Skip to content

Skip to table of contents

খ্ৰীষ্টান হিচাপে জীৱন-যাপন

সত্য উপাসনাৰ বাবে স্থান নিৰ্মাণ আৰু তদাৰক কৰা আমাৰ দায়িত্ব

সত্য উপাসনাৰ বাবে স্থান নিৰ্মাণ আৰু তদাৰক কৰা আমাৰ দায়িত্ব

ইস্ৰায়েলীসকলৰ মন্দিৰ নিৰ্মাণ কৰিবলৈ যথেষ্ট পৰিশ্ৰম আৰু খৰচ-পাতিৰ প্ৰয়োজন আছিল। ইস্ৰায়েলীসকলে এই নিৰ্মাণ কাৰ্য্যত উৎসাহেৰে ভাগ লৈছিল। (১বং ২৯:২-৯; ২বং ৬:৭, ৮) কিন্ত্ত মন্দিৰ সম্পূৰ্ণ হোৱাৰ পাছত, ইয়াক তদাৰক কৰাৰ যোগেদি ইস্ৰায়েলীসকলে আধ্যাত্মিক ব্যক্তি হয়নে নহয় তাৰ প্ৰমাণ কৰাৰ সুযোগ আছিল। (২ৰাজা ২২:৩-৬; ২বং ২৮:২৪; ২৯:৩) বৰ্তমান সময়তো, যিহোৱাৰ সাক্ষীসকলে ৰাজ্যগৃহ আৰু সন্মিলন গৃহ আদি নিৰ্মাণ, পৰিষ্কাৰ আৰু তদাৰক কৰিবলৈ সময় আৰু শক্তি প্ৰয়োগ কৰে। এইদৰে যিহোৱা ঈশ্বৰৰ লগত কাম কৰা আমাৰ বাবে মহান সুযোগ আৰু ই পবিত্ৰ সেৱাৰ এক ভাগ।—গীত ১২৭:১; প্ৰকা ৭:১৫.

আমি কি কৰিব পাৰোঁ . . .

  • প্ৰতিখন সভাৰ পাছত পৰিষ্কাৰকৈ ৰাখক। যদি আপোনাৰ পৰিস্থিতি সীমিত হয়, তেনেহ’লে অনুগ্ৰহ কৰি আপুনি বহা চকীখনৰ চাৰিওফালে এবাৰ চকু ফুৰাওক আৰু প্ৰয়োজন হ’লে পৰিষ্কাৰ কৰি ৰাখক।

  • নিয়মীয়াকৈ হোৱা ৰাজ্যগৃহৰ পৰিষ্কাৰ আৰু তদাৰক কাৰ্য্যত ভাগ লওক। সকলোৱে মিলিজুলি কৰিলে কাম সহজ হয় আৰু ইয়াত আনন্দও আছে।—lv-E ৯২-৯৩ ¶১৮.

  • আৰ্থিক সাহায্য আগবঢ়াওক। হৃদয়ৰপৰা দিয়া ‘দুই পইচাতকৈও কম মূল্যৰ’ দানে যিহোৱা ঈশ্বৰক আনন্দিত কৰে।—মাৰ্ক ১২:৪১-৪৪.

  • যদি আপোনাৰ পৰিস্থিতিয়ে অনুমতি দিয়ে তেনেহ’লে ৰাজ্যগৃহ, সন্মিলন গৃহ আদিৰ নিৰ্মাণ আৰু মেৰামতি কাৰ্য্যত যোগদান কৰক। এনে কাৰ্য্যৰ বাবে আপোনাৰ কোনো অভিজ্ঞতা থকাৰ প্ৰয়োজন নাই।