Skip to content

Skip to table of contents

প্ৰচাৰ কাৰ্য্যত আনন্দ উপভোগ কৰক

নিজৰ বাইবেল বিদ্যাৰ্থীক বেয়া সংগতিৰপৰা আঁতৰি থাকিবলৈ শিকাওক

নিজৰ বাইবেল বিদ্যাৰ্থীক বেয়া সংগতিৰপৰা আঁতৰি থাকিবলৈ শিকাওক

যিহোৱাৰ লগত বন্ধুত্ব গঢ়ি তুলিবলৈ হʼলে বাইবেল বিদ্যাৰ্থীয়ে ভাল সংগতি বাছনি কৰিব লাগিব। (গীত ১৫:১, ৪) ভাল বন্ধুৱে ভাল কাম কৰিবলৈ উৎসাহিত কৰে।—হিতো ১৩:২০; এক অনন্ত জীৱন পাঠ ৪৮.

নিজৰ বাইবেল বিদ্যাৰ্থীক ভালদৰে বুজিবলৈ চেষ্টা কৰক। কিয়নো তেওঁলোকৰ বাবে জগতৰ বন্ধুবিলাকক এৰি অহাটো সহজ নহয়। তেওঁলোকৰ লগত অধ্যয়নৰ সময়ত কথা পতাৰ উপৰিও বেলেগ সময়তো কথা পাতক। যেনে, আপুনি তেওঁলৈ মেছেজ কৰিব পাৰে, ফোনত কথা পাতিব পাৰে বা লগ কৰিব পাৰে। তেওঁলোকে আধ্যাত্মিকভাৱে উন্নতি কৰিবলৈ ধৰিলে, তেওঁলোকক আন ভাই-ভনীসকলৰ লগত সময় অতিবাহিত কৰিবলৈ মাতিব পাৰে। এনে কৰিলে তেওঁলোকে পুৰণি বন্ধু হেৰুৱাৰ বাবে দুখ নকৰিব আৰু নতুন বন্ধু পোৱাৰ বাবে আনন্দ কৰিব। (মাৰ্ক ১০:২৯, ৩০) এইদৰে যিহোৱাৰ পৰিয়ালৰ সংখ্যা বাঢ়ি যোৱা দেখি আপুনিও আনন্দিত হʼব।

নিজৰ বাইবেল বিদ্যাৰ্থীক বেয়া সংগতিৰপৰা আঁতৰি থাকিবলৈ শিকাওক নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • বেয়া সংগতিৰ লগত বন্ধুত্ব কৰিলে কি হয়?—১কৰি ১৫:৩৩

  • সত্য খ্ৰীষ্টানসকলৰ সংগতিৰ বিষয়ে গ্ৰেচে কি ভাবিছিল?

  • গ্ৰেচক ভাল লোকসকলৰ লগত বন্ধুত্ব কৰাবলৈ নিতাই কি কৰিলে?