেনে, প্ৰেম প্ৰকাশ কৰাৰ সঠিক উপায় কি আৰু শালীনতাৰ সৈতে কাপোৰ পিন্ধা কিয় প্ৰয়োজন? আনৰ শৰীৰ চোৱা বা অসৎ ভাৱে স্পৰ্শ কৰা, কাৰো অধিকাৰ নাই। মোৰ সন্তানে জানেনে যে যদি কোনোবাই অশ্লীল ছবি দেখুৱাই বা বেয়া কাম কৰিবলৈ কয়, তেতিয়া কি কৰা উচিত?’ আপুনি আগতিয়াকৈ এই বিষয়ে জনালে, তেওঁলোকে সমস্যাৰপৰা বাচি থাকিব পাৰিব। (হিতো ২৭:১২; উপ ৭:১২) সন্তানবিলাক যিহোৱাই দিয়া আধিপত্য। (গীত ১২৭:৩) আমি সঠিক তথ্য দিয়াৰ যোগেদি তেওঁলোকৰ প্ৰতি প্ৰেম প্ৰকাশ কৰোঁ।
মজবুত ঘৰ তৈয়াৰ কৰক—“যি বেয়া হয়,” তাৰপৰা নিজৰ লʼৰা-ছোৱালীক আঁতৰাই ৰাখক নামৰ ভিডিঅʼখন চাওক আৰু নিম্নলিখিত প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
-
কিছুমান পিতৃ-মাতৃসকলে নিজৰ সন্তানসকলক কিয় যৌন সম্পৰ্কৰ বিষয়ে জনাবলৈ সংকোচ কৰে?
-
পিতৃ-মাতৃয়ে ‘যিহোৱাৰ ইচ্ছা অনুসৰি লʼৰা-ছোৱালীক শিকোৱা বুজোৱা’ কিয় প্ৰয়োজন?—ইফি ৬:৪
-
আপুনি কোনোবোৰ প্ৰকাশনৰ সহায়ত নিজৰ লʼৰা-ছোৱালীক যৌন সম্পৰ্কৰ বিষয়ে সঠিক তথ্য জনাব পাৰে?—w১৯.৫-HI ১২, বক্স
-
আপোনাৰ লʼৰা-ছোৱালীয়ে যদিও সমস্যাত পৰা নাই, তথাপিও আপুনি নিজৰ সন্তানসকলৰ লগত নিয়মীয়াকৈ কথা পতা কিয় প্ৰয়োজন?