ঘোষণা কাৰ্য্যত প্ৰয়োগ কৰক
ভাল খবৰ ব্ৰচাৰখন ব্যৱহাৰ কৰি কেনেকৈ বাইবেল অধ্যয়ন কৰিব
-
গৃহস্থই যাতে মূল বিষয়টো ধ্যান দিব পাৰে, তাৰ বাবে ডাঠ আখৰেৰে লিখা প্ৰশ্নটো পঢ়ক।
-
ইয়াৰ পাছত অনুচ্ছেদটো পঢ়ক।
-
হেলনীয়াকৈ লিখা শাস্ত্ৰীয় পদবোৰ পঢ়ক আৰু এই পদবোৰে কেনেকৈ উত্তৰ দিছে, তাক বুজিবলৈ গৃহস্থক কৌশলেৰে প্ৰশ্ন সোধক।
-
যদি প্ৰশ্নৰ লগত এটাতকৈ বেছি অনুচ্ছেদ থাকে, তেনেহ’লে ২ আৰু ৩ উল্লেখ কৰা নিৰ্দেশনা পালন কৰক। যদি প্ৰশ্নৰ লগত জড়িত jw.org কোনো ভিডিঅ’ থাকে, তেনেহ’লে আপুনি আলোচনা কৰাৰ সময়ছোৱাত দেখুৱাব পাৰে।
-
গৃহস্থই মূল বিষয়টো বুজি পাইছেনে নাই, তাক নিশ্চিত কৰিবলৈ আপুনি গৃহস্থক প্ৰশ্নটোৰ উত্তৰ দিবলৈ কওক।