Skip to content

Skip to table of contents

“খ্ৰীষ্টৰ প্ৰেমে আমাক সীমাবদ্ধ কৰি ৰাখিছে।”—২কৰি ৫:১৪

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

আপুনি মাৰ্চ বা এপ্ৰিল মাহত সহকাৰী অগ্ৰগামী সেৱা কৰিবনে?

আপুনি মাৰ্চ বা এপ্ৰিল মাহত সহকাৰী অগ্ৰগামী সেৱা কৰিবনে?

স্মৰণীয় দিনৰ সময়ছোৱাত আপুনি প্ৰচাৰ সেৱা বেছিকৈ কৰিব বিচাৰেনে? (২কৰি ৫:১৪, ১৫) মাৰ্চ আৰু এপ্ৰিল মাহৰ সময়ছোৱাত আপুনি ৩০ বা ৫০ ঘণ্টীয়া সহকাৰী অগ্ৰগামী সেৱা কৰিব পাৰে। যদি আপুনি সহকাৰী অগ্ৰগামী সেৱা কৰিব বিচাৰে, তেনেহʼলে মণ্ডলীৰ সেৱা সমিতিক আবেদন কৰক। কোনে কোন মাহত সহকাৰী অগ্ৰগামী সেৱা কৰিব, তাৰ বিষয়ে মণ্ডলীত ঘোষণা কৰা হʼব। তেতিয়া আন ভাই-ভনীসকলে অগ্ৰগামী ভাই-ভনীসকলৰ লগত প্ৰচাৰ কৰিবলৈ পৰিকল্পনা কৰিব পাৰে, যাতে তেওঁলোকৰ প্ৰয়োজনীয় ঘণ্টা পূৰ কৰিবলৈ সহায় কৰিব পাৰে। তেনেহʼলে আহক স্মৰণীয় দিনৰ সময়ছোৱাত প্ৰচাৰ কাৰ্য্যত বেছিকৈ ভাগ লওঁ। এইদৰে আমি প্ৰচাৰ কাৰ্য্যত নিজৰ দক্ষতা বঢ়াব পাৰিম আৰু এজনে-আনজনক উৎসাহিত কৰিব পাৰিম।—১থিচ ৫:১১.