Skip to content

Skip to table of contents

জানুৱাৰী ৮-১৪

ইয়োব ৩৪-৩৫

জানুৱাৰী ৮-১৪

গীত ৩০ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. ভাল লোকসকলৰ লগত বেয়াহে হয় বুলি অনুভৱ হʼলে

(১০ মি.)

যিহোৱাই কেতিয়াও অন্যায় নকৰে বুলি মনত ৰাখক (ইয়ো ৩৪:১০; wp১৯.১-HI ৮ ¶২)

দুষ্ট লোকসকলে তেওঁলোকৰ কামৰ বাবে শাস্তি পোৱা নাই বুলি অনুভৱ হʼব পাৰে কিন্তু যিহোৱাৰ পৰা তেওঁলোকে বাচিব নোৱাৰে (ইয়ো ৩৪:২১-২৬; w১৭.০৪-HI ১০ ¶৫)

অন্যায় সহন কৰা লোকসকলক সহায় কৰাৰ আটাইতকৈ ভাল উপায় হৈছে তেওঁলোকক যিহোৱাৰ বিষয়ে শিকোৱা (ইয়ো ৩৫:৯, ১০; মথি ২৮:১৯, ২০; w২১.০৫ ৬-৭ ¶১৯-২০)

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • ইয়ো ৩৫:৭—যেতিয়া ইলীহূৱে ইয়োবক সুধিলে যে “[ঈশ্বৰে] তোমাৰ হাতৰ পৰা কি গ্ৰহণ কৰিব?” তেতিয়া তেওঁ কোৱাৰ অৰ্থ কি আছিল? (w১৭.০৪-HI ২৯ ¶৩)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন আগবঢ়াব বিচাৰে?

৩. বাইবেল পাঠ

(৪ মি.) ইয়ো ৩৫:১-১৬ (শিক্ষা অধ্যায় ১০)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ঘৰে-ঘৰে প্ৰচাৰ। গৃহস্থক সোধক যে তেওঁ বাইবেল অধ্যয়ন কৰিব বিচাৰেনে। (লোকসকলক প্ৰেম কৰক পাঠ ১০ ভাগ ৩)

৫. কথা-বতৰা আৰম্ভ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। এজন ব্যক্তিৰ সৰু লʼৰা-ছোৱালী আছে। jw.org-ত লʼৰা-ছোৱালীৰ বাবে দিয়া ভাল পৰামৰ্শ কেনেকৈ বিচাৰিব পাৰে তাৰ বিষয়ে তেওঁক জনাওক। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৪)

৬. বাইবেল অধ্যয়ন কৰক

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত ৫৮

৭. আপুনি সুযোগ বিচাৰি ‘প্ৰচাৰ কৰিবলৈ’ সদায় সাজু থাকে নে?

(১৫ মি.) আলোচনা।

পৌলে তীমথিয়ক “তুমি বাক্য ঘোষণা কৰা; সময়ত আৰু অসময়তো উৎসাহী হোৱা” বুলি কৈছিল। (২ তীম ৪:১, ২) ইয়াত যি গ্ৰীক ক্ৰিয়াৰ অনুবাদ “সময়ত আৰু অসময়তো উৎসাহী হোৱা” বুলি কৰা হৈছে, তাৰ ব্যৱহাৰ এনে এজন সৈনিক বা প্ৰহৰীৰ বাবে কৰা হয় যি যুদ্ধৰ বাবে সদায় সাজু হৈ থাকে। ঠিক সেইদৰে আমিও লোকসকলক প্ৰচাৰ কৰিবলৈ সদায় সাজু হৈ থাকোঁ। যেতিয়াই আমি কাৰোবাৰ লগত কথা পাতিবলৈ সুযোগ পাওঁ, তেতিয়া আমি তেওঁলোকক প্ৰচাৰ কৰিবলৈ চেষ্টা কৰোঁ।

আমি যিহোৱাক বহুত প্ৰেম কৰোঁ আৰু তেওঁ আমাৰ বাবে যি কৰিলে, তাৰ বাবে আমি বহুত কৃতজ্ঞ। এই কথাই আমাক তেওঁৰ ভাল গুণবোৰ আনক জনাবলৈ উৎসাহিত কৰে।

গীতমালা ৭১:৮ পঢ়ক তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

যিহোৱাৰ বিষয়ে কি কথা আপোনাক আনক জনাবলৈ ভাল লাগে?

আমি লোকসকলক প্ৰেম কৰোঁ, সেইবাবে আমি প্ৰচাৰ কৰিবলৈ সুযোগ বিচাৰি থাকোঁ।

শ শ লোকে সত্য পালে ভিডিঅʼখন দেখুৱাওক তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

  •   সুযোগ বিচাৰি প্ৰচাৰ কৰাৰ বাবে শ শ লোকে কেনেকৈ সত্য পালে?

  •   যিসকল লোকে আগতে গীৰ্জালৈ গৈছিল কিন্তু যেতিয়া তেওঁলোকে সত্য শিকিলে, তেতিয়া তেওঁলোকৰ কি লাভ হʼল?

  • লোকসকলৰ প্ৰতি থকা প্ৰেমে আমাক সুযোগ বিচাৰি প্ৰচাৰ কৰিবলৈ কিয় উৎসাহিত কৰে?

  • লোকসকলে যাতে যিহোৱাৰ বিষয়ে জানিব পাৰে, তাৰ বাবে সুযোগ বিচাৰি প্ৰচাৰ কৰাটো কিয় এটা ভাল উপায় হয়?

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত ১৩৫ আৰু প্ৰাৰ্থনা