Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

বাইবেলৰ সিদ্ধান্ত মনত ৰাখি নিজৰ লʼৰা-ছোৱালীক শিকাওক

বাইবেলৰ সিদ্ধান্ত মনত ৰাখি নিজৰ লʼৰা-ছোৱালীক শিকাওক

খ্ৰীষ্টান পিতৃ-মাতৃসকলে তেওঁলোকৰ লʼৰা-ছোৱালীয়ে যিহোৱাৰ সেৱা কৰাটো বিচাৰে, যাতে তেওঁলোকে আনন্দত থাকে আৰু আশীৰ্বাদ লাভ কৰে। সেইবাবে, তেওঁলোকে নিজৰ লʼৰা-ছোৱালীক ভালদৰে শিকাবলৈ বাইবেলৰ কিছুমান সিদ্ধান্ত মনত ৰাখিব পাৰে।—হিতো ২২:৬.

  • লʼৰা-ছোৱালীক মন খুলি কথা কʼবলৈ সুযোগ দিয়ক।—যাকো ১:১৯

  • লʼৰা-ছোৱালীৰ বাবে ভাল উদাহৰণ ৰাখক।—দ্বিতী ৬:৬

  • উপাসনাৰ লগত জড়িত কামবোৰত লাগি থাকক।—ইফি ৬:৪

তিষ্ঠি থাকিব পৰা এখন ঘৰ নিৰ্মাণ কৰক—সন্তানক “তাৰ চলিব লগীয়া পথ অনুসাৰে শিক্ষা” দিয়ক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • মা-দেউতাসকলে কেনেকৈ ভাবি-চিন্তি কাম কৰিব পাৰে?

  • মা-দেউতাসকলে যাকোব ১:১৯ পদত দিয়া সিদ্ধান্ত কেনেকৈ মানি চলিব পাৰে?

  • যেতিয়া সমস্যা আহে, তেতিয়া মা-দেউতাসকলে কি কৰিব পাৰে?