Skip to content

Skip to table of contents

প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক

নিজৰ বাইবেল বিদ্যাৰ্থীক সভাত উপস্থিত থাকিবলৈ উৎসাহিত কৰক

নিজৰ বাইবেল বিদ্যাৰ্থীক সভাত উপস্থিত থাকিবলৈ উৎসাহিত কৰক

মণ্ডলীৰ সভাবোৰ শুদ্ধ উপাসনাৰ এক গুৰুত্বপূৰ্ণ ভাগ হয়। (গীত ২২:২২) যিসকলে যিহোৱাৰ উপাসনা কৰিবলৈ সভাত উপস্থিত হয়, তেওঁলোকে আনন্দ আৰু আশীৰ্বাদ লাভ কৰে। (গীত ৬৫:৪) যেতিয়া বাইবেল বিদ্যাৰ্থীয়ে নিয়মীয়াকৈ সভালৈ আহে, তেতিয়া তেওঁলোকে সোনকালে উন্নতি কৰে।

আপোনাৰ বাইবেল বিদ্যাৰ্থীয়ে যাতে সভালৈ আহে, তাৰ বাবে আপুনি কি কৰিব পাৰে? তেওঁক সভালৈ মাতি থাকক। যিহোৱাৰ সাক্ষীসকলৰ ৰাজ্যগৃহত কি হয়? নামৰ ভিডিঅʼখন দেখুৱাওক। সভাত উপস্থিত হʼলে কি লাভ হয়, তাৰ বিষয়ে জনাওক। (এক অনন্ত জীৱন কিতাপৰ পাঠ ১০) আপুনি তেওঁক যোৱা সপ্তাহৰ সভাত শিকা কথাবোৰ জনাব পাৰে বা অহা সপ্তাহৰ সভাৰ কিছুমান কথা জনাব পাৰে। সভাত আলোচনা কৰা প্ৰকাশন বিদ্যাৰ্থীক দিয়ক। আপুনি তেওঁক নিজৰ লগত ৰাজ্যগৃহতো লৈ যাব পাৰে। বিদ্যাৰ্থীক প্ৰথমবাৰ সভালৈ আনিবলৈ আপুনি যি পৰিশ্ৰম কৰিব, সেয়া ব্যৰ্থ নহʼব।—১কৰি ১৪:২৪, ২৫.

নিজৰ বাইবেল বিদ্যাৰ্থীক সভাত উপস্থিত থাকিবলৈ উৎসাহিত কৰক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • নিতাই কোনটো সুযোগ লৈ গ্ৰেচক সভালৈ মাতিছিল?

  • আমাৰ বিদ্যাৰ্থীয়ে সভালৈ আহিলে আমি কিয় আনন্দিত হওঁ?

  • “তোমালোকৰ মাজত ঈশ্বৰ আছে”

    যেতিয়া গ্ৰেচে প্ৰথমবাৰ সভালৈ আহিছিল, তেতিয়া তাই কেনে অনুভৱ কৰিছিল?