ঈশ্বৰৰ বাক্যৰপৰা অমূল্য জ্ঞান
সময় বহুত কম আছে বুলি সদায় মনত ৰাখক
বহু বছৰলৈকে যিহোৱাই যিহূদাৰ লোকসকলক সাৱধানবাণী দি আছিল যে যদি তেওঁলোকে বেয়া কামবোৰ কৰিবলৈ এৰি নিদিয়ে, তেন্তে যিহোৱাই তেওঁলোকক ত্যাগ কৰিব (২ৰাজা ২৪:২, ৩; w০১ ২/১ ১৮ ¶২)
যিহোৱাই খ্ৰীষ্টপূৰ্ব ৬০৭-ত বাবিলৰ লোকসকলৰ যোগেদি যিৰূচালেমক ধ্বংস কৰিলে (২ৰাজা ২৫:৮-১০; w০৭-HI ৪/১ ১১ ¶১০)
যিহোৱাৰ সাৱধানবাণীত মন দিয়া লোকসকলক তেওঁ ৰক্ষা কৰিলে (২ৰাজা ২৫:১১)
আমাৰ সময়তো যিহোৱাই বহু বছৰৰ পৰা জগতৰ লোকসকলক সাৱধানবাণী দি আছে যে তেওঁ “ভক্তিহীন” মানুহবিলাকক শাস্তি দিব।—২পিত ৩:৭.
নিজকে সোধক: ‘মই সুযোগ বিচাৰি ঈশ্বৰৰ সাৱধানবাণীৰ ওপৰত ধ্যান দিবলৈ লোকসকলক সহায় কৰোঁনে?’—২তীম ৪:২.