Skip to content

Skip to table of contents

জানুৱাৰী ৬-১২

গীতমালা ১২৭-১৩৪

জানুৱাৰী ৬-১২

গীত নং ১৩৪ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)

ঈশ্বৰৰ বাক্যৰ পৰা অমূল্য জ্ঞান

১. পিতৃ-মাতৃসকল—নিজৰ লʼৰা-ছোৱালীৰ যত্ন লৈ থাকক

(১০ মি.)

পিতৃ-মাতৃসকল ভৰসা ৰাখক যে পৰিয়ালৰ প্ৰয়োজনীয়তা পূৰ কৰিবলৈ যিহোৱাই আপোনাক নিশ্চয় সহায় কৰিব (গীত ১২৭:১, ২)

লʼৰা-ছোৱালী, যিহোৱাই দিয়া আধিপত্য (গীত ১২৭:৩; w২১.০৮ ৫ ¶৯)

প্ৰতিজন লʼৰা-ছোৱালীৰ প্ৰয়োজনীয়তা বেলেগ, সেইবাবে তাৰ অনুসৰি শিকাওক (গীত ১২৭:৪; w১৯.১২-HI ২৬-২৭ ¶২০)

পিতৃ-মাতৃয়ে যেতিয়া নিজন লʼৰা-ছোৱালীৰ যত্ন লʼবলৈ যিহোৱাৰ ওপৰত ভৰসা কৰে, তেতিয়া যিহোৱা বহুত আনন্দিত হয়

২. আধ্যাত্মিক ৰত্ন বিচাৰক

(১০ মি.)

  • গীত ১৩১:১, ২—এই পদৰ পৰা পিতৃ-মাতৃয়ে কি শিকিব পাৰে? (w২১.০৭ ২২ ¶৬)

  • এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?

৩. বাইবেল পাঠ

(৪ মি.) গীত ১৩২:১-১৮ (শিক্ষা অধ্যায় ২)

ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক

৪. কথা-বতৰা আৰম্ভ কৰক

(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৩)

৫. কথা-বতৰা আৰম্ভ কৰক

(৪ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। গৃহস্থই এনে কিবা কয় যি বাইবেলৰ শিক্ষাৰ লগত মিল নাখায়। (লোকসকলক প্ৰেম কৰক পাঠ ৫ ভাগ ৪)

৬. বাইবেল অধ্যয়ন কৰক

(৫ মি.) এক অনন্ত জীৱন! পাঠ ১৬ ভাগ ৪-৫. নিজৰ বিদ্যাৰ্থীৰ লগত কথা পাতক যে অহা সপ্তাহ যেতিয়া আপুনি নাথাকিব, তেতিয়া তেওঁৰ অধ্যয়ন কেনেকৈ হʼব। (লোকসকলক প্ৰেম কৰক পাঠ ১০ ভাগ ৪)

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

গীত নং ১৩

৭. পিতৃ-মাতৃসকল—নিজৰ উদাহৰণৰ পৰা লʼৰা-ছোৱালীক শিকাওক

(১৫ মি.) আলোচনা।

যিহোৱাৰ সংগঠনে বহুতো লেখ, কিতাপ-পত্ৰিকা আৰু ভিডিঅʼ তৈয়াৰ কৰিছে, যাৰ যোগেদি পিতৃ-মাতৃসকলে নিজৰ লʼৰা-ছোৱালীক যিহোৱাৰ বিষয়ে শিকাব পাৰে। কিন্তু লʼৰা-ছোৱালীক শিকোৱাৰ আটাইতকৈ ভাল উপায় হৈছে তেওঁলোকৰ ভাল উদাহৰণ।—দ্বিতী ৬:৫-৯.

যীচুৱেও নিজৰ শিষ্যসকলক শিকাবলৈ এই উপায়ে ব্যৱহাৰ কৰিছিল।

যোহন ১৩:১৩-১৫ পঢ়ক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্ন সোধক:

  • যীচুৱে যিদৰে নিজৰ উদাহৰণৰ পৰা শিকালে এয়া প্ৰভাৱশালী আছিল বুলি আপুনি কিয় ভাবে?

পিতৃ-মাতৃসকল কিবা কোৱাৰ পৰিৱৰ্তে যদি কৰি দেখুৱাই, তেনেহʼলে আপোনাৰ সন্তান বেছিকৈ শিকিব। আপোনাৰ ভাল উদাহৰণ চায় লʼৰা-ছোৱালীয়ে আপোনাৰ কথা শুনিব আৰু মানি চলিব।

নিজৰ সন্তানৰ বাবে ভাল উদাহৰণ ৰাখক ভিডিঅʼখন দেখুৱাওক তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:

  • ভাই আৰু ভনী গাৰ্চিয়াই নিজৰ ছোৱালী কেইজনীক কি বিশেষ কথা শিকালে?

  • আপুনি নিজৰ লʼৰা-ছোৱালীৰ বাবে ভাল উদাহৰণ বজাই ৰখাৰ বিষয়ে এই ভিডিঅʼৰ পৰা কি শিকিলে?

৮. মণ্ডলীৰ বাইবেল অধ্যয়ন

সমাপ্তিৰ মন্তব্য (৩ মি.) | গীত নং ৭৩ আৰু প্ৰাৰ্থনা