ফেব্ৰুৱাৰী ২৪–মাৰ্চ ২
হিতোপদেশ ২
গীত নং ৩৫ আৰু প্ৰাৰ্থনা | আৰম্ভণিৰ মন্তব্য (১ মি.)
১. আমি কিয় সম্পূৰ্ণ মনেৰে অধ্যায়ন কৰা উচিত?
(১০ মি.)
সত্য আমাৰ কাৰণে কিমান মূল্যবান এইদৰে আমি দেখুৱাব পাৰোঁ (হিতো ২:৩, ৪; w২২.০৮ ১৮-১৯ ¶১৬)
এইদৰে আমি সঠিক নিৰ্ণয় লʼব পাৰিম (হিতো ২:৫-৭; w২২.১০ ১৯ ¶৩-৪)
এইদৰে আমাৰ বিশ্বাস মজবুত হʼব (হিতো ২:১১, ১২; w১৬.০৯-HI ২৩-২৪ ¶২-৩)
নিজকে সোধক, ‘মই কেনেকৈ আৰু ভালদৰে আৰু নিয়মীয়াকৈ ব্যক্তিগত অধ্যয়ন কৰিব পাৰোঁ?’
২. আধ্যাত্মিক ৰত্ন বিচাৰক
(১০ মি.)
-
হিতো ২:৪-৬—অধ্যয়ন কৰাৰ কোনটো পদ্ধতি আপুনি ভাল পায়? (w২২.০৮ ১৮-১৯ ¶১৬)
-
এই সপ্তাহৰ বাইবেল পাঠৰ পৰা আপুনি কি কি আধ্যাত্মিক ৰত্ন লাভ কৰিলে?
৩. বাইবেল পাঠ
(৪ মি.) হিতো ২:১-২২ (শিক্ষা অধ্যায় ১২)
৪. কথা-বতৰা আৰম্ভ কৰক
(৪ মি.) ঘৰে-ঘৰে প্ৰচাৰ। গৃহস্থক jw.org-ত বিবাহিত দম্পতীসকলৰ বাবে দিয়া ভাল পৰামৰ্শ কেনেকৈ বিচাৰিব পাৰে তাৰ বিষয়ে জনাওক। (লোকসকলক প্ৰেম কৰক পাঠ ১ ভাগ ৩)
৫. পুনৰ লগ কৰক
(৩ মি.) সুযোগ বিচাৰি প্ৰচাৰ কৰক। যোৱাবাৰ গৃহস্থই যি বিষয়ত আগ্ৰহ দেখুৱাইছিল, সেই বিষয়তে এখন পত্ৰিকা দেখুৱাওক। (লোকসকলক প্ৰেম কৰক পাঠ ৯ ভাগ ৩)
৬. ভাষণ
(৫ মি.) লোকসকলক প্ৰেম কৰক আন কিছুমান পৰামৰ্শ ক ভাগ ৮—বিষয়: স্বামী আৰু স্ত্ৰীয়ে এজনে-আনজনৰ বিশ্বাসী হৈ থকা উচিত। (শিক্ষা অধ্যায় ১৩)
গীত নং ৯৬
৭. লʼৰা-ছোৱালীসকল, আপোনালোকে লুকাই থকা ৰত্ন উলিয়াব বিচাৰে নে?
(১৫ মি.) আলোচনা।
পৃথিৱীৰ আটাইতকৈ বহুমূল্য ৰত্ন হৈছে, যিহোৱাৰ বিষয়ে জনা। এয়া আমি কেৱল বাইবেলত হে পাম। (হিতো ২:৪, ৫) সেইবাবে লʼৰা-ছোৱালীসকল, ইয়াক বিচাৰিবলৈ আপুনি নিয়মীয়াকৈ বাইবেল পঢ়িব লাগিব আৰু যি পঢ়ে, তাৰ বিষয়ে অনুসন্ধান কৰিব লাগিব। এইদৰে কৰিলে আপুনি বহুত কিছু শিকিব পাৰিব আৰু আপোনাৰ ভাল লাগিব।
-
বাইবেল পঢ়াৰ সময়ত আপুনি নিজকে কি কি প্ৰশ্ন সুধিব পাৰে? (w২৪.০২ ৩২ ¶২-৩)
-
প্ৰশ্নবোৰৰ উত্তৰ আপুনি কʼত বিচাৰিব পাৰে?
যিহোৱাৰ বন্ধুসকলৰ পৰা শিকক ভাগত দিয়া ভিডিঅʼ পৰা আপুনি শিকিব পাৰে যে আপুনি বাইবেলত যি পঢ়ে তাৰ ওপৰত কেনেকৈ মনন কৰিব পাৰে।
যিহোৱাৰ বন্ধুসকলৰ পৰা শিকক —হেবল ভিডিঅʼখন দেখুৱাওক।
আদিপুস্তক ৪:২-৪; ইব্ৰী ১১:৪ পঢ়ক। তাৰ পাছত শ্ৰোতাসকলক এই প্ৰশ্নবোৰ সোধক:
-
হেবলে কেনেকৈ দেখুৱালে যে তেওঁ যিহোৱাৰ বন্ধু হয়?
-
যিহোৱাৰ ওপৰত নিজৰ বিশ্বাস বঢ়াবলৈ হেবলে কি কৰিলে?
-
যিহোৱাৰ ওপৰত নিজৰ বিশ্বাস বঢ়াবলৈ আপুনি কি কৰিব পাৰে?
৮. মণ্ডলীৰ বাইবেল অধ্যয়ন
(৩০ মি.) w২১.১১ ১৬-১৮ ¶৮-১৩