খ্ৰীষ্টান হিচাপে জীৱন-যাপন
চমূৱেলৰ জীৱনৰপৰা শিক্ষা
চমূৱেলে গোটেই জীৱন যিহোৱাৰ বিশ্বাসী হৈ থাকিল। সৰু থাকোতে তেওঁ এলীৰ পুত্ৰ হফনী আৰু পীনহচৰ নিচিনা দুষ্ট নহʼল। (১চমূ ২:২২-২৬) চমূৱেল ডাঙৰ হোৱা লগে লগে যিহোৱাই তেওঁক সহায় কৰি থাকিল। (১চমূ ৩:১৯) চমূৱেলে বৃদ্ধ বয়সতো যিহোৱাৰ সেৱা কৰি থাকিল। কিন্তু তেওঁৰ পুত্ৰসকলে যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিছিল।—১চমূ ৮:১-৫.
চমূৱেলৰপৰা আপুনি কি শিকিব পাৰে? আপুনিও যদি সৰু হৈ আছে, তেনেহʼলে বিশ্বাস কৰক যে আপুনি কি কি সমস্যাৰ সন্মুখীন হৈ আছে আৰু আপুনি কেনে অনুভৱ কৰিছে, সেয়া যিহোৱাই ভালদৰে জানে। তেওঁ আপোনাক সাহস দিব। (যিচ ৪১:১০, ১৩) যদি আপুনি পিতৃ-মাতৃ হয় আৰু আপোনাৰ লʼৰা-ছোৱালীয়ে যিহোৱাৰ সেৱা কৰিবলৈ এৰি দিছে, তেনেহʼলে চমূৱেলৰ উদাহৰণে আপোনাক সহায় কৰিব পাৰে। মনত ৰাখক যে চমূৱেলে নিজৰ পুত্ৰসকলক যিহোৱাৰ সেৱা কৰিবলৈ হেঁচা দিয়া নাছিল। তেওঁ সকলো যিহোৱাৰ ওপৰত এৰি দিলে আৰু তেওঁ কেনেকৈ যিহোৱাৰ বিশ্বাসী হৈ থাকিব, তাৰ ওপৰত মন দিলে। এইদৰে তেওঁ যিহোৱাক আনন্দিত কৰিলে। আপোনাৰ ভাল উদাহৰণ দেখি হয়তো আপোনাৰ লʼৰা-ছোৱালীয়ে যিহোৱাৰ ওচৰলৈ উভতি আহিব পাৰে।
তেওঁলোকৰপৰা শিকক—চমূৱেল নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:
-
চমূৱেলে সৰুতে কেনেকৈ সাহসেৰে কাম কৰিলে?
-
ডেনিয়ে কেনেকৈ সাহসেৰে কাম কৰিলে?
-
চমূৱেলে বৃদ্ধ অৱস্থাতো কেনেকৈ এটা ভাল উদাহৰণ ৰাখিলে?
-
ডেনিৰ মা-দেউতাই কেনেকৈ এটা ভাল উদাহৰণ ৰাখিলে?