Skip to content

Skip to table of contents

জানুৱাৰী ২৭–ফেব্ৰুৱাৰী ২

গীতমালা ১৪০-১৪৩

জানুৱাৰী ২৭–ফেব্ৰুৱাৰী ২

গীত নং ৪৪ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. প্ৰাৰ্থনাৰ অনুসৰি পদক্ষেপ লওক

(১০ মি.)

পৰামৰ্শ পালন কৰিবলৈ সাজু থাকক (গীত ১৪১:৫; w২২.০২ ১২ ¶১৩-১৪)

অতিতত যিহোৱাই কেনেকৈ নিজৰ লোকসকলক আৰু আপোনাক সহায় কৰিছিল তাৰ বিষয়ে চিন্তা কৰক (গীত ১৪৩:৫; w১০-HI ৩/১৫ ৩২ ¶৪)

পৰিস্থিতিক যিহোৱাৰ দৃষ্টিৰে চাবলৈ চেষ্টা কৰক (গীত ১৪৩:১০; w১৫-HI ৩/১৫ ৩২ ¶২)

গীতমালা ১৪০–১৪৩ অধ্যায়ত দায়ূদে যিহোৱাৰ পৰা সহায় বিচাৰিলে, তাৰ বিষয়ে কোৱা হৈছে। লগতে প্ৰাৰ্থনা কৰাৰ পাছত কি কি পদক্ষেপ ললে তাৰ বিষয়েও কোৱা হৈছে।

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ১৪১:২—আমি হৃদয়ৰপৰা প্ৰাৰ্থনা কৰিলে যিহোৱাক কেনে লাগে? (w২২.০৩ ২১ ¶৭)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ১৪১:১-১০ (শিক্ষা অধ্যায় ১২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। ব্যক্তিজনক সহায় কৰাৰ পাছত বাইবেলৰ কোনো এটা বিষয়ৰ ওপৰত কথা পাতক। (লোকসকলক প্ৰেম কৰক পাঠ ৩ ভাগ ৫)

৫. পুনৰ লগ কৰক

(৩ মি.) ৰাজহুৱাভাৱে প্ৰচাৰ। ব্যক্তিজনে কয় যে তেওঁৰ ওচৰত এতিয়া সময় নাই। (লোকসকলক প্ৰেম কৰক পাঠ ৭ ভাগ ৩)

৬. আপুনি কি বিশ্বাস কৰে বুজাওক

(৫ মি.) প্ৰদৰ্শন। এক অনন্ত জীৱন! পাঠ ৩৯, পৰিচয় আৰু ভাগ ১-২—বিষয়: যিহোৱাৰ সাক্ষীসকলে কিয় তেজ ব্যৱহাৰ নকৰে? (শিক্ষা অধ্যায় ৭)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ১৪১

৭. কোনো চিকিৎসা বা চাৰ্জাৰিৰ বিষয়ে সঠিক নিৰ্ণয় লʼবলৈ এতিয়াৰে পৰা তৈয়াৰী কৰক

(১৫ মি.) আলোচনা।

যিহোৱাই প্ৰতিজ্ঞা কৰিছে যে তেওঁ “সঙ্কটৰ কালত তেওঁক বিচৰামাত্ৰে পাব পৰা ঈশ্বৰ” হয়। (গীত ৪৬:১) যেতিয়া আমাৰ কিবা চিকিৎসা বা চাৰ্জাৰি কৰাৰ প্ৰয়োজন হয়, তেতিয়া আমি চিন্তিত হʼব পাৰোঁ। এনে পৰিস্থিতি অহাৰ আগৰে পৰা যিহোৱাই আমাক সাজু কৰে। যেনে, তেওঁ নিজৰ সংগঠনৰ জৰিয়তে এডভান্ছ হেল্থ কেয়াৰ ডাইৰেক্টিভ (DPA কাৰ্ড), আইডেনটিটি কাৰ্ড a আৰু চিকিৎচাৰ লগত জড়িত আন তথ্যবোৰ b তৈয়াৰ কৰাইছে। তেওঁৰ সংগঠনে চিকিৎসালয় যোগোযোগ সমিটিৰ (এইচ.এল.চি.) ব্যৱস্থাও কৰিছে। ইয়াৰ সহায়ত আমি তেজৰ বিষয়ে ঈশ্বৰৰ নিয়ম পামন কৰিব পাৰোঁ।—পাঁচ ১৫:২৮, ২৯.

চিকিৎসাৰ লগত জড়িত সমস্যাবোৰ সন্মুখীন হʼবলৈ আপুনি সাজু আছে নে? ভিডিঅʼখন দেখুৱাওক তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

  • DPA কাৰ্ড পূৰ কৰি ৰখাৰ বাবে কিছুমান ভাই-ভনীসকলৰ কি লাভ হʼল?

  • গৰ্ভৱতী ভনীসকলৰ বাবে তথ্যৰ (S-401) পৰা বহুতো ভাই-ভনীয়ে কেনেকৈ লাভৱান?

  • যেতিয়াই আপোনাক হস্পিতালত ভৰ্তি হʼবলগীয়া হয় বা কোনো চাৰ্জাৰি বা থেৰাপি কৰিবলগীয়া হয়, যেনে কেন্সাৰৰ লগত জড়িত থেৰাপি, তেতিয়া অতি সোনকালে এইচ.এল.চি.-ৰ ভাইসকলক যোগাযোগ কৰক। তেজৰ লগত জড়িত কোনো সমস্যা নহʼব বুলি অনুভৱ হʼলেও এইদৰে কৰক। এই পৰামৰ্শ পালন কৰাটো কিয় ভাল হʼব?

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ১০৩ আৰু প্ৰাৰ্থনা

a বাপ্তিষ্মা লোৱা প্ৰচাৰকে সাহিত্য সেৱকৰ পৰা DPA কাৰ্ড লʼব পাৰে। যদি তেওঁলোকৰ সৰু লʼৰা-ছোৱালী আছে, তেনেহʼলে তেওঁলোকে আইডেনটিটি কাৰ্ড লʼব পাৰে।

b প্ৰয়োজন হʼলে আপুনি প্ৰাচীনসকলৰ পৰা এইবোৰৰ মাজৰ কোনো এখন ফৰ্ম বিচাৰিব পাৰে। গৰ্ভৱতী ভনীসকলৰ বাবে তথ্য (S-401), এনে ৰোগীসকলৰ বাবে তথ্য যিসকলে অপাৰেচন বা কিমʼ থেৰাপি কৰাৰ প্ৰয়োজন আছে (S-407) আৰু পিতৃ-মাতৃসকলৰ বিষয়ে তথ্য যিসকলে নিজৰ সন্তানৰ চিকিৎসা কৰাৰ প্ৰয়োজন আছে (S-55)।