Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

কিশোৰ-কিশোৰীসকল—নিজৰ মনৰ কথা মা-দেউতাক জনাওক

কিশোৰ-কিশোৰীসকল—নিজৰ মনৰ কথা মা-দেউতাক জনাওক

আপুনি নিজৰ মনৰ কথা মা-দেউতাক কিয় জনোৱা উচিত? (হিতো ২৩:২৬) কিয়নো আপোনালোকৰ চোৱা-চিতা কৰিবলৈ আৰু পৰামৰ্শ দিবলৈ যিহোৱাই পিতৃ-মাতৃক দায়িত্ব দিছে। (গীত ১২৭:৩, ৪) যদি আপুনি নিজৰ সমস্যাৰ বিষয়ে পিতৃ-মাতৃক নজনায়, তেনেহʼলে তেওঁলোকে আপোনাক সহায় কৰিব নোৱাৰিব আৰু আপুনি তেওঁলোকৰ অভিজ্ঞতাৰপৰা শিকিব নোৱাৰিব। সকলো কথা মা-দেউতাক খুলি নোকোৱাটো ভুল নহʼবও পাৰে। কিন্তু মনত ৰাখক যে ইয়াৰ যি কথা মা-দেউতাই জনাৰ অধিকাৰ আছে, তেনে কথাবোৰ তেওঁলোকৰপৰা লুকুৱাই নাৰাখিব।—হিতো ৩:৩২.

মা-দেউতাৰ লগত কথা পাতিবলৈ আপুনি কি কৰিব পাৰে? সঠিক সময় বাছনি কৰক। যদি আপোনালোকৰ সময় মিল খোৱা নাই, তেনেহʼলে আপুনি চিঠি লিখি নিজৰ মনৰ কথা কʼব পাৰে। যেতিয়া তেওঁলোকে এনে বিষয়ত কথা পাতিব বিচাৰে, যাৰ বিষয়ে আপুনি কথা পাতিব নিবিচাৰে, তেতিয়া আপুনি কি কৰিব? আপুনি মনত ৰাখিব পাৰে যে তেওঁলোকে আপোনাক সহায় কৰিব বিচাৰে। তেওঁলোক আপোনাৰ শত্ৰু নহয়, বন্ধুহে হয়। আপুনি মা-দেউতাৰ লগত কথা পাতিবলৈ পৰিশ্ৰম কৰিলে আপুনি গোটেই জীৱন লাভৱান হʼব।—হিতো ৪:১০-১২.

মোৰ কিশোৰ জীৱন—মই মা-দেউতাৰ লগত কিদৰে কথা পাতিম? নামৰ ভিডিঅʼখন চাওক। তাৰ পাছত তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়ক:

  • এষ্টেৰ আৰু পাৰতিকে নিজৰ কোনটো ভুল বুজি পালে?

  • আপুনি যীচুৰপৰা কি শিকিব পাৰে?

  • আপোনাৰ মা-দেউতাই আপোনাৰ বাবে কি কি কৰিলে?

  • আপোনাৰ মা-দেউতাই আপোনাৰ ভাল হোৱাটো বিচাৰে

    মা-দেউতাৰ লগত কথা পাতিবলৈ বাইবেলৰ কি কি সিদ্ধান্তই আপোনাক সহায় কৰিব পাৰে?