Skip to content

Skip to table of contents

জানুৱাৰী ২০-২৬

গীতমালা ১৩৮-১৩৯

জানুৱাৰী ২০-২৬

গীত নং ৯৩ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. ভয় কৰি পিছ নুহুকিব

(১০ মি.)

আমি সম্পূৰ্ণ মনেৰে যিহোৱাৰ প্ৰশংসা কৰিব বিচাৰোঁ (গীত ১৩৮:১)

যেতিয়া আপোনাক সভাত উত্তৰ দিবলৈ ভয় লাগে, তেতিয়া যিহোৱাক সহায় বিচাৰক (গীত ১৩৮:৩)

এনেধৰণৰ ভয় ভাল হয় (গীত ১৩৮:৬; w১৯.০১-HI ১০-১১ ¶১০)

পৰামৰ্শ: সৰুকৈ উত্তৰ দিয়া। এইদৰে আপোনাৰ চিন্তা কম হʼব।—w২৩.০৪ ২১ ¶৭.

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ১৩৯:২৩, ২৪—এই পদৰ অনুসৰি আমি যিহোৱালৈ কি প্ৰাৰ্থনা কৰা উচিত? (w২০.০৫ ২৯ ¶১২)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ১৩৯:১-১৮ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। (লোকসকলক প্ৰেম কৰক পাঠ ২ ভাগ ৩)

৫. বাইবেল অধ্যয়ন কৰক

(৪ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। ব্যক্তিজনক সোধক যে তেওঁ বাইবেল অধ্যয়ন কৰিব বিচাৰেনে, যদি বিচাৰে তেনেহʼলে এয়া কেনেকৈ কৰে তাৰ বিষয়ে জনাওক। (লোকসকলক প্ৰেম কৰক পাঠ ১০ ভাগ ৩)

৬. ভাষণ

(৫ মি.) w২৪.০৪ ১৪-১৭ ¶১, ৪-১০—বিষয়: মই মোৰ লাজুকীয়া স্বভাৱ কেনেকৈ দূৰ কৰিব পাৰোঁ? (শিক্ষা অধ্যায় ১৬)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ৫৯

৭. লাজুকীয়া স্বভাৱ হোৱাৰ সত্ত্বেও আপুনি যিহোৱাৰ সেৱাত আনন্দ পাব পাৰে

(১৫ মি.) আলোচনা।

আপুনি লাজুকীয়া স্বভাৱৰ হয় নে? আনে আপোনাৰ ওপৰত ধ্যান নিদিয়াটো বিচাৰে নে? আনৰ লগত কথা পতাৰ বিষয়ে ভাবিয়ে ভয় লাগে নে? বহু বাৰ লোকসকলে লাজুকীয়া স্বভাৱৰ হোৱাৰ বাবে সেই কাম কৰিবলৈ ভয় কৰে যি তেওঁলোকে কৰিব বিচাৰে। কিন্তু বহুতো খ্ৰীষ্টানে লাজুকীয়া স্বভাৱৰ ওপৰত জয় লাভ কৰিছে। সেইবাবে, তেওঁলোকে বাইবেলৰ বিষয়ে আনক জনোৱাৰ লগতে প্ৰচাৰ কৰিও আনন্দ লাভ কৰে। আমি তেওঁলোকৰ পৰা কি শিকিব পাৰোঁ?

লাজুকীয়া স্বভাৱৰ হোৱাৰ সত্ত্বেও মই সম্পূৰ্ণ মনেৰে সেৱা কৰিলোঁ ভিডিঅʼখন দেখুৱাওক তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • ভনী লীয়ে আইতাই কোৱা “মনে-প্ৰাণে যিহোৱাৰ সেৱা কৰা” এই কথা যেতিয়া পালন কৰিলে, তেতিয়া তাইৰ কি লাভ হʼল?

বাইবেলত কোৱা হৈছে যে মোচি, যিৰিমিয়া আৰু তীমথিয় হয়তো লাজুকীয়া স্বভাৱৰ আছিল। (যাত্ৰা ৩:১১; ৪:১০; যিৰি ১:৬-৮; ১ তীম ৪:১২) তথাপিও, যিহোৱাৰ সহায়ত তেওঁলোকে ডাঙৰ ডাঙৰ কাম কৰিব পাৰিলে। (যাত্ৰা ৪:১২; যিৰি ২০:১১; ২ তীম ১:৬-৮)

যিচয়া ৪৩:১, ২ পঢ়ক তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

  • যিহোৱাই নিজৰ লোকসকলক কি প্ৰতিজ্ঞা কৰিছে?

আজি যিহোৱাই নিজৰ লোকসকলক কেনেকৈ সহায় কৰি আছে, যাতে তেওঁৰ সেৱাত আনন্দ উপভোগ কৰিব পাৰে?

বহুতো আনন্দ কঢ়িয়াই অনা পদক্ষেপ— এক আভাস ভিডিঅʼখন দেখুৱাওক তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

  • ভনী জেকচনে যিহোৱাই তেওঁক প্ৰচাৰ কৰিবলৈ শক্তি আৰু সহায় দিয়ে বুলি কেনেকৈ অনুভৱ কৰিলে?

  • এজন লাজুকীয়া ব্যক্তিয়ে প্ৰচাৰ কৰিলে তেওঁৰ কি লাভ হয়?

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ১৫১ আৰু প্ৰাৰ্থনা